মাৰ্চত দুখৰ অন্ত পৰিব এই ৩ ৰাশিৰ, হ’ব ধন-সম্পদেৰে ভৰপূৰ; মালব্য মহাপুৰুষ ৰাজযোগে ফুলাব কপাল

এই অৱস্থানে কেইটামান নিৰ্দিষ্ট ৰাশিৰ ভাগ্যত ধন-সোণ আৰু সুখ-বিলাসৰ এক সোণালী অধ্যায়ৰ সূচনা কৰিবলৈ সাজু হৈছে। শুক্ৰক ঐশ্বৰ্য, সুখ, প্ৰেম আৰু ধনৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে এই ৰাশিকেইটাত 'মালব্য মহাপুৰুষ ৰাজযোগ'- এ কেনে প্ৰভাৱ পেলাব পাৰে, চাওঁ আহক।

মাৰ্চত দুখৰ অন্ত পৰিব এই ৩ ৰাশিৰ, হ’ব ধন-সম্পদেৰে ভৰপূৰ; মালব্য মহাপুৰুষ ৰাজযোগে ফুলাব কপাল

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

21 Jan 2026 | 04:37 PM

মহাজাগতিক শক্তিয়ে মানুহৰ ভাগ্যৰ চকৰি কেনেদৰে ঘূৰায়, তাৰ এক অপূৰ্ব নিদৰ্শন দাঙি ধৰি ২০২৬ চনৰ মাৰ্চ মাহত আকাশত বিৰাজ কৰিব এক বিৰল শুভ যোগ। বৈদিক জ্যোতিষশাস্ত্ৰৰ এক অত্যন্ত প্ৰভাৱশালী গ্ৰহ শুক্ৰই যেতিয়া নিজৰ উচ্চ ৰাশি মীনত ভৰি দিব, তেতিয়াই সৃষ্টি হ’ব ঐশ্বৰ্য আৰু সমৃদ্ধিৰ কাৰক ‘মালব্য মহাপুৰুষ ৰাজযোগ’। কেৱল ব্যক্তিবিশেষৰ জীৱনতে নহয়, বৰঞ্চ দেশ তথা বিশ্বৰ অৰ্থনীতি আৰু সামাজিক স্থিৰতাৰ ওপৰতো এই গ্ৰহৰ সঞ্চালনে গভীৰ প্ৰভাৱ পেলাব।

বিশেষকৈ শুক্ৰৰ এই অৱস্থানে কেইটামান নিৰ্দিষ্ট ৰাশিৰ ভাগ্যত ধন-সোণ আৰু সুখ-বিলাসৰ এক সোণালী অধ্যায়ৰ সূচনা কৰিবলৈ সাজু হৈছে। শুক্ৰক ঐশ্বৰ্য, সুখ, প্ৰেম আৰু ধনৰ প্ৰতীক বুলি গণ্য কৰা হয়। গতিকে এই ৰাশিকেইটাত ‘মালব্য মহাপুৰুষ ৰাজযোগ’- এ কেনে প্ৰভাৱ পেলাব পাৰে, চাওঁ আহক-

কৰ্কট ৰাশি

মাৰ্চ মাহত সৃষ্টি হ’বলগীয়া মালব্য ৰাজযোগে কৰ্কট ৰাশিৰ লোকৰ জীৱনলৈ সুখৰ বতৰা আনিব। শুক্ৰই আপোনালোকৰ ভাগ্যৰ স্থানত প্ৰৱেশ কৰিব, যাৰ ফলত বন্ধ হৈ থকা কামবোৰে পুনৰ গতি লাভ কৰিব। পুৰণি বিনিয়োগৰ পৰা লাভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিদেশ ভ্ৰমণৰ সুযোগ অহাৰ লগতে সামাজিক মান-সন্মান বৃদ্ধি পাব।

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকসকলৰ বাবে এই ৰাজযোগ কেৰিয়াৰৰ ক্ষেত্ৰত অতি ফলদায়ক হ’ব। শুক্ৰৰ প্ৰভাৱে কৰ্মক্ষেত্ৰত পৰিচয় আৰু উন্নতিৰ পথ প্ৰশস্ত কৰিব। চাকৰিয়ালসকলে পদোন্নতি বা দৰমহা বৃদ্ধিৰ খবৰ পাব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময়ছোৱাত নতুন ডাঙৰ চুক্তি বা লাভৰ যোগ আছে।

মীন ৰাশি

মীন ৰাশিৰ লোকসকলৰ বাবে এই সময় আটাইতকৈ শুভ হ’ব, কাৰণ শুক্ৰই আপোনালোকৰ নিজৰ ৰাশিৰ ওপৰেৰেই গতি কৰিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস বৃদ্ধি পাব আৰু ব্যক্তিত্ব অধিক আকৰ্ষণীয় হ’ব। প্ৰেমৰ সম্পৰ্কত স্থিৰতা আহিব আৰু যিসকলৰ বিবাহৰ কথা চলি আছে, তেওঁলোকৰ বাবে ভাল প্ৰস্তাৱ আহিব পাৰে। আৰ্থিক দিশটোও পূৰ্বতকৈ অধিক মজবুত হ’ব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব