ঘৰখনৰ শান্তি আৰু সম্প্ৰীতিৰ বাবে কাতি মাহত এই কাম সদায় কৰক…

এই মাহত ভগৱানৰ আৰ্শীবাদ লাভ কৰিবলৈ কিছুমান কাম কৰাটো অতি প্ৰয়োজন। এই মাহত দৈনিক কিছুমান নীতি-নিয়ম পালন কৰিলে অধিক সুফল লাভ কৰিব ।

ঘৰখনৰ শান্তি আৰু সম্প্ৰীতিৰ বাবে কাতি মাহত এই কাম সদায় কৰক...
Published: 

20 Oct 2025 | 07:15 PM

কাতি মাহটোক দিন্দু পঞ্জিকাৰ আটাইতকৈ পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। শাৰদ পূৰ্ণিমাৰ পৰা কাৰ্তিক পূৰ্ণিমালৈকে এই সময়ছোৱা পোহৰ আৰু ভক্তি একত্ৰিত হোৱা সময় হিচাপে পালন কৰা হয়। এই মাহত ভগৱানৰ আৰ্শীবাদ লাভ কৰিবলৈ কিছুমান কাম কৰাটো অতি প্ৰয়োজন। এই মাহত দৈনিক কিছুমান নীতি-নিয়ম পালন কৰিলে অধিক সুফল লাভ কৰিব ।

প্ৰতি নিশা এগছি ঘিউৰ চাকি জ্বলাব

ভগৱান দামোদৰ (কৃষ্ণৰ এক ৰূপ) নামত ঘিউৰ চাকি প্ৰজ্বলন কৰাটো কাতি মাহৰ এক পৰম্পৰা। ই নেতিবাচক শক্তিক জ্বলাই আত্মাক আলোকিত কৰে বুলি বিশ্বাস কৰা হয়। আন্তৰিকতাৰে আগবঢ়োৱা এগছি চাকিয়ে জীৱনটোক আলোকিত কৰি ৰাখে বুলি কোৱা হয়। এই চাকিয়ে কেৱল ঘৰবোৰ উজ্জ্বল ৰখাই নহয়, ই বিদেহী পূৰ্বপুৰুষসকলক সন্তুষ্ট কৰে আৰু নতুন পথ প্ৰদৰ্শন কৰে বুলি বিশ্বাস কৰা হয়।

দামোদৰ বা হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰক

এই পবিত্ৰ মাহত ঈশ্বৰৰ নামৰ শক্তি আৰু অধিক শক্তিশালী হৈ পৰে। দৈনিক দামোদৰ মহামন্ত্ৰ বা হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰিলে মন শুদ্ধ হয় আৰু আত্মাৰ ঐশ্বৰিক সম্পৰ্ক জাগ্ৰত হয় বুলি কোৱা হয়। এই পবিত্ৰ মন্ত্ৰই মনটোক শান্ত কৰাত সহায় কৰে। জীৱনটোক সফলভাৱে আগুৱাই নিয়াত সহায় কৰে বুলি কোৱা হয়।

ভাগৱত পঢ়ক বা শুনক

ভাগৱত গীতাৰ কাতি মাহত বিশেষ তাৎপৰ্য আছে। আনকি এই মাহত এটা শ্লোক পঢ়িয়ো সমগ্ৰ বেদ অধ্যয়নৰ মূল্য ধৰি ৰাখিব পাৰে বুলি বিশ্বাস কৰা হয়। আধ্যাত্মিক মনোভাৱেৰে ভাগৱত পঢ়ক আৰু শুনক। ই আপোনাৰ জীৱনলৈ সুফল কঢ়িয়াই আনিব। লগতে ঘৰখনত আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিব। সুখ-সমৃদ্ধি বৃদ্ধি পাব।

তুলসী দেৱীক পূজা কৰক

তুলসী দেৱীক পূজা কৰক। এই মাহত তুলসী পাত দেৱতাক অৰ্পণ কৰাটো অতি পবিত্ৰতাৰ কাম বুলি গণ্য কৰা হয়। তুলসী গছ এজোপা ঘৰত ৰাখি গোটেই কাতি মাহত নিতৌ পানী দিলে পৰিৱেশ পৰিষ্কাৰ হয় আৰু ঘৰখনলৈ শান্তি আৰু সম্প্ৰীতি আনে বুলি কোৱা হয়।

স্পষ্টীকৰণ-এই প্ৰতিবেদন কেৱল তথ্যৰ বাবে প্ৰস্তুত কৰা হৈছে। এয়া কেৱল বিশ্বাস। Tv9 অসমীয়া এই ক্ষেত্ৰত কোনো কাৰণতে দায়ী নহয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...