মৃত্যুৰ পূৰ্বে দেখা দিয়ে এই ৬টা সংকেত! জানক গৰুড় পুৰাণৰ পৰা…

গৰুড় পুৰাণৰ মহত্ব অধিক। এই পুৰাণত মানুহৰ জন্ম-মৃত্যুকে ধৰি বিভিন্ন দিশৰ কথা উল্লেখ আছে। এই পুৰাণতে কোৱা হৈছে যে, মানুহৰ মৃত্যুৰ পূৰ্বে কিছুমান সংকেতে দেখা দিয়ে। পিছে আপুনি জানেনে ইয়াৰ বিষয়ে?

মৃত্যুৰ পূৰ্বে দেখা দিয়ে এই ৬টা সংকেত! জানক গৰুড় পুৰাণৰ পৰা...

গৰুড় পুৰাণ

Published: 

27 Nov 2025 10:36 AM

হিন্দু ধৰ্মত গৰুড় পুৰাণৰ মহত্ব অধিক। ১৮ খন মহাপুৰাণৰ ভিতৰত ইয়াক অন্তৰ্ভুক্ত কৰা হৈছে। গৰুড় পুৰাণত এজন ব্যক্তিৰ অন্তিম যাত্ৰা অৰ্থাৎ মৃত্যু আৰু আত্মাৰ যাত্ৰাৰ বিষয়ে বিতংভাৱে বৰ্ণনা কৰা হৈছে। মৃত্যু এক চিৰন্তন সত্য, যাক এৰাই চলিব নোৱাৰি। গৰুড় পুৰাণত উল্লেখ থকা অনুসৰি মৃত্যুৰ পূৰ্বে মানুহে কিছুমান সংকেত লাভ কৰে। যেতিয়া মানুহে শেষৰটো উশাহ লয় তেতিয়া কিছুমান সংকেতে দেখা দিয়ে। এই সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল।

ছাঁ দেখা নাপায়ঃ গৰুড় পুৰাণ অনুসৰি ব্যক্তিয়ে মৃত্যুৰ পূৰ্বে নিজৰ ছাঁ দেখা নাপায়।

পুৰ্বপুৰুষঃ কোনো ব্যক্তিয়ে মৃত্যুৰ পূৰ্বে তেওঁলোকৰ পূৰ্বপুৰুষক দেখা পায়। পুৰ্বপুৰুষে তেওঁলোকক নিজৰ ওচৰলৈ মাতে। ইয়াৰ অৰ্থ মৃত্যু কাষ চাপি আহিছে।

যমদুতাৰ আবিৰ্ভাৱঃ গৰুড় পুৰাণ অনুসৰি, মানুহৰ মৃত্যু আহিলে যমদুতক দেখিবলৈ আৰম্ভ কৰে। এনে সময়ত ব্যক্তিয়ে অনুভৱ কৰে যে কোনোবাই তেওঁক লৈ যাবলৈ আহিছে। এনে পৰিস্থিতিত ব্যক্তিজনে ঋণাত্মক শক্তিৰ উপস্থিতি অনুভৱ কৰে।

ভাল-বেয়া কামঃ যদি কোনো ব্যক্তিয়ে তেওঁলোকৰ ভাল-বেয়া কামবোৰ দেখিবলৈ আৰম্ভ কৰে তেন্তে ইয়াৰ অৰ্থ মৃত্যু কাষ চাপি আহিছে।

হাতৰ তলুৱাঃ হাতৰ তলুৱাৰ ৰেখাবোৰ ম্লান হৈ পৰাও মৃত্যু কাষ চাপি অহাৰ লক্ষণ। গৰুড় পুৰাণ মতে কিছুমান মানুহৰ হাতৰ ৰেখাবোৰ অদৃশ্য হৈ পৰে।

ৰহস্যময় দুৱাৰঃ গৰুড় পুৰাণ অনুসৰি, মৃত্যুৰ আগতে এজন ব্যক্তিয়ে ৰহস্যময়ী দুৱাৰ দেখা পায়। যদি এনে হয় তেন্তে বুজিব যে মৃত্যু কাষ চাপি আহিছে।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা আৰু তথ্যৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ শুক্ৰৰ নক্ষত্ৰ পৰিৱৰ্তন! কপাল ফুলিব এই ৪ ৰাশিৰ লোকৰ, হাতলৈ আহিব ধন…

ঘৰৰ এই দিশত ৰাখক আইনা, ধন-সম্পত্তিৰে ভৰি পৰিব জীৱন!
উদং হ'ব পকেট! দৰিদ্ৰ হোৱা পূৰ্বে দেখা দিয়ে এই সংকেত...
ঘৰত কাঁচৰ বস্তু ভঙাটো কিহৰ সংকেত? শুভ নে অশুভ জানক...
শুৱাৰ ভংগীমাই বৃদ্ধি কৰিব পাৰে নেকি স্তনৰ আকাৰ? জানক...
ৰাষ্ট্ৰপতিৰ সৈতে সাংসদসকলৰ প্ৰস্তাৱনা পাঠ
২৪ ডিচেম্বৰৰ পৰা খানাপাৰাত অনুষ্ঠিত হ'ব অসম গ্ৰন্থমেলা
বিজেপিত যোগদান ৰমেন ডেকাৰ কন্যাৰ...
খানাপাৰত বুজন পৰিমাণৰ সুৰা জব্দ...