পুৱা উঠিয়েই আইনাত মুখ চোৱাৰ অভ্যাস আছে নেকি? জানি লওক বাস্তু শাস্ত্ৰই কি কয়…

দিনটো আৰম্ভ কৰিবলৈ বাস্তু শাস্ত্ৰই বিভিন্ন নিয়মৰ কথা উল্লেখ কৰিছে। পুৱা ঈশ্বৰ সেৱা কৰিলে ভাল ফল পোৱা যায় বুলি বাস্তু শাস্ত্ৰই কৈছে। সাধাৰণতে আমাৰ বহু লোকৰে পুৱা শুই উঠি আইনা চোৱাৰ অভ্যাস আছে। পিছে বাস্তু মতে এই অভ্যাস ভাল নে বেয়া?

পুৱা উঠিয়েই আইনাত মুখ চোৱাৰ অভ্যাস আছে নেকি? জানি লওক বাস্তু শাস্ত্ৰই কি কয়...

পুৱা আইনা চোৱাৰ অভ্যাস ভাল নে বেয়া?

Updated On: 

16 Aug 2025 | 06:42 AM

পুৱা সোনকালে উঠিব লাগে, জ্যেষ্ঠজনে আমাক সদায় এই পৰামৰ্শ দি আহিছে। স্বাস্থ্যৰ বাবে এই অভ্যাস অতি গুৰুত্বপূৰ্ণ। সোনকালে শোৱাৰ পৰা উঠাৰ লগতে পুৱা খোজ কঢ়া বা শাৰীৰিক ব্যায়াম কৰা, ভালদৰে ব্ৰেকফাষ্ট গ্ৰহণ কৰা ইত্যাদি স্বাস্থ্য সংক্ৰান্তীয় আন বহু দিশৰ বিষয়ে অভিজ্ঞ লোক তথা বিশেষজ্ঞসকলে পৰামৰ্শ আগবঢ়ায়। ইয়াৰ সমান্তৰালকৈ পিছে পুৱাৰ সময়খিনিত আমি মানিবলগা কিছুমান নীতি-নিয়মৰ কথাও জ্যোতিষ আৰু বাস্তু শাস্ত্ৰই কয়।

জ্যোতিষ আৰু বাস্তুৱে উল্লেখ কৰা এই নীতি-নিয়মসমূহ মানি চলিলে ব্যক্তিৰ জীৱনলৈ তথা পৰিয়াললৈ সুখ-শান্তি তথা সমৃদ্ধিৰ আগমন ঘটে বুলি কোৱা হয়। সাধাৰণতে আমাৰ বহু লোকৰে পুৱা শুই উঠি আইনা চোৱাৰ অভ্যাস আছে। পিছে বাস্তু মতে এই অভ্যাস ভাল নে বেয়া? এই অভ্যাসৰ ফলত আমাৰ জীৱনত কেনে প্ৰভাৱ পৰে? জানো আহক এই বিষয়ে-

দিনটো আৰম্ভ কৰিবলৈ বাস্তু শাস্ত্ৰই বিভিন্ন নিয়মৰ কথা উল্লেখ কৰিছে। পুৱা ঈশ্বৰ সেৱা কৰিলে ভাল ফল পোৱা যায় বুলি বাস্তু শাস্ত্ৰই কৈছে। কোৱা হয় যে সাৰ পোৱাৰ পিছত হাতৰ তলুৱালৈ চোৱাটোও শুভ। কিন্তু পুৱা সাৰ পোৱাৰ লগে লগে দাপোনত মুখ চাব নালাগে বুলি বাস্তু শাস্ত্ৰই পৰামৰ্শ আগবঢ়ায়।

বাস্তু শাস্ত্ৰ মতে, পুৱা সাৰ পোৱাৰ লগে লগে যদি কোনো লোকে আইনাত তেওঁলোকৰ মুখখন চায় তেতিয়া ইয়াৰ ফলত তেওঁলোকৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে। মানুহ শোৱাৰ পৰা উঠাৰ সময়ত তেওঁৰ শক্তি সৰ্বনিম্ন অৱস্থাত থাকে। সেয়ে সেই সময়ত দাপোনলৈ চালে মনটো অস্থিৰ হৈ পৰে বুলি কোৱা হয়।

বিশ্বাস কৰা হয় যে ৰাতি আইনাখনৰ ওচৰত ঋণাত্মক শক্তি জমা হয়। গতিকে পুৱা আইনা চালে সেই ব্যক্তিজনৰ ওপৰতো নেতিবাচক প্ৰভাৱ পৰে। লগতে পুৱা সাৰ পাই উঠাৰ পিছতে আইনাখন চালে মনত অস্থিৰতাৰ ভাৱ সৃষ্টি কৰিব পাৰে। গতিকে বাস্তু শাস্ত্ৰই পুৱা সাৰ পোৱাৰ পিছতে দাপোনত মুখ চোৱাটো অশুভ হিচাপে গণ্য কৰে।

বিশেষ দ্ৰষ্টব্যঃ এই প্ৰতিবেদনত উপস্থাপন কৰা বক্তব্যসমূহ বাস্তু শাস্ত্ৰৰ ওপৰত আধাৰিত। এই ক্ষেত্ৰত TV9 Assam- এ নিজা কোনো মতামত প্ৰকাশ কৰা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...