শনিৰ গতি পৰিবৰ্তন! ভাগ্যৰ দুৱাৰ খোল খাব এই ৩ ৰাশিৰ লোকৰ…

জ্য়োতিষ শাস্ত্ৰত গ্ৰহ-নক্ষত্ৰৰ বিশেষ গুৰুত্ব আছে। সেই অনুসৰি আহিবলগীয়া সময়খিনি কিছুমান ৰাশিৰ বাবে ভাল হোৱাৰ সম্ভাৱনা আছে। শনিয়ে ভাল দিন আনিব কিছু ৰাশিৰ জীৱনলৈ।

শনিৰ গতি পৰিবৰ্তন! ভাগ্যৰ দুৱাৰ খোল খাব এই ৩ ৰাশিৰ লোকৰ...

শনি

Published: 

15 Sep 2025 | 07:57 PM

জ্যোতিষ শাস্ত্ৰত গ্ৰহ-নক্ষত্ৰৰ গুৰুত্ব অধিক। গতিকে ইয়াৰ প্ৰভাৱ প্ৰতিটো ৰাশিৰ ওপৰত পৰে বুলি কোৱা হয়। জ্যোতিষ শাস্ত্ৰত শনিক ন্যায়ৰ দেৱতা আৰু কৰ্মদেৱতা বুলি গণ্য কৰা হয়। কৰ্ম অনুযায়ী তেওঁ ব্যক্তিক ফলাফল দিয়ে। শনিৰ গতি অতি লেহেমীয়া হয় আৰু যাৰ বাবে তেওঁৰ গতিৰ পৰিবৰ্তনে প্ৰতিটো ৰাশিৰ জীৱনত প্ৰভাৱ পেলায়। মান্যতা অনুসৰি, শনি সন্তুষ্ট হ’লে এজন মানুহৰ দৰিদ্ৰৰ পৰা ৰজা হৈ পৰিব পাৰে। আনহাতে তেওঁ অসন্তুষ্ট হ’লে ৰজাও দৰিদ্ৰ হৈ পৰিব পাৰে।

দেৱালীৰ আগত এতিয়া এটা ডাঙৰ পৰিবৰ্তন হ’বলৈ গৈ আছে। ২০২৫ চনৰ ৩ অক্টোবৰত শনিয়ে গতি পৰিবৰ্তন কৰি ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব। শনিৰ প্ৰভাৱত কিছুমান ৰাশিৰ লোকে বিশেষ ফল লাভ কৰিব। কিন্তু সবাতোকৈ শুভ মিথুন, বৃষ আৰু মকৰ ৰাশিৰ হব বুলি কোৱা হয়। গতিকে এই ৩ ৰাশিৰ ওপৰত শনিয়ে কি প্ৰভাৱ পেলাই তলত উল্লেখ কৰা হ’ল।

বৃষ ৰাশি

শনি দেৱে গতি পৰিবৰ্তন কৰাৰ বাবে এই ৰাশিৰ লোকৰ ওপৰত ভাল প্ৰভাৱ পৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। ব্যৱসায় আৰু কেৰিয়াৰত অগ্ৰগতি লাভ কৰিব। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে। নতুৱ সম্পত্তি বা বাহন ক্ৰয় কৰাৰ সম্ভাৱনা। পৰিয়ালত সুখ বাঢ়িব। বৈবাহিক জীৱন মধুৰ হব। বিনিয়োগৰ পৰাও ভাল ফল লাভ কৰিব।

মিথুন ৰাশি

এই ৰাশিৰ লোকৰ বাবেও শনিয়ে ভাল ফল কঢ়িয়াই আনিব। ভাগ্যই লগ দিব। কঠিন পৰিস্থিতিতো সফলতা লাভ কৰিব। শিক্ষা আৰু কেৰিয়াৰত উন্নতিৰ যোগ আছে। নিবনুৱাসকলে চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে। আয় বৃদ্ধি পাব। সমাজত মান-সন্মান বৃদ্ধি পাব। ভ্ৰমণৰ সুবিধা লাভ কৰিব।

মকৰ ৰাশি

এই ৰাশিৰ লোকে শনিৰ কৃপা লাভ কৰিব। আৰ্থিক দিশৰ পৰা সফলতা লাভ কৰিব। দীৰ্ঘদিন ধৰি চলি থকা সংকটৰ পৰা মুক্তি লাভ কৰিব। ধন-সম্পত্তি বৃদ্ধি পাব। ব্যৱসায়ীসকলৰ বাবে এই সময় ভাল হ’ব। পদোন্নতিৰ যোগ আছে। দৰমহা বৃদ্ধি পাব পাৰে। আয়ৰ নতুন বাট মুকলি হ’ব পাৰে। পাৰিবাৰিক জীৱন সুখৰ হ’ব।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ কেৱল মিঠা নহয়! এইসমূহ খাদ্য হ’ব পাৰে ব্লাড চুগাৰ বৃদ্ধিৰ কাৰণ, জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব