আজি সৰস্বতী পূজাঃ জানক দেৱীক আৰাধনাৰ শুভ সময়…
Saraswati Puja 2026: আজি দেশৰ বিভিন্ন প্ৰান্তত পালন কৰা হ'ব সৰস্বতী পূজা। ইয়াকে লৈ বিদ্যালয়সমূহত পুৱাৰ পৰা উখল মাখল পৰিবেশ। মান্যতা অনুসৰি, আজিৰ দিনটোত মা সৰস্বতীক পূজা কৰিলে সুফল পোৱা যায়।

Saraswati Puja
আজি বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা । প্ৰতি বছৰে মাঘ মাহৰ শুক্ল পক্ষ পঞ্চমী তিথিত বসন্ত পঞ্চমী পালন কৰা হয়, আৰু এই দিনটোতে দেশৰ বিভিন্ন প্ৰান্তত আৰাধনা কৰা হয় মা সৰস্বতীক। মান্যতা অনুসৰি, এই দিনটোত জ্ঞান, সংগীত আৰু শিল্পৰ দেৱী সৰস্বতীক পূজা কৰাৰ ফলত শিক্ষাৰ্থীৰ মনৰ কামনা পূৰণ হয়। মা সৰস্বতীয়ে আশীৰ্বাদ দিয়ে। দেশৰ বিভিন্ন প্ৰান্তৰ লগতে আজি অসমতো পালন কৰা হ’ব সৰস্বতী পূজা। ইতিমধ্যে ইয়াকে লৈ পুৱাৰ পৰা বিদ্যালয়, মহাবিদ্যালয়সমূহত দেখা গৈছে উখল মাখল পৰিবেশ।
পূজা উপলক্ষে ছাত্ৰ-ছাত্ৰীসকলে আগদিনাই মাৰ প্ৰতিমূৰ্তি বেদীত স্থাপন কৰে। পাছত পূজাৰ দিনা ধুনীয়াকৈ সাজি কাচি বিদ্যালয়লৈ যায় আৰু পূজা কৰে। পূজাৰ অন্তত সকলোৱে মিলি প্ৰসাদ, ভোদ খাই আৰু পাছত মূৰ্তি বিসৰ্জন দিয়ে।
শুভ সময়
মা সৰস্বতীক পূজা কৰাৰ বাবে পুৱাৰ সময়খিনি ভাল বুলি গণ্য কৰা হয়। আজি (২৩ জানুৱাৰী) শুভ সময় পুৱা ৭ বাজি ১৩ মিনিটৰ পৰা দুপৰীয়া ১২ বাজি ৩৩ মিনিটলৈ। বিশ্বাস অনুসৰি, এই সময়ত সৰস্বতী পূজা কৰিলে সৰ্বাধিক ইতিবাচক ফল পোৱা যায়।
মহত্ব
হিন্দু ধৰ্মত বসন্ত পঞ্চমী বা সৰস্বতী পূজাৰ মহত্ব অধিক। এই দিনটোত পূজা কৰিলে মা সৰস্বতীৰ আশীৰ্বাদ পোৱা যায়। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই দিনটো গুৰুত্বপূৰ্ণ। ধৰ্মীয় মান্যতা অনুসৰি, এই দিনটোতে মা সৰস্বতী প্ৰকট হৈছিল। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই পূজা পালন কৰা হয়। শিক্ষানুষ্ঠানসমূহত নিৰামিষ খাদ্য খুওৱা হয়। এই ঋতু আৰু উৎসৱত কৃষি পথাৰৰ পকা শস্যৰ হালধীয়া ফুলেৰে সৰস্বতীক আদৰা হয়। ইয়াৰোপৰি বহুতে সৰস্বতীৰ প্ৰিয় ৰং হালধীয়া বুলি কয়। যাৰ বাবে বহুতে এই দিনটোত হালধীয়া কাপোৰ পৰিধান কৰে।
(স্পষ্টীকৰণঃওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা হৈছে। ইয়াৰ নিশ্চিয়তা টিভি-৯ অসমে প্ৰদান নকৰে।)
অন্য খবৰ পঢ়কঃ সৰস্বতী পূজাৰ দিনটো কেনে যাব আপোনাৰ? চাওক আজিৰ ৰাশিফল…