Surya grahan 2025: ২১ ছেপ্টেম্বৰত বছৰৰ অন্তিম সূৰ্যগ্ৰহণ, অত্যন্ত ভাল প্ৰভাৱ পৰিব এই ৪ ৰাশিৰ লোকৰ জীৱনত…

Solar eclipse 2025: চলিত মাহতেই হব বছৰৰ দ্বিতীয় তথা অন্তিমটো সূৰ্যগ্ৰহণ। জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই সূৰ্যগ্ৰহণৰ প্ৰভাৱ কিছু ৰাশিৰ ওপৰত অতি ভাল পৰিব।

Surya grahan 2025: ২১ ছেপ্টেম্বৰত বছৰৰ অন্তিম সূৰ্যগ্ৰহণ, অত্যন্ত ভাল প্ৰভাৱ পৰিব এই ৪ ৰাশিৰ লোকৰ জীৱনত...

সূৰ্যগ্ৰহণ ২০২৫

Published: 

10 Sep 2025 22:24 PM

চন্দ্ৰগ্ৰহণৰ পাছত এইবাৰ চলিত মাহতেই হ’ব বছৰৰ দ্বিতীয় তথা অন্তিমটো সূৰ্য গ্ৰহণ। হিন্দু ধৰ্মত সূৰ্য গ্ৰহণৰ বিশেষ মহত্ব আছে। এইবাৰ এই গ্ৰহণ সৰ্বপিতৃ অমাৱশ্যাত হ’ব, যাৰ বাবে ই বিশেষ হ’বলৈ গৈ আছে। ই এটা আংশিক সূৰ্যগ্ৰহণ হ’ব। জ্যোতিষ শাস্ত্ৰ অনুসৰি এইবাৰ সূৰ্যগ্ৰহণৰ ভাল প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত পৰিব। এইবাৰ সূৰ্যগ্ৰহণৰ সময়ত পিতৃ পক্ষ পৰিছে, যাৰ বাবে ই কিছু ৰাশিৰ লোকক প্ৰভাৱিত কৰিব।

সময়

২১ ছেপ্টম্বৰত হ’ব বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ। গ্ৰহণৰ আৰম্ভণি নিশা ১১ বজাৰ পৰা আৰম্ভ হৈ ২২ ছেপ্টেম্বৰ পুৱতি নিশা ৩.২০ বজালৈ চলিব। যিহেতু এই সময়ত ভাৰতত নিশা হৈ থাকিব সেয়ে এই গ্ৰহণ দৃশ্যমান নহ’ব। এনে অৱস্থাত সূতক কাল মনা নহ’ব।

বিশেষ

এইবাৰ এই সূৰ্যগ্ৰহণ কন্যা ৰাশিত হ’বলৈ গৈ আছে। সেই সময়ত শনি বক্ৰী অৱস্থাত থাকিব। ন্যায় আৰু কৰ্মৰ কাৰক শনিৰ এই স্থিতিৰ বাবে কিছুমান ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি, কিছুমান ৰাশিৰ লোকৰ সম্পত্তি বৃদ্ধি হ’ব পাৰে। ইয়াৰোপৰি কিছুমানৰ দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব আৰু কিছুমানৰ জীৱনলৈ সফলতা আহিব পাৰে।

সূৰ্যগ্ৰহণৰ ফলত কি ৰাশিৰ ওপৰত ভাল প্ৰভাৱ পৰিব তলত সবিশেষ উল্লেখ কৰা হ’ল

বৃষ ৰাশিঃ এই গ্ৰহণ বৃষ ৰাশিৰ ১১ স্থানত হ’ব। যি আমদানি, লাভ, সামাজিক সম্পৰ্কক প্ৰতিনিধিত্ব কৰে। ইয়াৰোপৰি মীন ৰাশিৰ স্বামী গুৰু বৃষ ৰাশিত থাকিব। যাৰ বাবে আৰ্থিক দিশৰ পৰা আপোনাৰ ভাল হ’ব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। অৱশ্যে কথা কওতে সাৱধান হ’ব।

মিথুন ৰাশিঃ এই গ্ৰহণ মিথুন ৰাশিৰ ১০ নং স্থানত হ’ব। যাক কৰ্ম আৰু কেৰিয়াৰৰ স্থান বুলি কোৱা হয়। এনে অৱস্থাত পূৰ্বৰ কোনো পৰিকল্পনা সফল হ’ব পাৰে। প্ৰযুক্তি, মেনেজমেন্ট আদিত সফলতা পাব পাৰে।কেৰিয়াৰত সমস্যা আহিব পাৰে যদিও সেইবোৰ দূৰ হৈ যাব। হাতলৈ ধন আহিব পাৰে।

মকৰ ৰাশিঃ এই গ্ৰহণ মকৰ ৰাশিৰ ৩ নং স্থানত হৈ আছে। যি সাহস, প্ৰচেষ্টা, ভাইভগ্নী, ভ্ৰমণৰ যোগ। আপোনাৰ জীৱনত কোনো ডাঙৰ পৰিবৰ্তন হ’ব পাৰে। ব্যৱসায়ত সফলতা লাভ কৰিব। ৰাজনীতি আৰু সমাজৰ সৈতে জড়িতসকলৰ সন্মান বাঢ়িব। ভাইভগ্নীৰ সৈতে সম্পৰ্ক মজবুত হ’ব।

কুম্ভ ৰাশিঃ এই গ্ৰহণ কুম্ভৰ ২ নং স্থানত হৈ আছে। যিয়ে ধন, পাৰিবাৰিক স্থিতিৰ সৈতে জড়িত। এনে অৱস্থাত আপুনি অধিক ধন লাভ কৰিব পাৰে। কোনো পুৰণি বিনিয়োগৰ পৰা লাভ আহিব। পৰিয়ালৰ সৈতে সম্পৰ্ক ভাল হ’ব। আৰ্থিক স্থিতি ভাল হ’ব। মানসিক শান্তি আহিব।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ কোনসকল পুৰুষ সফল স্বামী হ’ব নোৱাৰে? চাণক্যই কৈ গৈছে এইসমূহ লক্ষণ…

বৃক্ক বিকল হ'লে ভৰিত কি কি লক্ষণে দেখা দিয়ে? জানক সকলো...
অত্যধিক চুলি সৰিছে নেকি? ঘৰুৱা উপায়েৰে দূৰ কৰক এই সমস্যা
ফ্ৰীজত কণী ৰখাৰ সময়ত নকৰিব এই ভুল! হ'ব স্বাস্থ্যৰ ক্ষতি...
গুপ্তাংগৰ খজুৱতি উঠিলে কি কৰিব? জানক সহজ ঘৰুৱা উপায়