বাবা গণেশৰ বিখ্যাত মন্দিৰ, দৰ্শন কৰিলে হ’ব মনোকামনা পূৰণ!

সকলো পূজাৰ আৰম্ভণিত গণেশক পূজা কৰা হয়। ভাৰততে নহয়, বিদেশতো আছে বাবা গণেশৰ আচৰিত মন্দিৰ। সুখ, সমৃদ্ধিৰ দেৱতা হিচাপে পূজা কৰা হয় ভগৱান গণেশক।

বাবা গণেশৰ বিখ্যাত মন্দিৰ, দৰ্শন কৰিলে হব মনোকামনা পূৰণ!

বাবা গণেশৰ বিখ্যাত মন্দিৰ

Updated On: 

06 Nov 2025 | 01:02 PM

পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম। ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়। সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। কেৱল ভাৰতেই নহয়, বিদেশতো গণেশৰ পূজা কৰা হয়। আজি তেনে কেইটামান মন্দিৰৰ বিষয়ে জানো আহক।

থাইলেণ্ড

থাইলেণ্ডৰ ভগৱান গণেশৰ অন্যতম মন্দিৰ হুআই কোৱাং চৌহদ। এই মন্দিৰত দৈনিক পূজা কৰা হয়। থাইলেণ্ডত অৱস্থিত ভগৱান গণেশৰ বহু মন্দিৰ। ইয়াৰ বাহিৰেও থাইলেণ্ডৰ চিয়াং মাইত ৰূপালী মন্দিৰ নামেৰে জনাজাত মন্দিৰৰ বাহিৰত ভগৱান গণেশৰ ৰূপৰ মূৰ্তি আছে।

শ্ৰী সীথি বিনয়গৰ মন্দিৰ

মালেছিয়াৰ চেলাংগোৰৰ পেটালিং জয়াৰ জালান চেলাংগোৰৰ ওচৰত শ্ৰী সীথি বিনয়গৰ মন্দিৰ অৱস্থিত। ইয়াক পি জে পিল্লাইয়াৰ মন্দিৰ বুলিও জনা যায়। ইয়াত উপস্থিত দেৱতা শ্ৰী সীথি বিনয়গৰ মন্দিৰৰ ৰূপত ভগৱান গণেশ। কোৱা হয় যে এই মন্দিৰটো মালেছিয়াৰ আটাইতকৈ ডাঙৰ আৰু গণেশৰ নামত উৎসৰ্গিত মন্দিৰ।

শ্ৰীলংকাৰ বিখ্যাত গণেশ মন্দিৰ

শ্ৰীলংকাত ভগৱান গণেশক পিল্লয়াৰ বুলি পূজা কৰা হয়। ভগৱান গণেশৰ বহুতো বিখ্যাত মন্দিৰ তাত অৱস্থিত। ভগৱান গণেশৰ বিখ্যাত মন্দিৰৰ ভিতৰত আৰিয়ালাই সিদ্ধিবিনায়ক্কৰ মন্দিৰ আৰু কটাৰাগম মন্দিৰ অন্যতম।

নেপালৰ সূৰ্য বিনায়ক মন্দিৰ

সূৰ্যবিনায়ক মন্দিৰ নেপালৰ ভক্তপুৰ জিলাত অৱস্থিত এটা হিন্দু মন্দিৰ। এই মন্দিৰটো হিন্দু ভগৱান গণেশৰ নামত উচৰ্গা কৰা হৈছে। কাঠমাণ্ডুৰ পৰা প্ৰায় দুই কিলোমিটাৰ দূৰত্বত অৰণ্যত অৱস্থিত এই মন্দিৰলৈ যাবলৈ খোজকাঢ়ি যোৱা পথ আছে। ইয়াৰ লগতে ইয়ালৈ দূৰ-দূৰণিৰ পৰা মানুহ আহে দৰ্শনৰ বাবে। কাঠমাণ্ডুৰ চাৰিটা জনপ্ৰিয় গণেশ মন্দিৰৰ ভিতৰত ই অন্যতম। এই মন্দিৰক সূৰ্য্য মন্দিৰ বুলিও কোৱা হয়। জালবিনায়ক গণেশ মন্দিৰ নেপালত প্ৰতিষ্ঠিত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...