Saraswati Puja 2026: দেৱী সৰস্বতীক বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী বুলি কোৱা হয় জানেনে? চাওক আঁৰৰ মহত্ব…
বহুতৰে মনত প্ৰশ্ন উদয় হয় যে— লক্ষ্মী যদি সমৃদ্ধিৰ দেৱী আৰু দুৰ্গা শক্তিৰ প্ৰতীক, তেন্তে সৰস্বতীক কিয় জ্ঞানৰ দেৱী বুলি কোৱা হয়? ইয়াৰ উত্তৰ প্ৰাচীন শাস্ত্ৰ, ভাষাতত্ত্ব আৰু আধুনিক মনোবিজ্ঞানৰ ব্যাখ্যাত নিহিত হৈ আছে। জানো আহক এই বিষয়ে।

সৰস্বতী পূজা
ভাৰতীয় সংস্কৃতিত জ্ঞানক কেৱল তথ্য বা অধ্যয়নৰ মাজতে সীমাবদ্ধ কৰি ৰখা হোৱা নাই। জ্ঞান মানে হ’ল বোধশক্তি, বিবেক আৰু সঠিক সিদ্ধান্ত লোৱাৰ ক্ষমতা। এই ধাৰণাৰে প্ৰতীক হিচাপে প্ৰতি বছৰে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ আৰাধনা কৰা হয়। এই বছৰ দেৱীৰ আৰাধনাৰ দিন হৈছে ২৩ জানুৱাৰী। বহুতৰে মনত প্ৰশ্ন উদয় হয় যে— লক্ষ্মী যদি সমৃদ্ধিৰ দেৱী আৰু দুৰ্গা শক্তিৰ প্ৰতীক, তেন্তে সৰস্বতীক কিয় জ্ঞানৰ দেৱী বুলি কোৱা হয়? ইয়াৰ উত্তৰ প্ৰাচীন শাস্ত্ৰ, ভাষাতত্ত্ব আৰু আধুনিক মনোবিজ্ঞানৰ ব্যাখ্যাত নিহিত হৈ আছে।
সৰস্বতী নামৰ উৎপত্তি
‘সৰস্বতী’ শব্দটোৰ উৎপত্তি সংস্কৃত ‘সৰস’ৰ পৰা হৈছে, যাৰ অৰ্থ হৈছে প্ৰবাহ। ভাৰতীয় দৰ্শনত জ্ঞানক কেতিয়াও স্থিৰ বুলি ধৰা নহয়; জ্ঞান প্ৰবাহমান আৰু ক্ৰমাগতভাৱে বিকশিত। ঋক বেদত সৰস্বতীক প্ৰথমে এখন নদীৰ ৰূপত উল্লেখ কৰা হৈছিল যদিও পৰৱৰ্তী বৈদিক সাহিত্যত তেওঁ জ্ঞানৰ ধাৰক হিচাপে প্ৰতিষ্ঠিত হয়। ঋক বেদৰ দ্বিতীয় মণ্ডলৰ কেইবাঠাইতো সৰস্বতীক বুদ্ধিক শুদ্ধ কৰা এক শক্তি হিচাপে গণ্য কৰা হয়। এই কাৰণেই তেওঁক বিদ্যৰ দেৱী হিচাপে মনা হয়।
দেৱীৰ প্ৰতীকী অৰ্থ
সৰস্বতীৰ প্ৰতিটো প্ৰতীকে জ্ঞানৰ বেলেগ বেলেগ দিশ নিৰ্দেশ কৰে। তেওঁৰ হাতত থকা বীণা সৃজনশীলতা আৰু শৃংখলাৰ প্ৰতীক। সংগীতৰ দৰেই জ্ঞানেও আমাক নিয়মৰ মাজেৰে স্বাধীনতাৰ সোৱাদ দিয়ে। দেৱীৰ বাহন ৰাজহাঁহৰো এক বিশেষ তাৎপৰ্য আছে। শাস্ত্ৰ অনুসৰি ৰাজহাঁহে গাখীৰ আৰু পানী পৃথক কৰিব পাৰে— অৰ্থাৎ ই সত্য আৰু অসত্য বিচাৰ কৰাৰ ক্ষমতাৰ প্ৰতীক।
বিজ্ঞানৰ দৃষ্টিভংগী
Educational Psychology আৰু Cognitive Science গৱেষণাত কোৱা হৈছে যে কিবা এটা শিকাৰ সময়ত মনোযোগ, সৃজনশীলতা আৰু স্থিৰতা অতি গুৰুত্বপূৰ্ণ। আমেৰিকান চাইকল’জিকেল এছ’চিয়েশ্যন (APA)-ৰ এক গৱেষণা অনুসৰি, সংগীত চৰ্চা আৰু অধ্যয়নৰ অভ্যাসে মগজুৰ নিউৰেল কানেকচন (Neural connection) শক্তিশালী কৰে।
এই সকলোবোৰ উপাদান সৰস্বতী দেৱীৰ সৈতে পোনপটীয়াকৈ জড়িত। ই প্ৰমাণ কৰে যে ভাৰতীয় শাস্ত্ৰৰ সৈতে আধুনিক বিজ্ঞানৰো এক গভীৰ যোগসূত্ৰ আছে। সৰস্বতী পূজা কেৱল ধৰ্মীয় উৎসৱ নহয়; ই শিক্ষা আৰু আত্মশুদ্ধিৰ এক মহান প্ৰতীক। এই পূজাৰ মাধ্যমেৰে ছাত্ৰ-ছাত্ৰীক শিকোৱা হয় যে— বিদ্যা যেন অহংকাৰৰ কাৰণ নহয়, বৰঞ্চ ই যেন মানৱীয়তা আৰু দায়িত্ববোধহে গঢ়ি তোলে।