Ganesh Chaturthi 2025 : গণেশ চতুৰ্থীৰ দিনা ভুলতো নকৰিব এইসমূহ কাম, হ’ব সৰ্বনাশ!

সমাগত গণেশ চতুৰ্থী। এইবছৰ ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ব গণেশ উৎসৱ। ১০ দিন গণপতিক ৰখাৰ পাছত গণেশ বিসৰ্জন অনুষ্ঠিত হ'ব।

Ganesh Chaturthi 2025 : গণেশ চতুৰ্থীৰ দিনা ভুলতো নকৰিব এইসমূহ কাম, হব সৰ্বনাশ!

গণেশ চতুৰ্থীৰ দিনা ভুলতো নকৰিব এইসমূহ কাম

Updated On: 

24 Aug 2025 | 08:59 AM

গণেশ চতুৰ্থীৰ দিনটো সমগ্ৰ দেশতে পালন কৰা হয়। গণেশ চতুৰ্থীৰ সময়ত পূজা কৰাৰ সময়ত বহু কথা মনত ৰখা উচিত। প্ৰথমটো হ’ল স্থান আৰু দিশ- গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশৰ প্ৰতিষ্ঠাৰ সময়ত তেওঁৰ মূৰ্তি সদায় সঠিক ঠাইত, সঠিক দিশত স্থাপন কৰিব লাগে। উত্তৰ-পূব দিশত ভগৱান গণেশৰ মূৰ্তি স্থাপন কৰা উচিত। তেওঁৰ মুখখন উত্তৰ দিশত হ’ব লাগে। ইয়াৰোপৰি গণেশ চতুৰ্থীৰ দিনা ভুলতো কিছুমান কাম কৰিব নালাগে। সেই কামসমূহৰ বিষয়ে জানো আহক।

কি কি নকৰিব?

  1. গণেশ পূজা কৰাৰ সময়ত ভুলতো তুলসী পাত অৰ্পন নকৰিব।
  2. গণেশৰ পূজাৰ সময়ত কেতিয়াও ভঙা চাউল দিয়া উচিত নহয়।
  3. গণেশ পূজাত ক’লা কাপোৰ পিন্ধিব নালাগে। ইয়াৰ ফলত ৰুষ্ট হয় গণপতি।
  4. গণেশ চতুৰ্থীৰ দিনা গণপতিৰ পূজাৰ সময়ত সকলো ফুল অৰ্পণ নকৰিব। গণেশে ভালপোৱা ফুলহে ব্যৱহাৰ কৰিব।
  5. গণপতি বাবাৰ ভঙা আৰু অৰ্ধনিৰ্মিত মূৰ্তি স্থাপন বা পূজা নকৰিব।
  6. এই দিনটোত কাকো অপমান বা কাৰো লগত তৰ্ক নকৰিব আৰু জ্যেষ্ঠজনক সন্মান দিব।
  7. গণপতিৰ পূজাৰ সময়ত আমিষ খাদ্য গ্ৰহণ কৰিব নালাগে।

 

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...