‘ভগৱান শিৱ’ৰ দিন সোমবাৰে ক্ৰয় কৰিব নালাগে এইসমূহ সামগ্ৰী, অন্যথা হ’ব পাৰে সমস্যা

জ্যোতিষত সোমবাৰৰ বাবে কিছু বিশেষ নিয়ম কোৱা হৈছে। সোমবাৰৰ দিনটোত কিছু বস্তু ক্ৰয় কৰা নিষিদ্ধ বুলি কোৱা হয়। সোমবাৰে কি কি বস্তু কয় কৰিব নালাগে, চাওঁ আহক।

‘ভগৱান শিৱ’ৰ দিন সোমবাৰে ক্ৰয় কৰিব নালাগে এইসমূহ সামগ্ৰী, অন্যথা হ’ব পাৰে সমস্যা

ভগৱান শিৱৰ দিন সোমবাৰ

Published: 

11 Aug 2025 | 07:15 AM

হিন্দু ধৰ্মাৱলম্বী লোকসকলে সপ্তাহৰ প্ৰায় প্ৰতিটো দিনতে কিছুমান নীতি-নিয়ম মানি চলে। নিজৰ জীৱন সুকলমে আগবঢ়াই নিয়াৰ বাবে এনে নীতি-নিয়মসমূহ মানি চলাটো প্ৰয়োজনীয় বুলি সততে কোৱা হয়। সপ্তাহৰ প্ৰথমটো দিন সোমবাৰটো হিন্দু ধৰ্মত ভগৱান শিৱৰ নামত উৎসৰ্গা কৰা হয়। জ্যোতিষত সোমবাৰৰ বাবে কিছু বিশেষ নিয়ম কোৱা হৈছে। শিৱভক্তসকলে সোমবাৰৰ দিনটোত এই নীতি-নিয়মসমূহ সাধ্যানুসাৰে পালন কৰে। এই দিনটোত কিছু বস্তু ক্ৰয় কৰা নিষিদ্ধ বুলি কোৱা হয়। সোমবাৰে কি কি বস্তু কয় কৰিব নালাগে, চাওঁ আহক।

শস্যঃ ধৰ্মীয় বিশ্বাস অনুসৰি সোমবাৰৰ দিনটোত কোনো শস্য ক্ৰয় কৰিব নালাগে। সোমবাৰে শস্য ক্ৰয় কৰিলে ঘৰখনলৈ নেতিবাচক শক্তি আহিব পাৰে বুলি বিশ্বাস কৰা হয়।

শিল্প সম্পৰ্কীয় বস্তুঃ জ্যোতিষৰ মতে শিল্প সম্পৰ্কীয় বস্তু যেনে ৰং, ব্ৰাছ, বাদ্যযন্ত্ৰ সোমবাৰে ক্ৰয় কৰিব নালাগে। লগতে অধ্যয়ন সম্পৰ্কীয় সামগ্ৰী যেনে বহী-কিতাপ, কলম, পেঞ্চিল আদিও সোমবাৰে ক্ৰয় কৰিব নালাগে।

ক্ৰীড়া সম্পৰ্কীয় বস্তুঃ সোমবাৰে ক্ৰীড়া সম্পৰ্কীয় বস্তু ক্ৰয়ৰ পৰা বিৰত থাকিব লাগে বুলি জ্যোতিষে কয়। সোমবাৰে ক্ৰীড়া সম্পৰ্কীয় বস্তু ক্ৰয় কৰিলে নেতিবাচক শক্তি বৃদ্ধি পাব পাৰে বুলি ধৰ্মীয় বিশ্বাস প্ৰচলিত।

বৈদ্যুতিক সামগ্ৰীঃ জ্যোতিষৰ মতে সোমবাৰে ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰাটোও অশুভ হিচাপে গণ্য কৰা হয়। সোমবাৰে ইলেক্ট্ৰনিক সামগ্ৰী ক্ৰয় কৰিলে ভগৱান শিৱ ক্ষুব্ধ হয় বুলি ধৰ্মীয় বিশ্বাস আছে।

ঝাড়ুঃ সপ্তাহৰ প্ৰথম দিন অৰ্থাৎ সোমবাৰে ঝাড়ু ক্ৰয়ৰ পৰা বিৰত থাকিব লাগে। বাস্তু শাস্ত্ৰ মতে সোমবাৰে ঝাড়ু ক্ৰয় কৰিলে ঘৰত আৰ্থিক সংকটৰ সৃষ্টি হ’ব পাৰে।

লোহাঃ সোমবাৰে লোহা ক্ৰয় কৰাটো অশুভ হিচাপে গণ্য কৰা হয়। সোমবাৰ চন্দ্ৰৰ দিন আৰু লোৰ সম্পৰ্ক শনি গ্ৰহৰ সৈতে। চন্দ্ৰ আৰু শনিৰ মাজত শত্ৰুতা আছে বুলি বিশ্বাস কৰা হয়। গতিকে সোমবাৰে লোহা ক্ৰয়ৰ পৰা বিৰত থাকিব লাগে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব