Uttarakhand Char Dham: উত্তৰাখণ্ডৰ ৪ ধামৰ দুৱাৰ কেতিয়া খোল খাব? জানক সবিশেষ

Uttarakhand Char Dham: প্ৰতি বছৰে লাখ লাখ ভক্ত উত্তৰাখণ্ডলৈ আহে কেদাৰনাথ, বদ্ৰীনাথ, গংগোত্ৰী আৰু যমুনোত্ৰী ধাম দৰ্শন কৰিবলৈ। বিশ্বাস অনুসৰি কেৱল এই চাৰিটা ধাম ভ্ৰমণ কৰিলেই মানুহৰ সকলো পাপ খণ্ডন হয়।

Uttarakhand Char Dham: উত্তৰাখণ্ডৰ ৪ ধামৰ দুৱাৰ কেতিয়া খোল খাব? জানক সবিশেষ

উত্তৰাখণ্ডৰ ৪ ধামৰ দুৱাৰ কেতিয়া খোল খাব?

Published: 

03 Feb 2025 23:13 PM

Uttarakhand Char Dham: উত্তৰাখণ্ডৰ পবিত্ৰ চাৰি ধাম যাত্ৰাক অতি বিশেষ বুলি গণ্য কৰা হয়। প্ৰতি বছৰে লাখ লাখ ভক্তই গংগোত্ৰী, যমুনোত্ৰী, কেদাৰনাথ আৰু বদ্ৰীনাথ ধাম দৰ্শন কৰিবলৈ আহে। এইবাৰ ৩০ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব চাৰি ধাম যাত্ৰা। ৩০ এপ্ৰিলৰ দিনটো অক্ষয় ত্ৰিতীয়াৰ দিন। বিগত বৰ্ষত প্ৰায় ১১ লাখ লোক বদ্ৰীনাথত উপস্থিত হোৱাৰ বিপৰীতে প্ৰায় ১৩.৫ লাখ ভক্তই কেদাৰনাথত উপস্থিত হৈছিল। উত্তৰাখণ্ডৰ চাৰি ধামৰ দুৱাৰ এইবাৰ কেতিয়া মুকলি হ’ব জানক।

কেতিয়া খোল খাব বদ্ৰীনাথ ধামৰ দুৱাৰ?

অহা ৪ মে’ৰ পুৱা ৬ বজাত বদ্ৰীনাথ ধামৰ দুৱাৰ মুকলি হ’ব। ইয়াৰ পূৰ্বে ৰীতি-নীতি অনুসৰি পূজা কৰা হ’ব। দুৱাৰ খোলাৰ পূৰ্বে ২২ এপ্ৰিলত বদ্ৰীনাথ ধামৰ বাবে আৰম্ভ হ’ব গাডু ঘড়া তেল কলহ যাত্ৰা। এই যাত্ৰাত বদ্ৰী ভগৱানৰ মহাভিষেকৰ বাবে তেল প্ৰস্তুত কৰাৰ পৰম্পৰা যুগ যুগ ধৰি চলি আহিছে।

মহাভিষেক তিল তেলেৰে কৰা হয়

বদ্ৰী ভগৱানৰ মহাভিষেকৰ বাবে তিল তেল উলিয়ৱা হয়। স্থানীয় বিবাহিতা মহিলাই প্ৰস্তুত কৰে এই তেল। তাৰ পিছত আৰম্ভ হয় কলহ যাত্ৰা। এই কলহ যাত্ৰা অহা ৩ মে’ত ঋষিকেশ আৰু ৰুদ্ৰপ্ৰয়াগ হৈ বদ্ৰীনাথ ধামত উপস্থিত হ’ব। ইয়াৰ পিছত ৪ মে’ত প্ৰভুক তিল তেলেৰে অভিষেক কৰা হ’ব। তেতিয়া মন্দিৰৰ দুৱাৰ খোল খাব। যোৱা বছৰ ১৭ নৱেম্বৰত বদ্ৰীনাথ ধামৰ দুৱাৰ বন্ধ হৈ পৰিছিল।

কেতিয়া খোল খাব কেদাৰনাথ ধামৰ দুৱাৰ?

কেদাৰনাথ ধামৰ দুৱাৰ কেতিয়া খুলিব ঘোষণা কৰা নাই। ২৬ ফেব্ৰুৱাৰীত মহাশিৱৰাত্ৰিত পঞ্চাংগ গণনাৰ পিছত কেদাৰনাথ ধামৰ দুৱাৰ খোলাৰ তাৰিখ নিৰ্ধাৰণ কৰা হ’ব। এই পঞ্চাংগ গণনা উখিমঠত অৱস্থিত ওমকাৰেশ্বৰ মন্দিৰত হ’ব। ২০২৪ চনত ১০ মে’ত কেদাৰনাথ ধামৰ দুৱাৰ খোলা হৈছিল, তাৰ পিছত ভক্তৰ যথেষ্ঠ ভিৰ দেখা গৈছিল। অক্ষয় ত্ৰিতীয়াৰ দিনা গংগোত্ৰী আৰু যমুনোত্ৰি ধামৰো দুৱাৰ খোল খাব। ইয়াৰ লগে লগে আৰম্ভ হ’ব চৰ ধামলৈ যাত্ৰা।

চাৰি ধম যাত্ৰাৰ গুৰুত্ব

উত্তৰাখণ্ডৰ চাৰি ধামক হিন্দু ধৰ্মগ্ৰন্থত বিশেষ গুৰুত্ব দিয়া হৈছে। হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি চাৰি ধাম ভ্ৰমণ কৰা সকলৰ সকলো পাপ ধ্বংস হৈ যায়। চাৰি ধাম ভ্ৰমণ কৰা সকলৰ জীৱনৰ সকলো সমস্যা নাইকিয়া হৈ যায়।

 

 

মাহেকীয়াৰ সময়ত অত্যাধিক পেটৰ বিষ আৰু ৰক্তক্ষৰণ হোৱাটো কি ৰোগৰ লক্ষণ জানেনে?
Sawan 2025: শাওন মাহত ভুলতেও দান নকৰিব এইসমূহ বস্তু, বিপদত পৰিব আপুনি!
বিয়াৰ পূৰ্বে জীৱন সংগীক কি কি কথা সুধিব লাগে? ক'লে প্ৰেমানন্দ মহাৰাজে...
সাৱটি ধৰিবলৈ মহিলাই পুৰুষক দিয়ে ধন, ক'ত আছে এই ব্যৱস্থা?