Evil Eye Signs: বেয়া নজৰ বা মুখ লাগিলে দেখা দিয়ে এই ৪টা সংকেত, আওকাণ নকৰিব

জ্যোতিষ শাস্ত্ৰত বিশ্বাস কৰা হয় যে যিজনৰ ৰাশিত চন্দ্ৰ দুৰ্বল হৈ থাকে, তেওঁৰ ওপৰত বেয়া দৃষ্টি লগাৰ সম্ভাৱনা বেছি। প্ৰায়ে মানুহৰ মনত এটা প্ৰশ্ন থাকে যে কৰোবাৰ ওপৰত বেয়া দৃষ্টি পৰিলে সেই কথা কেনেকৈ জানিব পাৰি। জ্যোতিষত এনে কিছুমান সংকেতৰ কথা কোৱা কৈছে যিবোৰ কু-দৃষ্টি পৰিলে দেখা যায়।

Evil Eye Signs: বেয়া নজৰ বা মুখ লাগিলে দেখা দিয়ে এই ৪টা সংকেত, আওকাণ নকৰিব

বেয়া দৃষ্টি

Published: 

30 Jul 2025 | 05:44 PM

জ্যোতিষ শাস্ত্ৰৰ মতে যদি কোনো ব্যক্তিৰ ৰাশিত চন্দ্ৰ বা ৰাহু দুৰ্বল অৱস্থাত থাকে, তেন্তে তেওঁৰ ওপৰত অতি সোনকালে নজৰ লাগে বা  কু-দৃষ্টি পৰে । বহু সময়ত মানুহৰ জীৱনত হঠাৎ সমস্যা বাঢ়ি যায় বা অদ্ভুত ঘটনা ঘটিবলৈ আৰম্ভ কৰে, যিটো বেয়া দৃষ্টিৰ লক্ষণ হ’ব পাৰে। প্ৰায়ে মানুহে জানিব বিচাৰে যে বেয়া দৃষ্টি আছে নে নাই সেয়া কেনেকৈ জানিব পাৰি। জ্যোতিষশাস্ত্ৰত এনে কিছুমান লক্ষণৰ কথা কোৱা হয় যিবোৰ বেয়া চকু লাগিলে অনুভৱ হয়। কু-দৃষ্টিৰ লক্ষণ কি কি জানো আহক।

 কু-দৃষ্টি বা নজৰ লগা মানে কি?

নজৰ দোষক সাধাৰণতে  কু-দৃষ্টি বুলি কোৱা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি কাৰোবাৰ নেতিবাচক শক্তি বা বেয়া দৃষ্টিৰ বাবে কোনো ব্যক্তি বা বস্তুৰ নেতিবাচক প্ৰভাৱ পৰে। ইয়াৰ বাবে বাবে শাৰীৰিক, মানসিক বা আৰ্থিক সমস্যাৰ সৃষ্টি হ’ব পাৰে।

হাত-ভৰিৰ নখ বেয়া দেখা

জ্যোতিষৰ মতে যদি আপোনাৰ হাত-ভৰিৰ নখবোৰ হঠাতে বেয়া দেখিবলৈ আৰম্ভ কৰে বা ভাঙিবলৈ আৰম্ভ কৰে, তেন্তে বুজিব যে আপোনাৰ ওপৰত বেয়া চকুৰ প্ৰভাৱ পৰিছে। এয়া কাৰোবাৰ নেতিবাচক শক্তিৰ প্ৰভাৱ হ’ব পাৰে।

কাউৰীয়ে হাড় দলিয়াই দিয়া

ধৰ্মীয় বিশ্বাস অনুসৰি যদি কাউৰীয়ে আপোনাৰ ঘৰলৈ আহি হাড় দলিয়াই দিয়ে তেন্তে সেয়া অতি বেয়া লক্ষণ। অৰ্থাৎ আপুনি বেয়া চকুৰ প্ৰভাৱত পৰিছে। যদি এনেকুৱা হয় তেন্তে  কু-দৃষ্টি আঁতৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

অস্থিৰতা আৰু মানসিক চাপ

বিশ্বাস কৰা হয় যে যেতিয়া কোনো ব্যক্তিৰ ওপৰত বেয়া চকু পৰে তেতিয়া ৰাতি টোপনি নাহে, কোনো কাৰণ নোহোৱাকৈ মানসিক চাপ আৰু মূৰৰ বিষ হয়। যেতিয়া কোনো ব্যক্তি বেয়া চকুৰ প্ৰভাৱ পৰে তেতিয়া তেওঁক প্ৰতিদিনে কোনোবা নহয় কোনোবা সমস্যাই আগুৰি থাকে।

ৰাতি বেয়া সপোন দেখা

জ্যোতিষৰ মতে ৰাতি বেয়া সপোন দেখিলে কাৰোবাৰ নেতিবাচক শক্তিয়ে আপোনাক আগুৰি ধৰিছে বা বেয়া চকুৰ প্ৰভাৱত পৰাটো বুজায়। ৰাতি শুই থকা অৱস্থাত হঠাৎ চকু মেলিলে বা অদ্ভুত শব্দ শুনাটো বেয়া চকুৰ লক্ষণ হ’ব পাৰে।

লগতে পঢ়ক: এই ৪টা ৰাশিৰ বাবে অতিকৈ অশুভ বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ! সাৱধান হওক

(অস্বীকাৰ: ইয়াত দিয়া তথ্য ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। টিভি৯ অসমে এই কথা নিশ্চিত কৰা নাই।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...