সম্পৰ্কত সমস্যা আহিছে নেকি? প্ৰেমানন্দ মহাৰাজে জনালে ইয়াৰ কাৰণ আৰু দূৰ কৰাৰ উপায়…
বৰ্তমান প্ৰায়ে চৰ্চাত থকা দেখা যায় প্ৰেমানন্দ মহাৰাজক। প্ৰতিদিনে তেওঁৰ ওচৰলৈ বহু ভক্ত যায়। ভক্তই তেওঁৰ আগত নিজৰ সমস্যাৰ কথা কয় আৰু মহাৰাজে তেওঁলোকক সমাধান দিয়ে।

প্ৰেমানন্দ মহাৰাজ
সম্পৰ্কত সমস্যা অহা সাধাৰণ কথা। কিন্তু বাৰে বাৰে যদি এই সমস্যা আহে তেন্তে ই সম্পৰ্ক নষ্ট কৰি পেলায়। প্ৰেমানন্দ মহাৰাজে মানুহৰ বিভিন্ন সমস্যাৰ সমাধান দিয়ে। বহু ভক্তই নিজৰ সমস্যা লৈ তেওঁৰ কাষ চাপে। এই সমস্যা ব্যক্তিগত, পাৰিবাৰিক বা কেতিয়াবা অন্য দিশৰ ওপৰত হোৱা দেখা যায়। শেহতীয়াকৈ প্ৰেমানন্দ মহাৰাজে সম্পৰ্কত তিক্ততা সন্দৰ্ভত মন্তব্য প্ৰদান কৰিছে। তেওঁ কৈছে যে, সম্পৰ্কত তিক্ততা অহাৰ অৰ্থ কি আৰু ইয়াৰ দূৰ কৰিবলৈ কি কৰিব লাগে।
যদি সম্পৰ্কত বাৰে বাৰে সমস্যা আহিছে তেন্তে এই ক্ষেত্ৰত প্ৰেমানন্দ মহাৰাজে বিশ্বাস কৰে যে ইয়াৰ কাৰণ আপোনাৰ স্বভাৱ হ’ব পাৰে। কোনোবাখিনিত আপোনাৰ স্বভাৱ বা আচৰণ ভুল হ’ব পাৰে। আপোনাৰ ব্যৱহাৰ ভুল হ’ব পাৰে। সম্পৰ্কত মৰম থাকিব লাগে।
তেওঁ কয়, প্ৰতিটো সম্পৰ্কৰ উন্নতি হ’ব লাগে। যদি ভক্তি কৰি থাকোতে সম্পৰ্কৰ অৱনতি ঘটিছে তেন্তে আপোনাৰ ভক্তিত কিবা এটা ভুল হৈছে। আপুনি আপোনাৰ পত্নীৰ মাজত ঈশ্বৰ, সন্তানৰ মাজত ঈশ্বৰ আৰু পিতৃ-মাতৃৰ মাজত ঈশ্বৰক দেখা উচিত। আমি তেওঁলোকক এই অনুভৱেৰে ভাল পোৱা উচিত যে তেওঁলোক আমাৰ সকলো আৰু আমাৰ ঈশ্বৰ। আমি তেওঁলোকক যিমান পাৰো ভাল পোৱা উচিত।
তেওঁ কয় যে, পত্নীক ইমানেই প্ৰেম কৰিব লাগে যে তেওঁৰ মনোভাৱ সলনি হৈ যায়। পিতৃ-মাতৃৰ ইমানেই সেৱা আৰু মৰমৰ কৰিব লাগে যে তেওঁলোকৰ আশীৰ্বাদ পায়। সন্তানক ইমানেই প্ৰেম কৰিব লাগে যে তেওঁলোকে সত্য আৰু সঠিক পথত আগবাঢ়ি যায়। এনে প্ৰেম নকৰিব যাৰ ফলত পত্নী বা পৰিয়ালৰ সৈতে সম্পৰ্ক নষ্ট হ’ব পাৰে।
মহাৰাজে আৰু কয়, প্ৰেম শব্দটোৱে শাসন আৰু মৰম দুয়োটাকে সামৰি লয়। গতিকে এই দুয়োটাৰে জৰিয়তে আমি আমাৰ পৰিয়ালৰ ভাল কাম কৰিব পাৰো। তেওঁ কয়, সম্পৰ্ক নষ্ট নকৰিব, যদি সম্পৰ্কত সমস্যা আহিছে তেন্তে জানিব আপুনি কিবা ভুল কৰি আছে। ঘৰ এখন ভালদৰে চলিবৰ বাবে যি কৰিব লাগে সেয়া কৰক। যদি প্ৰেমত অভাৱ আছে তেন্তে সেয়া শুধৰণি কৰা উচিত। ভগৱানে আপোনালোক সকলোকে ভাল পাবলৈ শিকায়।
মহাৰাজে কয় যে, পত্নী, পিতৃ-মাতৃ সকলোকে ভাল পাব লাগিব। তেতিয়াহে ইশ্বৰ সন্তুষ্ট হ’ব। তেওঁ কয়, যদি আপোনাৰ পত্নী আপোনাৰ ওপৰত সন্তুষ্ট নহয়, আপোনাৰ পিতৃ-মাতৃ সন্তুষ্ট নহয় তেন্তে কেনেকৈ ঈশ্বৰক সন্তুষ্ট কৰিব? আমি সকলোকে ভাল পাব লাগিব। লগতে ইয়াৰ বাবে আমি প্ৰথমে নিজকে শুধৰোৱা প্ৰয়োজন। আমি সকলোকে ভাল পাব লাগিব, তেতিয়াহে আমাৰ ওচৰলৈ সকলো আহিব। আমি আমাৰ ধৰ্ম পালন কৰা উচিত, ইয়াৰ দ্বাৰা নিশ্চিতভাৱে কল্যাণ আহিব।
অন্য খবৰ পঢ়কঃ পেটৰ কৰ্কট ৰোগৰ প্ৰাৰম্ভিক ৫টা লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…