নতুন বছৰ ২০২৬ত এইকেইটা ৰাশিৰ ওপৰত থাকিব শনিৰ কোপদৃষ্টি, ৰক্ষাৰ বাবে পালন কৰক এই বিধান
জ্যোতিষ গণনা অনুসৰি ২০২৬ চনত শনি মীন ৰাশিত থাকিব। এই সময়ছোৱা কিছুমান ৰাশিৰ বাবে শুভ বিবেচিত হ’ব যদিও আন কিছুমান ৰাশিৰ বাবে হয়তো অশুভ হ’ব পাৰে। ইয়াৰ ফলত এই ৰাশিসমূহৰ লোকৰ জীৱন উত্থান-পতন আৰু প্ৰত্যাহ্বানৰে ভৰি পৰিব পাৰে।

প্ৰতিনিধিত্বমূলক ছবি
নতুন বছৰ ২০২৬ কাষ চাপি অহাৰ লগে লগে সকলোৰে মনত বৃদ্ধি পাইছে জল্পনা-কল্পনা। আগন্তুক এই বছৰটো কিদৰে পাৰ হ’ব, শুভ হ’বনে অশুভ হ’ব আদি প্ৰশ্ন স্বাভাৱিকতেই আপোনাৰ মনতো উদয় হৈছে। এই সন্দৰ্ভত জ্যোতিষীসকলেও নানা মতামত আগবঢ়াইছে। জ্যোতিষ শাস্ত্ৰত শনি গ্ৰহক যথেষ্ট মহত্ব প্ৰদান কৰা হৈছে। শনিৰ কোপদৃষ্টি পৰিলে যিকোনো ৰাশিৰ লোকৰ জীৱনলৈ সংকট নমাই আনিব পাৰে বুলি বিশ্বাস কৰা হয়। জ্যোতিষ গণনা অনুসৰি আগন্তুক ২০২৬ বৰ্ষটো শনিৰ দৃষ্টিকোণৰ পৰা বিশেষ হ’ব।
আগন্তুক বৰ্ষত শনিৰ ৰাশি সলনি নহ’লেও কেইবাবাৰো গতি সলনি কৰিব। এই কাৰণেই ৰাশি অনুসৰি শনিৰ প্ৰভাৱ ভিন্ন হ’ব। লক্ষণীয়ভাৱে নতুন বৰ্ষটোত গতিৰ লগতে অৱস্থানৰ ওপৰতো শনিৰ প্ৰভাৱ নিৰ্ধাৰিত হ’ব। জ্যোতিষ শাস্ত্ৰ মতে শনিৰ অৱস্থান ৰূপ, লোহা, সোণ আৰু তাম- এই চাৰি প্ৰকাৰৰ হয়। প্ৰতিটো ৰাশিৰ বাবে শনিৰ অৱস্থানৰ প্ৰভাৱ পৃথক পৃথক হয়।
জ্যোতিষ গণনা অনুসৰি ২০২৬ চনত শনি মীন ৰাশিত থাকিব। এই সময়ছোৱা কিছুমান ৰাশিৰ বাবে শুভ বিবেচিত হ’ব যদিও আন কিছুমান ৰাশিৰ বাবে হয়তো অশুভ হ’ব পাৰে। ইয়াৰ ফলত এই ৰাশিসমূহৰ লোকৰ জীৱন উত্থান-পতন আৰু প্ৰত্যাহ্বানৰে ভৰি পৰিব পাৰে। সেয়ে শনিৰ অৱস্থান প্ৰতিজন ব্যক্তিৰ বাবে অতি গুৰুত্বপূৰ্ণ বিবেচিত হ’ব।
শনিৰ অৱস্থান আৰু প্ৰভাৱ
শনি এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ গতি কৰিলে চন্দ্ৰৰ অৱস্থানৰ ওপৰত ভিত্তি কৰি শনিৰ অৱস্থান নিৰ্ণয় কৰা হয়। যদি শনি চন্দ্ৰৰ পৰা দ্বিতীয়, পঞ্চম বা নৱম স্থানত থাকে তেতিয়া ইয়াক ৰূপৰ ভিত্তি বোলা হয়। ইফালে শনি চন্দ্ৰৰ পৰা তৃতীয়, সপ্তম বা দশম স্থানত থাকিলে ইয়াক তামৰ ভিত্তি বুলি ধৰা হয়।
একেদৰে প্ৰথম, ষষ্ঠ বা একাদশ স্থানত থাকিলে ই সোণৰ ভিত্তি হৈ পৰে। আনহাতে চতুৰ্থ, অষ্টম বা দ্বাদশ স্থানত শনিৰ স্থানক লোহাৰ ভিত্তি বোলা হয়। ২০২৬ চনত শনি ৰাশিৰ সিংহ, ধনু, মেষ ৰাশিৰ বাবে লোহাৰ ভিত্তি থাকিব। এই ভিত্তিয়ে ব্যক্তিৰ জীৱনৰ সংগ্ৰাম, কঠোৰ পৰিশ্ৰম আৰু ক্ৰমবৰ্ধমান দায়িত্বৰ ইংগিত দিয়ে। সেয়ে এই ৰাশিৰ লোকসকলে ধৈৰ্য বজাই ৰাখি কঠোৰ অধ্যৱসায় কৰিব লাগিব।
ইফালে বৃষ, মীন, তুলা ৰাশিত শনিৰ সোণালী ভিত্তিৰ প্ৰভাৱ পৰিব। এই সময়ছোৱাত কৰ্মৰ চাপ বৃদ্ধি পাব পাৰে। লগতে এনে অৱস্থানৰ বাবে সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত খৰখেদা কৰাটো ক্ষতিকাৰক বিবেচিত হ’ব পাৰে। সেয়ে প্ৰতিটো সিদ্ধান্ত গ্ৰহণৰ সময়ত সাৱধান হ’ব লাগিব।
কোপদৃষ্টিৰ পৰা ৰক্ষাৰ বিধান
জ্যোতিষৰ আধাৰত শনিৰ নেতিবাচক প্ৰভাৱৰ পৰা ৰক্ষাৰ বাবে কিছুমান সহজ বিধান আগবঢ়োৱা হৈছে। এনে বিধান মতে শনিবাৰে সৰিয়হৰ তেল বা লোহাৰৰ সামগ্ৰী দান লাভজনক বিবেচিত হয়। তদুপৰি সোণ বা হালধীয়া সামগ্ৰী দানেও শুভ ফল কঢ়িয়াই আনিব পাৰে। তদুপৰি প্ৰতিদিনে শনি চলিছা আৰু হনুমান চলিছা পাঠ কৰিলে মানসিক শক্তি লাভ কৰিব।