আকাশত ওলাব ছুুপাৰমুন! চন্দ্ৰ হৈ পৰিব অধিক ডাঙৰ আৰু উজ্বল, কেতিয়া চাব পাৰিব এই দৃশ্য, জানক…

Supermoon: চন্দ্ৰৰ সৌন্দৰ্য দেখি প্ৰায় সকলোৱে তবধ মানে। এনে ক্ষেত্ৰত আজি আছে এক বিশেষ সুযোগ। কিয়নো আজি আকাশত ওলাব ছুপাৰমুন। এনে অৱস্থাত চন্দ্ৰ অধিক ডাঙৰ আৰু উজ্বল হৈ পৰিব।

আকাশত ওলাব ছুুপাৰমুন! চন্দ্ৰ হৈ পৰিব অধিক ডাঙৰ আৰু উজ্বল, কেতিয়া চাব পাৰিব এই দৃশ্য, জানক...

চন্দ্ৰ

Published: 

05 Nov 2025 | 03:54 PM

আজিৰ কাতিৰ পূৰ্ণিমা আৰু দেৱ দেৱালী। এই দুয়োটা সংযোগে আজি এক অদ্ভূত দৃশ্য লৈ আহিছে। আজি অৰ্থাৎ ৫ নৱেম্বৰ, ২০২৫ ত নিশা আকাশত দেখা পাব এক বিশেষ সৌন্দৰ্য। এয়া দেখা কোনো সৌভাগ্যতকৈ কম নহয়। কিয়নো আজি নিশা চন্দ্ৰ পৃথিৱীৰ একেবাৰে কাষলৈ আহিব। এনে অৱস্থাত সাধাৰণতকৈ আজিৰ চন্দ্ৰ অধিক ডাঙৰ আৰু উজ্বল দেখা যাব। ইয়াৰ বাবে আজিৰ চন্দ্ৰটোক ‘ছুপাৰমুন’ বুলি কোৱা হয়।

গতিকে আপুনি যদি চন্দ্ৰৰ সৌন্দৰ্য উপভোগ কৰিব বিচাৰিছে তেন্তে আজি এই দৃশ্য চাব পাৰে। আগন্তুক ১ বছৰলৈকে আৰু আকাশত এই দৃশ্য দেখা নাপায়।

বছৰৰ ডাঙৰ চন্দ্ৰ

কাতিৰ পূৰ্ণিমাৰ দিনা দেখা পাবলগীয়া এই চন্দ্ৰটো বছৰৰ আটাইতকৈ ডাঙৰ আৰু উজ্বল হ’ব। অহা ৪ ডিচেম্বৰত পুনৰ এবাৰ ছুপাৰমুন দেখা যাব যদিও আজিৰ দৰে ডাঙৰ নহয়। ইয়াৰ পাছত অহা বছৰৰ ২৪ নৱেম্বৰলৈ আৰু ছুপাৰমুন দেখা নাযায়। গতিকে চন্দ্ৰৰ বিশেষ সৌন্দৰ্য দৰ্শন কৰাৰ আজি এক উচিত সময়।

ছুপাৰমুন কি?

পূৰ্ণিমা বা অমাৱস্যাৰ সময়ত যেতিয়া চন্দ্ৰ পৃথিৱীৰ আটাইতকৈ ওচৰত থাকে তেতিয়া ছুপাৰমুন হয়। জ্যোতিৰ্বিজ্ঞানৰ পৰিঘটনাৰ ফলত চন্দ্ৰ স্বাভাৱিকতকৈ বহু ডাঙৰ আৰু উজ্জ্বল দেখা যায়।  এনে অৱস্থাত পৃথিৱীৰ পৰা চালে ছুপাৰমুন স্বাভাৱিকতকৈ প্ৰায় ৬ৰ পৰা ৭ শতাংশ ডাঙৰ আৰু ১৬ৰ পৰা ৩০ শতাংশ উজ্জ্বল যেন লাগে।

সময়

আজি সন্ধিয়াৰ পৰা এই ছুপাৰমুন দেখা যাব। অসমত সন্ধিয়া ৬.৪৯ মিনিটত ছুুপাৰমুন দেখা যাব পাৰে। উল্লেখ্য যে, প্ৰত্যেক ঠাইত চন্দ্ৰ ওলোৱাৰ সময় বেলেগ বেলেগ হয়। এনে অৱস্থাত সময়ৰ কিছু সাল-সলনি হ’ব পাৰে।

 

অন্য খবৰ পঢ়কঃ ছাগলীৰ গাখীৰৰ উপকাৰী গুণৰ বিষয়ে জানেনে? জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব