১৮ বছৰ পাছত ডাঙৰ সংযোগ! ২০২৬ ত কপাল ফুলিব এই ৩ ৰাশিৰ…

2026 Rashi: ২০২৬ চনটো কিছুমান ৰাশিৰ বাবে শুভ হ'বলৈ গৈ আছে। বছৰৰ আৰম্ভণিতে শুক্ৰ আৰু ৰাহুৰ বিশেষ সংযোগ ঘটিব। যাৰ প্ৰভাৱ তিনিটা ৰাশিৰ ওপৰত পৰিব। এই সময়চোৱাত বিভিন্ন সুফল পাব পাৰে।

১৮ বছৰ পাছত ডাঙৰ সংযোগ! ২০২৬ ত কপাল ফুলিব এই ৩ ৰাশিৰ...

ৰাহু-শুক্ৰ

Published: 

04 Dec 2025 | 02:17 PM

নতুন বছৰ ২০২৬ চনলৈ মাজত মাত্ৰ কেইটামান দিন বাকী। জ্যোতিষ শাস্ত্ৰৰ দিশৰ পৰা এই বছৰটি কিছুমান ৰাশিৰ লোকৰ বাবে ভাল হ’ব। বছৰৰ আৰম্ভণিতে শুক্ৰ গ্ৰহ শনিৰ ৰাশি কুম্ভত প্ৰৱেশ কৰিব। এই কুম্ভ ৰাশিত ৰাহুও থাকিব। এনে অৱস্থাত ২০২৬ চনত শুক্ৰ আৰু ৰাহুল সংযোগ ঘটিব। জ্যোতিষ শাস্ত্ৰৰ দিশৰ পৰা এই সংযোগ অতি বিশেষ হ’বলৈ গৈ আছে। যাৰ ভাল প্ৰভাৱ কিছুমান ৰাশিৰ ওপৰত পৰিব।

ৰাহু আৰু শুক্ৰ উভয়কে বস্তুগত সুখ, আকৰ্ষণ, সুযোগ, খ্যাতি আৰু বিলাসীতাৰ সৈতে জড়িত বুলি কোৱা হয়। ৰাহুৱে গতি,উচ্ছাকাংক্ষা, অসাধাৰণ কৃতিত্বৰ প্ৰেৰণা দিয়ে। আনহাতে শুক্ৰই আনন্দ, সম্পৰ্ক, শিল্প, সৌন্দৰ্য্য, প্ৰেম, ধন-সম্পত্তিৰ কাৰক হিচাপে গণ্য কৰা হয়।  জ্যোতিষ শাস্ত্ৰ মতে, ৰাহু আৰু শুক্ৰৰ এই সংযোগ প্ৰায় ১৮ বছৰৰ মূৰত হ’ব।

কাৰ বাবে ভাল

বৃষ ৰাশিঃ এই ৰাশিৰ বাবে ৰাহু-শুক্ৰৰ সংযোগ বিশেষ বুলি গণ্য কৰা হৈছে। এই সময়চোৱাত আৰ্থিক উন্নতি হ’ব, কেৰিয়াৰত সফলতা লাভ কৰিব। দীৰ্ঘদিন ধৰি কৰি থকা প্ৰচেষ্টাই ৰং আনিব। চাকৰি কৰা লোকসকলে পদোন্নতি লাভ কৰিব পাৰে। ব্যৱসায়ত ভাল হ’ব। হাতলৈ ধন আহিব।

মিথুন ৰাশিঃ এই সংযোগ মিথুন ৰাশিৰ বাবেও বিশেষ বুলি গণ্য কৰা হৈছে। এই সময়চোৱাতল সমাজত সন্মান বৃদ্ধি পাব। সৌভাগ্য আহিব। ভাগ্যই লগ দিব। ধন-সম্পত্তি বৃদ্ধি পোৱাৰ সম্ভাৱনা। চাকৰি লাভৰ সম্ভাৱনা আছে। চাকৰিয়ালসকলে নতুন চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে।

ধনু ৰাশিঃ এই সংযোগ ধনু ৰাশিৰ বাবেও শুভ বুলি কোৱা হৈছে। এই সময়চোৱাত সুখ বৃদ্ধি পাব পাৰে। আত্মবিশ্বাস বৃদ্ধি পাব। নতুন স্বীকৃতি লাভৰ সুযোগ। চাকৰিৰ ক্ষেত্ৰত নতুন সুযোগ লাভ কৰিব পাৰে। হাতলৈ ধন আহিব পাৰে।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ বছৰৰ শেষৰটো পূৰ্ণিমা, ধন লাভৰ বাবে কৰক এই সহজ উপায়…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব