বিবাহৰ বাবে কিয় অশুভ বিবেচিত হয় পুহ মাহ? এতিয়াই জানি লওক আঁৰৰ কাৰণ
পুহ মাহত বিবাহৰ পৰা বিৰত থাকে সকলো। ধৰ্মীয় আৰু জ্যোতিষৰ দৃষ্টিকোণৰ পৰা এই পুহ মাহটো তাৎপৰ্যপূৰ্ণ যদিও এই সময়ছোৱাত কোনো শুভ কাৰ্য বা শুভ অনুষ্ঠান সম্পন্ন নহয়। পিছে পুহ মাহৰ সময়ত কিয় বিবাহ সম্পন্ন নহয়? জানো আহক এই।

প্ৰতিনিধিত্বমূলক ছবি
অসমীয়া কেলেণ্ডাৰ অনুসৰি এতিয়া চলি আছে আঘোণ মাহ। আৰু কেইদিনমান পিছতে সোমাব পুহ মাহ। অহা ১৭ ডিচেম্বৰৰ পৰা মাঘ মাহ আৰম্ভ হ’ব। সাধাৰণতে আঘোণ মাহত অসমীয়া সমাজত দেখা যায় বিবাহৰ ব্যাপক প্ৰয়োভৰ। কিন্তু পুহ মাহত বিবাহৰ পৰা বিৰত থাকে সকলো। ধৰ্মীয় আৰু জ্যোতিষৰ দৃষ্টিকোণৰ পৰা এই পুহ মাহটো তাৎপৰ্যপূৰ্ণ যদিও এই সময়ছোৱাত কোনো শুভ কাৰ্য বা শুভ অনুষ্ঠান সম্পন্ন নহয়। পিছে পুহ মাহৰ সময়ত কিয় বিবাহ সম্পন্ন নহয়? জানো আহক এই।
পুহ মাহৰ গুৰুত্ব
পুহ মাহক সূৰ্য দেৱতাৰ মাহ বুলি গণ্য কৰা হয়। এই মাহত সূৰ্য দেৱতাক পূজা কৰাটো অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচনা কৰা হয়। বিশ্বাস অনুসৰি, সূৰ্য দেৱতাৰ পূজাই শক্তি, স্বাস্থ্যৰ উন্নতি আৰু সমৃদ্ধি কঢ়িয়াই আনে। তদুপৰি পুহ মাহ পূৰ্বপুৰুষৰ বাবে প্ৰাৰ্থনা আৰু শ্ৰাদ্ধ কাৰ্য সম্পাদনৰ বাবে অতি শুভ। ইয়াৰ ফলত পিতৃ দোষৰ উপশম ঘটে।
পুহ মাহত কিয় শুভ কাম কৰা নহয়?
ধৰ্মীয় বিশ্বাস অনুসৰি পুহ মাহত বিবাহৰ দৰে শুভ অনুষ্ঠান সম্পন্ন নহয়। ইয়াৰ মূল কাৰণ হৈছে সূৰ্যৰ ধনু ৰাশিত প্ৰৱেশ। এই সময়ছোৱাত সূৰ্যৰ প্ৰভাৱ কমি যায়; ফলত বিবাহ, গৃহ প্ৰৱেশৰ দৰে শুভ অনুষ্ঠানৰ পৰা বিৰত থাকে। এই সময়ছোৱাক দেৱতাসকলৰ বিশ্ৰামৰ সময় হিচাপেও গণ্য কৰা হয়।
পুহ মাহ কিয় অশুভ?
সূৰ্যৰ প্ৰভাৱ কমঃ পুহ মাহত সূৰ্য ধনু ৰাশিত থাকে, ইয়াক জ্যোতিষত অশুভ বুলি গণ্য কৰা হয়।
খাৰমাঃ সূৰ্যৰ এই অৱস্থানৰ বাবে গোটেই মাহটোক খৰমা বা মালমা বুলি কোৱা হয়।
চুটি দিন আৰু দীঘলীয়া ৰাতিঃ খাৰমাৰ সময়ত সূৰ্য দক্ষিণ দিশলৈ গতি কৰে, ফলত দিন চুটি আৰু ৰাতি দীঘল হয়।
শুভ কাৰ্যত নিষেধাজ্ঞাঃ সূৰ্যৰ কমি অহা শুভ প্ৰভাৱৰ বাবে এই মাহত বিবাহ, গৃহ প্ৰৱেশৰ দৰে শুভ অনুষ্ঠান নিষিদ্ধ কৰা হৈছে।
পুহ মাহত কি কাম শুভ?
আধ্যাত্মিক ক্ৰিয়া-কলাপঃ পুহ মাহত পূজা, আধ্যাত্মিক কাৰ্য সম্পাদন কৰাটো অতি শুভ বুলি গণ্য কৰা হয়।
তীৰ্থযাত্ৰাঃ পুহ মাহত কোনো তীৰ্থস্থানলৈ যাত্ৰা কৰাটোও অতি ফলপ্ৰসূ বুলি গণ্য কৰা হয়।
সূৰ্য পূজাঃ এই মাহত তামৰ পাত্ৰৰে সূৰ্য দেৱতাক পানী আগবঢ়াই নিতৌ সূৰ্য পূজা কৰাটো লাভজনক বুলি বিবেচিত হয়।
দান-বৰঙণি আৰু সৎ কৰ্মঃ পুহ মাহত দান-বৰঙণি আৰু সৎ কৰ্ম কৰাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।