ঢাকৰ তালে তালে ৰাণীৰ নাচোন, ভিডিঅ’ কৰাত ব্যস্ত জয়া! দৃশ্য দেখি হতবাক…

কোৱা হয় যে কৰিশ্মা কাপুৰে নিবিচাৰিলেও জয়া বচ্চনে ৰাণী মুখাৰ্জীক তেওঁৰ পুত্ৰৰ পত্নী হোৱাটো বিচাৰিছিল। অৱশ্যে অভিষেক নিজেই সেই আশাত চেচাঁ পানী ঢালিছিল। কৰিশ্মাক এৰি ঐশ্বৰ্যৰক নিজৰ কৰি ল'লে অভিষেক আৰু ৰাণীয়ে আদিত্য চোপ্ৰাৰ লগত বিবাহ পাশত আৱদ্ধ হয় ।

ঢাকৰ তালে তালে ৰাণীৰ নাচোন, ভিডিঅ কৰাত ব্যস্ত জয়া! দৃশ্য দেখি হতবাক...

ঢাকৰ তালে তালে ৰাণী মুখাৰ্জীৰ নৃত্য

Updated On: 

02 Oct 2025 | 02:20 PM

এসময়ত অভিষেক বচ্চন আৰু ৰাণী মুখাৰ্জীৰ প্ৰেম কাহিনী বলীউডত ছুপাৰহিট হৈ পৰিছিল। সেই প্ৰেমৰ উৰাবাতৰিৰে বলীউডত এই দম্পতীক লৈ বহু ছবি নিৰ্মাণ কৰা হৈছিল। অৱশ্যে এই প্ৰেমৰ মাজত হঠাৎ প্ৰৱেশ কৰিছিল কৰিশ্মা কাপুৰে। যদিও কোৱা হয় যে কৰিশ্মা কাপুৰে নিবিচাৰিলেও জয়া বচ্চনে ৰাণী মুখাৰ্জীক তেওঁৰ পুত্ৰৰ পত্নী হোৱাটো বিচাৰিছিল।

অৱশ্যে অভিষেক নিজেই সেই আশাত চেচাঁ পানী ঢালিছিল। কৰিশ্মাক এৰি অভিষেকে ঐশ্বৰ্যৰক নিজৰ কৰি ল’লে আৰু ৰাণীয়ে আদিত্য চোপ্ৰাৰ লগত বিবাহ পাশত আৱদ্ধ হয়। এই সকলোবোৰ এতিয়া পুৰণি খবৰ।  কিন্তু এতিয়া মুম্বাইৰ ৰাণী মুখাৰ্জীৰ দুৰ্গা পূজাত ঘটিল এটা আচৰিত ঘটনা।

অষ্টমীৰ দিনা দেৱীক সেৱা জনাবলৈ ৰাণী মুখাৰ্জীৰ দুৰ্গা পূজাত ৰাতিপুৱাই উপস্থিত হৈছিল জয়া বচ্চন। মণ্ডপত ভৰি দিয়ে  তেওঁ পাপাৰাজীৰ ওপৰত ক্ষুব্ধ হৈ পৰে। তাতকৈ ডাঙৰ কথাটো আছিল অঞ্জলিৰ পিছত যেতিয়া ৰাণীয়ে সন্ধি পূজাৰ সময়ত ঢাকৰ তালত নাচিবলৈ আৰম্ভ কৰিছিল। সেই সময়তে হাতত মোবাইল লৈ ৰাণীৰ নৃত্য ৰেকৰ্ডিং কৰিবলৈ ব্যস্ত হৈ পৰিছিল জয়া বচ্চন। তেওঁ হাঁহি হাঁহি গোটেই পূজাৰ পৰিৱেশ মোবাইলত ৰেকৰ্ডিং কৰিছিল। এনেদৰে জয়াৰ ৰূপ দেখি নেটিজেনসকল হতভম্ব হৈ পৰিল।

ৰাণী আৰু কাজলৰ ঘৰত দুৰ্গা পূজাত সদায় বলীউডৰ নায়ক-মহানায়কসকল উপস্থিত থাকে। অমিতাভ, জয়া, ঐশ্বৰ্য, অভিষেক, দীপিকা, শ্বাহৰুখ, ছলমান, কেটৰিনা, আলিয়া, ৰণবীৰ সকলোৱে প্ৰতি বছৰে উপস্থিতি হয়। আৰু পূজাৰ কেইদিনমানৰ বাবে ৰাণী আৰু কাজলে চেলিব্ৰিটি শিষ্টাচাৰ পাহৰি গৃহিণীৰ দৰে পূজাৰ লগত জড়িত হৈ পৰা দেখা যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব