শনিৰ নক্ষত্ৰ পৰিৱৰ্তন, এই ৰাশিৰ জীৱনলৈ আহিব পাৰে সংকট!

Shani Nakshatra Parivartan 2025: ২০২৫ চনৰ শেষৰটো শনি নক্ষত্ৰ পৰিৱৰ্তন হ’বলৈ ওলাইছে। এই নক্ষত্ৰ পৰিৱৰ্তনে বহু ৰাশিৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে। শনিৰ নক্ষত্ৰ পৰিবৰ্তন কেতিয়া হ'ব জানক।

শনিৰ নক্ষত্ৰ পৰিৱৰ্তন, এই ৰাশিৰ জীৱনলৈ আহিব পাৰে সংকট!

শনিৰ নক্ষত্ৰ পৰিৱৰ্তন

Published: 

24 Sep 2025 | 12:51 PM

শনি দেৱ ন্যায়ৰ দেৱতা হিচাপে পৰিচিত। তেওঁ মানুহৰ কৰ্ম অনুযায়ী ফল প্ৰদান কৰে। যেতিয়াই শনিয়ে নিজৰ অৱস্থান বা নক্ষত্ৰ সলনি কৰে তেতিয়াই ই সকলো ৰাশিত প্ৰভাৱ পেলায়। কিছুমান ৰাশিৰ বাবে এই পৰিৱৰ্তনে মংগল আৰু সুযোগ আনে, আন কিছুমানৰ বাবে সমস্যা আৰু প্ৰত্যাহ্বান বৃদ্ধি কৰে।

অনাগত দিনত শনিৰ নক্ষত্ৰ পৰিৱৰ্তন হ’ব, যাৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিব কিছুমান ৰাশিৰ ওপৰত। ২০২৫ চনৰ ৩ অক্টোবৰ শুকুৰবাৰে নিশা ৯:৪৯ বজাত পূৰ্ব ভাদ্ৰপদত শনিৰ নক্ষত্ৰ পৰিৱৰ্তন ঘটিব।

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনৰ তাৎপৰ্য

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনে কেৰিয়াৰ, স্বাস্থ্য, ধন, আৰু সম্পৰ্কত প্ৰভাৱ পেলায়।  এই পৰিৱৰ্তনে অনুশাসন, দায়িত্ব আৰু জীৱনত প্ৰত্যাহ্বান বৃদ্ধি কৰিব পাৰে।

কোনবোৰ ৰাশিত সতৰ্ক হোৱাটো প্ৰয়োজন?

মেষ ৰাশি

শনিৰ এই পৰিৱৰ্তনে  কৰ্মক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে। নতুন কামত সফলতা লাভ কৰিবলৈ আপুনি অধিক কষ্ট কৰিব লাগিব। খং আৰু মানসিক চাপৰ পৰা আঁতৰি থাকক।

কৰ্কট ৰাশি

আৰ্থিক চাপ বাঢ়িব পাৰে। পাৰিবাৰিক জীৱনত মতানৈক্যৰ সম্ভাৱনা আছে। স্বাস্থ্যৰ প্ৰতি সতৰ্ক হওক।

তুলা ৰাশি

শত্ৰু আৰু বিৰোধী সক্ৰিয় হৈ উঠিব পাৰে। যিকোনো ধৰণৰ অংশীদাৰিত্বত সাৱধান হওক। চাকৰি সলনি বা বদলি হোৱাৰ সম্ভাৱনা থাকিব পাৰে।

মকৰ ৰাশি

মানসিক চাপ বাঢ়িব পাৰে। ব্যৱসায়ত উত্থান-পতন হ’ব। ধৈৰ্য আৰু সংযমৰ প্ৰয়োজন আছে।

কুম্ভ ৰাশি

খৰচ বাঢ়িব পাৰে। সম্পৰ্কত ভুল বুজাবুজিৰ পৰা আঁতৰি থাকক। আদালত সম্পৰ্কীয় বিষয়ত সাৱধানতা অৱলম্বন কৰক।

শনিৰ নক্ষত্ৰ পৰিৱৰ্তনৰ প্ৰতিকাৰ

শনিবাৰে আহত গছত পূজা কৰি তেলৰ চাকি জ্বলাব লাগে।

(অস্বীকাৰ: এই তথ্য জ্যোতিষ শাস্ত্ৰৰ নীতিৰ ওপৰত ভিত্তি কৰি কৰা হৈছে। TV9 অসমে ইয়াক সমৰ্থন নকৰে।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...