Vastu Tips: ঘৰলৈ আহিব ধন-সম্পত্তি, মাথোঁ নকৰিব এই ৫ টা ভুল!

বহুতে কষ্ট কৰিয়ো ধনী হ’ব নোৱাৰে, কিন্তু তেওঁলোকে ভাবি থাকে যে কিয় এনেকুৱা হৈছে। ইয়াৰ কাৰণ হৈছে মানুহৰ বাস্তুৰ সৰু সৰু ভুলবোৰ। এই ভুলবোৰৰ বাবে বহু আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। লগতে মা লক্ষ্মীয়ে আপোনাৰ ঘৰত বাস নকৰে!

Vastu Tips: ঘৰলৈ আহিব ধন-সম্পত্তি, মাথোঁ নকৰিব এই ৫ টা ভুল!

ঘৰলৈ আহিব ধন-সম্পত্তি, মাথোঁ নকৰিব এই ৫ টা ভুল!

Updated On: 

08 May 2025 | 06:43 AM

হিন্দু ধৰ্মত জ্যোতিষ আৰু বাস্তু শাস্ত্ৰক বিশেষ গুৰুত্ব দিয়া হৈছে। সেইবাবেই মানুহে বাস্তু আৰু জ্যোতিষীৰ পৰামৰ্শ লৈ ঘৰ নিৰ্মাণৰ পৰা আৰম্ভ কৰি ঘৰৰ প্ৰতিটো বস্তুৰ সঠিক সময় আৰু স্থান নিৰ্ধাৰণ কৰে। বাস্তুৰ মতে, এজন ব্যক্তিৰ জীৱনৰ সমস্যা আৰু দৰিদ্ৰতাৰ মূল কাৰণ বাস্তুৰ দোষ। এনে বহু নিয়ম বাস্তু আৰু জ্যোতিষ শাস্ত্ৰত উল্লেখ কৰা হৈছে, যিবোৰ দৈনিক মানি চলিব লাগে। বহুতে বহুত কষ্ট কৰিয়ো ধনী হ’ব নোৱাৰে আৰু ভাবি থাকে যে কিয় এনেকুৱা হৈছে, তেন্তে জানিব ইয়াৰ কাৰণ মানুহজনৰ সৰু সৰু ভুলবোৰ। এই ভুলবোৰৰ বাবে বহু আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। লগতে মা লক্ষ্মী আপোনাৰ ঘৰত বাস নকৰে, যাৰ বাবে ঘৰত আৰ্থিক সংকটৰ সৃষ্টি হয়। জানক ইয়াৰ সকলো কাৰণ…

ঘৰত দৰিদ্ৰতা অহাৰ ৫টা কাৰণ

  • জ্যোতিষ আৰু বাস্তুৰ মতে সূৰ্য উদয়ৰ সময়ত বা ব্ৰহ্ম মুহুৰ্তৰ আগত সাৰ পোৱাটো শুভ বুলি গণ্য কৰা হয়। ব্ৰহ্ম মুহুৰ্তাত সাৰ পালে ইতিবাচক শক্তি আনে আৰু দেৱী লক্ষ্মী তাত বাস কৰে। সূৰ্য উদয়ৰ পিছত সাৰ পালে ঘৰত দৰিদ্ৰতা আনে, সেয়েহে ব্ৰহ্ম মুহুৰ্তত সদায় সাৰ পোৱা উচিত।
  • কিছুমানে বৃহস্পতিবাৰ আৰু একাদশীত চুলি আৰু নখ কাটে যদিও বাস্তু শাস্ত্ৰৰ মতে তেনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। বৃহস্পতিবাৰে চুলি বা নখ কাটিলে দেৱী লক্ষ্মী আঁতৰি যায় আৰু ব্যক্তিজনে দৰিদ্ৰতাৰ সন্মুখীন হ’বলগীয়া হয়।
  • ঘৰৰ যিকোনো টেপ বা টেংকিৰ পৰা পানী টোপাল টোপালকৈ ওলোৱাটো অশুভ বুলি গণ্য কৰা হয়। ঘৰত পানী টোপাল টোপাল টোপালকৈ ওলোৱাৰ বাবে আৰ্থিক সংকটৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ বাহিৰেও বেয়া ইলেক্ট্ৰনিক সামগ্ৰী ঘৰৰ ভিতৰত ৰাখিব নালাগে। ঘৰত ক্ষতিগ্ৰস্ত বা পুৰণি বস্তু ৰাখিলে আৰ্থিক ক্ষতি হয়।
  • ঘৰত বেয়া জোতা বা চেণ্ডেল ৰখাটো অশুভ বুলি গণ্য কৰা হয়। বেয়া জোতা আৰু চেণ্ডেল ঘৰত ৰাখিব নালাগে। ইয়াৰ উপৰিও পুৰণি আৰু ফটা কাপোৰ ঘৰত ৰখাটোও অশুভ বুলি গণ্য কৰা হয়। মা লক্ষ্মীয়ে এই কথাত খং কৰিব পাৰে। ঘৰৰ পুৰণি জোতা আৰু চেণ্ডেল কাৰোবাক দান কৰিব পাৰে।
  • হিন্দু ধৰ্মত পূজা, জপ, তপস্যা আৰু উপবাসৰ অতি গুৰুত্ব আছে। যদি আপুনি পূজা নকৰে বা আপোনাৰ ঘৰত মাজে মাজে উপবাসে নাথাকে, তেন্তে দেৱী লক্ষ্মী এনে ঘৰত বাস নকৰে, যাৰ বাবে আৰ্থিক সংকট আৰম্ভ হয় আৰু এজন ব্যক্তিয়ে দৰিদ্ৰতাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে।
ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...