পথৰ কাষৰ কুকুৰক খাদ্য খুৱায় নেকি? এনে অভ্যাস আপোনাৰ বাবে শুভ নে অশুভ, চাওক

জীৱ-জন্তুৰ প্ৰতি বিশেষকৈ কুকুৰৰ প্ৰতি মানুহৰ মৰমৰ ভাৱ অধিক। বহু লোকে ঘৰত কুকুৰ নাথাকিলেও পথত থকা অঘৰী কুকুৰক বিস্কুট বা আন যিকোনো খাদ্য দিয়া দেখা যায়। কিন্তু প্ৰতিদিনে এইদৰে কুকুৰক খাবলৈ দিয়া উচিত হয় নে নহয়, জানেনে? জ্যোতিষত এই সন্দৰ্ভত কি কৈছে চাওঁ আহক।

পথৰ কাষৰ কুকুৰক খাদ্য খুৱায় নেকি? এনে অভ্যাস আপোনাৰ বাবে শুভ নে অশুভ, চাওক

প্ৰতিনিধিত্বমূলক ছবি

Published: 

10 Jan 2025 | 04:00 PM

জীৱ-জন্তুৰ প্ৰতি অধিকাংশ লোকৰে প্ৰেমভাৱ দেখা যায়। বিশেষকৈ কুকুৰৰ প্ৰতি মানুহৰ মৰমৰ ভাৱ অধিক। বহু লোকে ঘৰত কুকুৰ নাথাকিলেও পথত থকা অঘৰী কুকুৰক বিস্কুট বা আন যিকোনো খাদ্য দিয়া দেখা যায়। আনকি কুকুৰলৈ ভয় কৰা লোকেও ৰাস্তাত কুকুৰ দেখা পালে খাবলৈ যিকোনো খাদ্য ক্ৰয় কৰি দিব পাৰে। কিন্তু প্ৰতিদিনে এইদৰে কুকুৰক খাবলৈ দিয়া উচিত হয় নে নহয়, জানেনে? জ্যোতিষত এই সন্দৰ্ভত কি কৈছে চাওঁ আহক-

জ্যোতিষৰ মতে যদি কোনো ব্যক্তিৰ ৰাশিফলত শনি বা ৰাহু-কেতু দোষ থাকে তেন্তে সেই দোষ শুধৰাই দিব লাগে। যদি নাই, তেন্তে বিভিন্ন সমস্যাৰ সৃষ্টি হ’ব পাৰে। আৰ্থিক সমস্যা, সম্পৰ্কৰ ক্ষেত্ৰত সমস্যা আনকি সুনাম হেৰুওৱাৰ সম্ভাৱনাও থাকে।

জ্যোতিষ শাস্ত্ৰই গ্ৰহবোৰক শান্ত কৰি ৰাখিবলৈ কিছু প্ৰতিকাৰৰ পৰামৰ্শ দিয়ে। এনে এক জ্যোতিষ বিধানত কুকুৰৰ বিষয়ে উল্লেখ আছে। এই বিধান অনুসৰি ক’লা কুকুৰে নেতিবাচক শক্তি দূৰ কৰাত সহায় কৰে বুলি বিশ্বাস কৰা হয়।

ঘৰত ক’লা কুকুৰ এটা ৰাখিলে সকলো গ্ৰহ শান্ত হৈ থাকে বুলি কোৱা হয়। লগতে ঘৰখনক অহিত চিন্তকৰ কুচক্ষুৰ পৰা ৰক্ষা কৰাত সহায় কৰে বুলিও বিশ্বাস আছে। শাস্ত্ৰ অনুযায়ী শনি, ৰাহু আৰু কেতুক শান্ত কৰি ৰখাৰ বাবে ঘৰত কুকুৰ ৰখাটোৱেই উত্তম সমাধান।

বিভিন্ন অসুবিধাৰ বাবে বহু লোকে ঘৰত কুকুৰ ৰাখিব নোৱাৰে। জ্যোতিষ শাস্ত্ৰই এইক্ষেত্ৰতো কিছু প্ৰতিকাৰ আগবঢ়াইছে। সেই অনুসৰি ঘৰত কুকুৰ ৰাখিব নোৱাৰিলে ৰাস্তাৰ কুকুৰক খুৱাব পাৰি। এনে কাৰ্যত শনি দেৱ সন্তুষ্ট হয় বুলি বিশ্বাস কৰা হয়।

কুকুৰক খাদ্য পৰিবেশন কৰিলে শনি দেৱ সন্তুষ্ট হয়। যিসকলৰ শনিৰ দোষ আছে, তেওঁলোকে দৈনিক কুকুৰক খুৱাব লাগিব। বহু লোকে ধৰ্মীয় বিশ্বাস অনুসৰি কুকুৰক সেৱা আগবঢ়ালে শনি গ্ৰহৰ দ্বাৰা সৃষ্টি হোৱা অসুবিধাৰ পৰা মুক্তি পাব পাৰি বুলি ধাৰণা কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...