কাইলৈৰ পৰা শনি হ’ব ৩ ৰাশিৰ সৌভাগ্যৰ কাৰণ, বিশেষ অৱস্থানে আৰ্থিক স্থিতি মজবুত কৰিব এইকেইটা ৰাশিৰ

জ্যোতিষ গণনা অনুসৰি, শনিৰ এই নক্ষত্ৰ পৰিৱৰ্তনে বিশেষকৈ তিনিটা ৰাশিৰ বাবে সৌভাগ্যৰ নতুন দুৱাৰ মুকলি কৰিব। এই ৰাশি তিনিটাৰ লোকসকলে আৰ্থিক দিশত ব্যাপক উন্নতিৰ মুখ দেখাৰ লগতে কেৰিয়াৰ তথা আন দিশসমূহতো সুখকৰ ফল কঢ়িয়াই আনিব। জানো আহক এইবিষয়ে।

কাইলৈৰ পৰা শনি হ’ব ৩ ৰাশিৰ সৌভাগ্যৰ কাৰণ, বিশেষ অৱস্থানে আৰ্থিক স্থিতি মজবুত কৰিব এইকেইটা ৰাশিৰ

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

19 Jan 2026 | 04:50 PM

প্ৰাচীন ভাৰতীয় সভ্যতাৰ পৰাই জ্যোতিষ শাস্ত্ৰক বিশেষ গুৰুত্ব প্ৰদান কৰি অহা হৈছে। মহাকাশত গ্ৰহ-নক্ষত্ৰৰ অৱস্থানে কেৱল প্ৰকৃতিৰ ওপৰতে নহয়, বৰঞ্চ মানৱ জীৱনৰ ভাগ্যৰ ওপৰতো গভীৰ প্ৰভাৱ পেলায়। প্ৰতিটো গ্ৰহৰ নিজস্ব শক্তি থাকে আৰু যেতিয়া কোনো শক্তিশালী গ্ৰহে নিজৰ ৰাশি বা নক্ষত্ৰ পৰিৱৰ্তন কৰে, তেতিয়া ই মানুহৰ আৰ্থিক, মানসিক আৰু সামাজিক জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ সূচনা কৰে। গ্ৰহজগতৰ ভিতৰত শনিক ‘কৰ্মফল দাতা’ আৰু আটাইতকৈ প্ৰভাৱশালী গ্ৰহ হিচাপে জনা যায়। শনিৰ গতি লেহেমীয়া যদিও ইয়াৰ পৰিৱৰ্তনে আমাৰ জীৱনত সুদূৰপ্ৰসাৰী ফলাফল কঢ়িয়াই আনে।

২০২৬ চনত শনিৰ বিৰল গতি

চলিত ২০২৬ বৰ্ষটো শনি দেৱৰ বিশেষ কৃপা লাভৰ বছৰ হিচাপে পৰিগণিত হ’ব। এই গোটেই বছৰটোত শনি দেৱ গুৰুৰ ৰাশি মীনত বিৰাজমান থাকিব যদিও তেওঁ তিনিবাৰকৈ নিজৰ নক্ষত্ৰ সলনি কৰিব। শনিৰ প্ৰথমটো নক্ষত্ৰ পৰিৱৰ্তন ঘটিব ২০ জানুৱাৰী অৰ্থাৎ কাইলৈ। মঙলবাৰে দুপৰীয়া ১২:১৩ বজাত শনি দেৱে নিজৰ আধিপত্য থকা ‘উত্তৰ ভদ্ৰপদ’ নক্ষত্ৰত প্ৰৱেশ কৰিব।

জ্যোতিষ গণনা অনুসৰি, শনিৰ এই নক্ষত্ৰ পৰিৱৰ্তনে বিশেষকৈ তিনিটা ৰাশিৰ বাবে সৌভাগ্যৰ নতুন দুৱাৰ মুকলি কৰিব। এই ৰাশি তিনিটাৰ লোকসকলে আৰ্থিক দিশত ব্যাপক উন্নতিৰ মুখ দেখাৰ লগতে কেৰিয়াৰ তথা আন দিশসমূহতো সুখকৰ ফল কঢ়িয়াই আনিব। জানো আহক এইবিষয়ে-

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকসকলৰ বাবে শনিৰ এই নক্ষত্ৰ পৰিৱৰ্তনে চমৎকাৰী ফলাফল কঢ়িয়াই আনিব। দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা কামবোৰে গতি লাভ কৰিব। ধন সম্পৰ্কীয় সকলো সমস্যা দূৰ হ’ব আৰু আৰ্থিক স্থিতি মজবুত হ’ব। চাকৰিয়ালসকলৰ বাবে পদোন্নতি বা অধিক দৰমহাৰ নতুন চাকৰিৰ সুযোগ আহিব পাৰে। লগতে পৈতৃক সম্পত্তিৰ পৰা লাভান্বিত হোৱাৰ প্ৰবল সম্ভাৱনা আছে।

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ লোকসকলৰ বাবে এই সময়ছোৱা অত্যন্ত শুভ হ’ব। উপাৰ্জনৰ নতুন উৎস মুকলি হ’ব আৰু ধনৰ অভাৱ দূৰ হ’ব। ব্যৱসায়ীসকলে বিশেষ লাভ অৰ্জন কৰিব আৰু নতুন ব্যৱসায়িক চুক্তি সম্পন্ন হ’ব। যিসকলে বিদেশত চাকৰি কৰাৰ সপোন দেখিছিল, তেওঁলোকৰ বাবে সময় অনুকূল। একাধিক মাধ্যমেৰে ধন লাভৰ যোগ আছে।

মকৰ ৰাশি

যিহেতু মকৰ ৰাশিৰ অধিপতি শনি দেৱ নিজেই, সেয়েহে এই ৰাশিৰ ওপৰত তেওঁৰ বিশেষ কৃপা থাকিব। গুৰুত্বপূৰ্ণ কামত সফলতা লাভ কৰাৰ ফলত আত্মবিশ্বাস বৃদ্ধি পাব। পুৰণি বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে। ঘৰত আনন্দৰ পৰিৱেশ বিৰাজ কৰিব আৰু সন্তানৰ ফালৰ পৰা কোনো শুভ খবৰ লাভ কৰিব।

ৰাতিপুৱা কিয় ৰ'দ ল'ব লাগে ? ইয়াৰ পাঁচটা বিশেষ উপকাৰিতা জানক
হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰেনে? তৎক্ষণাত ত্যাগ কৰক এই তিনিটা অভ্যাস
জিভাৰ ৰঙে দিব আপোনাৰ দেহত নীৰৱে বাঢ়ি অহা সমস্যাৰ সংকেত! জানিলে হ’ব পাৰিব সাৱধান
আহিব দুখ-দুৰ্দশা! ঘৰৰ সন্মুখত নাৰাখিব এই বস্তু...
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...