মাঘ বিহুৰ সময়ত দান কৰক এই ৩ সামগ্ৰী; প্ৰসন্ন হ’ব দেৱতা শনি, জীৱনত দেখিব প্ৰগতি

মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য দেৱতাৰ লগতে ন্যায়ৰ দেৱতা শনি দেৱৰ কৃপা লাভ কৰিবলৈও কিছু বিশেষ কাম কৰা হয়। এই সময়ছোৱাত তিনিবিধ বিশেষ সামগ্ৰী দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। শনি দেৱক প্ৰসন্ন কৰিবলৈ মকৰ সংক্ৰান্তিত দান কৰিবলগীয়া এই তিনিবিধ সামগ্ৰীৰ বিষয়ে জানো আহক।

মাঘ বিহুৰ সময়ত দান কৰক এই ৩ সামগ্ৰী; প্ৰসন্ন হ’ব দেৱতা শনি, জীৱনত দেখিব প্ৰগতি

এনে দানে প্ৰসন্ন কৰিব দেৱতা শনিক

Published: 

11 Jan 2026 | 01:54 PM

হেঁপাহৰ মাঘ বিহুলৈ মাজত আৰু মাত্ৰ কেইটামান ঘণ্টা। ইতিমধ্যেই বিহুৰ উছাহে স্পৰ্শ কৰিছে সকলোকে। অসমত মাঘ বিহু উদযাপনৰ সময়তে দেশৰ আন কিছু প্ৰান্তত পালন কৰা হ’ব মকৰ সংক্ৰান্তি। দেৱতা সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰা উপলক্ষে প্ৰতি বছৰে মাঘ মাহত মকৰ সংক্ৰান্তি পালন কৰা হয়। মকৰ হ’ল সূৰ্য দেৱতাৰ পুত্ৰ শনি দেৱৰ ৰাশি। এই দিনটো সমগ্ৰ দেশতে বিভিন্ন নামেৰে পালন কৰা হয়। ধৰ্মীয় বিশ্বাস অনুসৰি এই দিনটোত পবিত্ৰ নদীত স্নান আৰু দান-দক্ষিণা কৰাৰ পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে।

বিশ্বাস অনুসৰি, এই দিনটোত গংগাকে ধৰি পবিত্ৰ নদীত স্নান কৰি দান কৰিলে বিশেষ পুণ্য লাভ হয়। যিহেতু মকৰ সংক্ৰান্তি সূৰ্য দেৱতাৰ সৈতে জড়িত এক উৎসৱ, সেয়েহে এই দিনটোত তেওঁৰ বিশেষ পূজা কৰা হয়। সূৰ্য দেৱতাৰ আৰাধনা কৰিলে মনৰ কামনা পূৰণ হোৱাৰ লগতে সুস্বাস্থ্যৰ আশীৰ্বাদ পোৱা যায় বুলি ধাৰ্মিক বিশ্বাস আছে।

মকৰ সংক্ৰান্তিৰ দিনা সূৰ্য দেৱতাৰ লগতে ন্যায়ৰ দেৱতা শনি দেৱৰ কৃপা লাভ কৰিবলৈও কিছু বিশেষ কাম কৰা হয়। এই সময়ছোৱাত তিনিবিধ বিশেষ সামগ্ৰী দান কৰাটো অতি শুভ বুলি গণ্য কৰা হয়। শনি দেৱক প্ৰসন্ন কৰিবলৈ মকৰ সংক্ৰান্তিত দান কৰিবলগীয়া এই তিনিবিধ সামগ্ৰীৰ বিষয়ে জানো আহক-

ক’লা তিল

মকৰ সংক্ৰান্তিৰ দিনা স্নান আৰু পূজা-অৰ্চনাৰ পিছত ক’লা তিল দান কৰাটো অতি প্ৰয়োজনীয়। বিশ্বাস কৰা হয় যে এই দিনটোত ক’লা তিল দান কৰিলে কুণ্ডলীত শনিৰ স্থিতি শক্তিশালী হয় আৰু শনি দেৱৰ আশীৰ্বাদ পোৱা যায়। আপুনি বিচাৰিলে মন্দিৰতো ক’লা তিল দান কৰিব পাৰে।

ঘিউ

ধৰ্মীয় ৰীতি-নীতি পালনৰ পিছত বিশুদ্ধ ঘিউ দান কৰাটো অত্যন্ত শুভ বিবেচিত হয়। এই দিনটোত ঘিউ আৰু মাটিমাহ মিশ্ৰিত খিচিৰি বনাই দৰিদ্ৰজনক ভোজন কৰালে জীৱনত সুখ-শান্তি বৃদ্ধি পায়। ইয়াৰ দ্বাৰা শনি দেৱৰ বিশেষ কৃপা লাভ হোৱাৰ লগতে ঘৰলৈ সমৃদ্ধি আহে।

ক’লা কম্বল

মকৰ সংক্ৰান্তিৰ দিনা দৰিদ্ৰ আৰু অসহায় লোকক ক’লা কম্বল দান কৰক। শাস্ত্ৰীয় বিশ্বাস অনুসৰি, এনে কৰিলে শনি দেৱৰ কৃপাত কেৰিয়াৰ আৰু ব্যৱসায়ত আশানুৰূপ সফলতা লাভ কৰিব পাৰি। লগতে জীৱনৰ বহু বাধা-বিঘিনি দূৰ হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব