কৰ্মফলৰ দাতা দেৱতা শনিৰ প্ৰভাৱ! ২০২৬ চনত এই ৩ ৰাশিৰ লোকৰ হ’ব ভাগ্যোদয়, হ’ব আৰ্থিক উন্নতি

শনিৰ প্ৰভাৱৰ এই সময়ছোৱাত এই তিনিটা ৰাশিৰ লোকে শুভ ফল লাভ কৰিব পাৰে। এই ৰাশি তিনিটাৰ লোকে ২০২৬ চনত কেৰিয়াৰ আৰু ব্যৱসায়কে ধৰি প্ৰতিটো ক্ষেত্ৰতে সফলতাৰ সুখকৰ অভিজ্ঞতা লাভ কৰিব পাৰে।

কৰ্মফলৰ দাতা দেৱতা শনিৰ প্ৰভাৱ! ২০২৬ চনত এই ৩ ৰাশিৰ লোকৰ হ’ব ভাগ্যোদয়, হ’ব আৰ্থিক উন্নতি

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

29 Nov 2025 | 10:40 AM

হিন্দু ধৰ্মীয় বিশ্বাসত গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয়। দেৱতা শনিক নটা গ্ৰহৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। তেওঁক ন্যায়ৰ দেৱতা আৰু কৰ্মফলৰ দাতা বুলি কোৱা হয়। জ্যোতিষ মতে ২৮ নৱেম্বৰত মীন ৰাশিত প্ৰত্যক্ষ হয় শনি দেৱ। শনি দেৱৰ এই প্ৰত্যক্ষ প্ৰভাৱ ২০২৬ অৰ্থাৎ অহা বছৰৰ ২৬ জুলাইলৈকে চলিব। মুঠ ২৩৯ দিন শনি প্ৰত্যক্ষ হৈ থাকিব। শনি মীন ৰাশিত প্ৰায় সাত মাহ প্ৰত্যক্ষ হ’ব, তাৰ পিছত একে ৰাশিতেই পশ্চাদগম হ’ব।

জ্যোতিষীসকলৰ মতে শনিৰ প্ৰত্যক্ষ অৱস্থাই সকলো ৰাশিত প্ৰভাৱ পেলাব যদিও তিনিটা ৰাশিয়ে বিশেষ সুফল লাভ কৰিব। শনিৰ প্ৰভাৱৰ এই সময়ছোৱাত এই তিনিটা ৰাশিৰ লোকে শুভ ফল লাভ কৰিব পাৰে। এই ৰাশি তিনিটাৰ লোকে ২০২৬ চনত কেৰিয়াৰ আৰু ব্যৱসায়কে ধৰি প্ৰতিটো ক্ষেত্ৰতে সফলতাৰ সুখকৰ অভিজ্ঞতা লাভ কৰিব পাৰে।

শনিৰ প্ৰভাৱে সৌভাগ্য কঢ়িয়াই আনিব পৰা এই তিনিটা ৰাশি কোনকেইটা চাওক-

মকৰ ৰাশি

মকৰ ৰাশিত শনি দেৱৰ শাসন চলে। গতিকে শনিৰ প্ৰত্যক্ষ অৱস্থাৰ সময়ত মকৰ ৰাশিৰ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব পাৰে। তেওঁলোকে অভাৱনীয় আৰ্থিক লাভৰ সুযোগ কৰিব পাৰে। পাবলৈ থকা ধন লাভ কৰিব পাৰে। কৰ্মক্ষেত্ৰত সফলতা সম্ভৱ।

মিথুন ৰাশি

মিথুন ৰাশিৰ বাবেও এই সময় অনুকূল হ’ব। শনিৰ প্ৰত্যক্ষ অৱস্থানৰ সময়ত মিথুন ৰাশিৰ লোকে কেৰিয়াৰৰ উন্নতি, আকাংক্ষিত চাকৰি বা আশা কৰাৰ দৰেই কৰ্মস্থলীৰ সলনি হ’ব পাৰে। ভূমি বা আন খণ্ডত বিনিয়োগ কৰিলে লাভ হ’ব পাৰে। ঘৰ, সম্পত্তি, মাটি ক্ৰয় কৰাৰ সম্ভাৱনা আছে।

বৃষ ৰাশি

শনিৰ প্ৰত্যক্ষ অৱস্থানৰ সময়ত বৃষ ৰাশিৰ বাবে আয় বৃদ্ধিৰ সুযোগ মুকলি হ’ব পাৰে। নিয়োজিত ব্যক্তিয়ে পদোন্নতি লাভ কৰিব পাৰে, যাৰ ফলত তেওঁলোকৰ আয় বৃদ্ধি পাব পাৰে। অধিগ্ৰহণ কৰা সম্পত্তিৰ পৰা লাভৰ মুখ দেখিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...