বছৰৰ প্ৰথমটো অমাৱস্যাত বুধ-মঙ্গলৰ শুভ সংযোগ, যুতি দৃষ্টি ৰাজযোগে ৩ ৰাশিক কৰিব সমৃদ্ধিশালী

জ্যোতিষীসকলৰ মতে, এইবাৰৰ মৌনী অমাৱস্যা অতি শুভ হ’ব। এই বিশেষ দিনটোত বুধ আৰু মঙ্গল গ্ৰহ মুখামুখিকৈ অৱস্থান কৰি 'যুতি দৃষ্টি ৰাজযোগ' সৃষ্টি কৰিব। মৌনী অমাৱস্যাত সৃষ্টি হ’বলগীয়া এই বিৰল যোগৰ ফলত ৩ টা ৰাশিৰ জাতক-জাতিকাসকল বিশেষভাৱে লাভৱান হ’ব।

বছৰৰ প্ৰথমটো অমাৱস্যাত বুধ-মঙ্গলৰ শুভ সংযোগ, যুতি দৃষ্টি ৰাজযোগে ৩ ৰাশিক কৰিব সমৃদ্ধিশালী

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

16 Jan 2026 | 07:29 PM

জ্যোতিষ শাস্ত্ৰত পূৰ্ণিমা-অমাৱস্যাৰ গুৰুত্ব অসীম। এই দিনকেইটাই ভিন্ন ৰাশিৰ ওপৰত ভিন্ন প্ৰভাৱ পেলাব পাৰে বুলি জ্যোতিষে কয়। একেদৰে গ্ৰহ-নক্ষত্ৰৰ গতি আৰু অৱস্থানে সৃষ্টি কৰা বিশেষ সংযোগেও মানুহৰ ওপৰত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। অহা দেওবাৰ, অৰ্থাৎ ১৮ জানুৱাৰীত হ’ব এই বছৰৰ প্ৰথমটো অমাৱস্যা- মৌনী অমাৱস্যা। ধৰ্মীয় বিশ্বাস অনুসৰি, এই দিনটোত পবিত্ৰ নদ-নদীত স্নান কৰা আৰু দৰিদ্ৰক দান-দক্ষিণা কৰাটো অত্যন্ত পুণ্যৰ কাম বুলি গণ্য কৰা হয়।

জ্যোতিষীসকলৰ মতে, এইবাৰৰ মৌনী অমাৱস্যা অতি শুভ হ’ব। এই বিশেষ দিনটোত বুধ আৰু মঙ্গল গ্ৰহ মুখামুখিকৈ অৱস্থান কৰি ‘যুতি দৃষ্টি ৰাজযোগ’ সৃষ্টি কৰিব। মৌনী অমাৱস্যাত সৃষ্টি হ’বলগীয়া এই বিৰল যোগৰ ফলত ৩ টা ৰাশিৰ জাতক-জাতিকাসকল বিশেষভাৱে লাভৱান হ’ব। চাওক সেই ভাগ্যশালী ৰাশিকেইটা কি কি-

মিথুন ৰাশি

মৌনী অমাৱস্যাৰ পৰা মিথুন ৰাশিৰ লোকসকলৰ বাবে অনুকূল সময় আৰম্ভ হ’ব। কৰ্ম সংক্ৰান্তত ভ্ৰমণ কৰা লোকসকলৰ বাবে ভ্ৰমণ লাভজনক প্ৰমাণিত হ’ব। বৈবাহিক জীৱনত সুখ-সুবিধা বৃদ্ধি পাব আৰু ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ’ব। যিসকলে নতুন চাকৰিৰ সন্ধান কৰি আছে, তেওঁলোকে ১৮ জানুৱাৰীৰ পিছত ভাল সুযোগ লাভ কৰিব।

ধনু ৰাশি

এই ৰাজযোগৰ ফলত ধনু ৰাশিৰ জাতকসকলে কেৰিয়াৰত বিশেষ অগ্ৰগতি দেখিবলৈ পাব। ব্যৱসায়ীসকলে নতুন চুক্তিৰ জৰিয়তে আৰ্থিকভাৱে লাভৱান হ’ব। পৰিয়াল আৰু আপোনজনৰ সৈতে অধিক সময় অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব, যি আপোনাক মানসিক শান্তি প্ৰদান কৰিব।

কুম্ভ ৰাশি

কুম্ভ ৰাশিৰ লোকসকলৰ বাবেও এই সময়ছোৱা অতি ফলদায়ক হ’ব। ভাগ্যৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰাৰ বাবে আপোনাৰ আধৰুৱা কামবোৰ সম্পন্ন হ’ব। ব্যৱসায়ত নতুন সুযোগ আহিব আৰু যুৱপ্ৰজন্মই ভৱিষ্যতৰ বাবে সঞ্চয় কৰাত সফল হ’ব। স্বাস্থ্যৰ উন্নতি ঘটিব আৰু বিশেষকৈ বয়সস্থ লোকসকলে শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব।

কেনে আছে আপোনাৰ স্বাস্থ্য, হৈছে নেকি সমস্যা! নখৰ এনে লক্ষণে দিব পূৰ্বাভাস
গৰ্ভাৱস্থাত কিমান সুৰক্ষিত শাৰীৰিক সম্পৰ্ক? জানক সন্তানৰ ওপৰত পৰে নেকি প্ৰভাৱ
যুৱকসকলে কিয় প্ৰেমত পৰে বয়সীয়াল নাৰীৰ, আঁৰৰ কাৰণ কি?
সূৰ্যাস্তৰ পাছত আনক নিদিব এই ৫বিধ বস্তু!
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি