Daily Horoscope: ৰামভক্ত হনুমানৰ কৃপাত আজি ভাগ্য সুপ্ৰসন্ন হ’ব এইকেইটা ৰাশিৰ, চাওক আজিৰ ৰাশিফল

হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি এই মঙলবাৰ দিনটো ভগৱান হনুমানৰ দিন। গতিকে আজি এই ৰাশিকেইটাৰ  ওপৰত ভগৱান হনুমানৰ আশীৰ্বাদ থকা বুলিব পাৰি। জানো আহক আজি ৰাশি অনুসাৰে জ্যোতিষীসকলে প্ৰকাশ কৰা ৰাশিফলে কি আগজাননী কৰিছে।

Daily Horoscope: ৰামভক্ত হনুমানৰ কৃপাত আজি ভাগ্য সুপ্ৰসন্ন হ’ব এইকেইটা ৰাশিৰ, চাওক আজিৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল

Published: 

23 Dec 2025 06:00 AM

আজি ২৩ ডিচেম্বৰ, মঙলবাৰ। জ্যোতিষ গণনা অনুসৰি আজিৰ দিনটো বহুকেইটা ৰাশিৰ বাবে শুভ দেখা গৈছে। এই ৰাশিকেইটাৰ ওপৰত আজি ভাগ্যৰ পূৰ্ণ সহায় থাকিব। তাতে হিন্দু ধৰ্মীয় বিশ্বাস অনুসৰি এই মঙলবাৰ দিনটো ভগৱান হনুমানৰ দিন। গতিকে আজি এই ৰাশিকেইটাৰ  ওপৰত ভগৱান হনুমানৰ আশীৰ্বাদ থকা বুলিব পাৰি। জানো আহক আজি ৰাশি অনুসাৰে জ্যোতিষীসকলে প্ৰকাশ কৰা ৰাশিফলে কি আগজাননী কৰিছে-

মেষ ৰাশিৰ ৰাশিফল

ব্যৱসায়ত পৰিৱৰ্তন কৰিব পাৰে। অনিচ্ছা সত্বেও খৰচ বৃদ্ধি হ’ব পাৰে, নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক। চাকৰিয়ালসকলৰ ব্যস্ততা বাঢ়িব। ভ্ৰমণৰ সময়ত গুৰুত্বপূৰ্ণ খবৰ লাভ কৰিব। পৰিয়ালৰ কোনো বিষয়ক লৈ চিন্তিত হ’ব। সন্তানৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে।

বৃষ ৰাশিৰ ৰাশিফল

ব্যৱসায়ৰ ক্ষেত্ৰত পাৰ্টনাৰৰ লৈতে ভালদৰে আলোচনা কৰক। নিজৰ পৰিশ্ৰমৰ ওপৰত ভৰসা ৰাখক। কামত মনোযোগ দিয়ক। মানসিক চিন্তা থাকিব। সামাজিক কামত আগ্ৰহ বাঢ়িব। খং নিয়ন্ত্ৰণত ৰাখক। অচিনাকি লোকৰ পৰা দূৰত্ব বজাই ৰাখক।

মিথুন ৰাশিৰ ৰাশিফল

অসম্পূৰ্ণ কোনো কাম সম্পূৰ্ণ সম্পূৰ্ণ কৰিব পাৰিব। গুৰুত্বপূৰ্ণ কাম পিছলৈ নাৰাখিব। ব্যস্ততা বৃদ্ধি পাব। পৰিয়ালৰ যিকোনো বিষয় আলোচনাৰ মাজেৰে সমাধা কৰক। মনৰ চিন্তা পিতৃৰ আগত প্ৰকাশ কৰক। জীৱনসংগীৰ সৈতে নতুন কাম আৰম্ভ কৰিব পাৰে।

কৰ্কট ৰাশিৰ ৰাশিফল

বিনিয়োগত লাভৰ মুখ দেখিব। দায়িত্বপূৰ্ণ কাম লাভ কৰিব। কৰ্মব্যস্ততা বাঢ়িব। কামত অৱহেলা নকৰিব। খাদ্যাভ্যাসত পৰিৱৰ্তন আনক। দাম্পত্য জীৱন সুখকৰ হ’ব। মনৰ ইচ্ছা পূৰণ হ’লে অতি সুখী হ’ব।

সিংহ ৰাশিৰ ৰাশিফল

আধ্যাত্মিক কাম-কাজৰ প্ৰতি আগ্ৰহ বাঢ়িব। কাম সময়মতে শেষ কৰিবলৈ কৰক। বন্ধু আৰু পৰিয়ালৰ পূৰ্ণ সহায় পাব। অপ্ৰয়োজনত আন লোকৰ কথাত জড়িত থ’ব। চাকৰিৰ বাবে পৰীক্ষাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত শুভ। দূৰ ভ্ৰমণৰ সুযোগ লাভ কৰিব।

কন্যা ৰাশিৰ ৰাশিফল

আৰ্থিক বিষয়ত সফলতা লাভ কৰিব। চাকৰিৰ ভাল অফাৰ লাভ কৰিব পাৰে। কৰ্মসংক্ৰান্তত কৰা যাত্ৰা লাভজনক বিবেচিত হ’ব। সামাজিক ক্ষেত্ৰত কাম কৰাসকলৰ বাবে ভাল। সন্মান বৃদ্ধি পাব। নিজৰ আচৰণত সংযম ৰাখক। মাতৃ-পিতৃৰ সৈতে সম্পত্তিৰ বিষয়ত মতানৈক্য হ’ব পাৰে।

তুলা ৰাশিৰ ৰাশিফল

শাৰীৰিক সমস্যা আওকাণ নকৰিব। দাম্পত্য জীৱনত কোনো মতানৈক্য আছিল যদি সেয়া দূৰ হ’ব, একেলগে ফুৰিবলৈ যাব পাৰে। মনত কোনো কথাক লৈ ঈৰ্ষা ভাৱ নাৰাখিব। সম্পৰ্কীয় কোনো লোকৰ সৈতে সাক্ষাৎ হ’ব।

বৃশ্চিক ৰাশিৰ ৰাশিফল

আয় বৃদ্ধিৰ উপায়ৰ প্ৰতি মনোযোগ দিয়ক। পৰিশ্ৰমৰ পূৰ্ণ ফল লাভ কৰিব। আইনী বিষয়ত সফলতা লাভ কৰিব। ভাগ্যৰ পূৰ্ণ সহায় পাব। ভাতৃ-ভগ্নীৰ পৰা সহায়ৰ প্ৰয়োজন হ’ব পাৰে। কোনো লোকৰ সৈতে হোৱা মতানৈক্য আলোচনাৰ মাধ্যমেৰে দূৰ হ’ব।

ধনু ৰাশিৰ ৰাশিফল

কামত কোনো ধৰণৰ পৰিৱৰ্তন নকৰাই উচিত হ’ব। জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিবলৈ চেষ্টা কৰক। কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। ৰাজনীতিৰ সৈতে জড়িতসকলে কোনো কামৰ প্ৰতি অত্যধিক উৎসাহী হোৱা উচিত নহয়।

মকৰ ৰাশিৰ ৰাশিফল

নতুন কাম আৰম্ভ কৰিব পাৰে। পাৰ্টনাৰশ্বিপত নতুন কামৰ চিন্তা কৰিব পাৰে। কামত সহায় ল’ব লাগিব। সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল হ’ব। পিতৃৰ কোনো কথাত মন মনোকষ্ট পাব পাৰে। সংগীৰ সৈতে ৰোমাণ্টিক সময় কটাব পাৰিব। অচিনাকি লোকৰ পৰা দূৰত্ব বজাই ৰাখক।

কুম্ভ ৰাশিৰ ৰাশিফল

কৰ্মক্ষেত্ৰত সমস্যাৰ সন্মুখীন হ’ব পাৰে, নতুন চাকৰিৰ বাবে চেষ্টা কৰিব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। অহিত চিন্তকে আপোনাৰ কামত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰিব। ভাতৃ-ভগ্নীৰ পৰা পূৰ্ণ সহায় লাভ কৰিব। দাম্পত্য জীৱনত বুজা-পৰা বজাই ৰাখিবলৈ চেষ্টা কৰক।

মীন ৰাশিৰ ৰাশিফল

ব্যৱসায়িক ক্ষেত্ৰ বিস্তাৰৰ চেষ্টা কৰিব। কৰ্মক্ষেত্ৰত কোনো সমস্যা থাকিলে ঊৰ্ধতন কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰক। জীৱনসংগীক উপহাৰ আগবঢ়াব পাৰে। বাহন চলোৱাৰ ক্ষেত্ৰত সাৱধান হওক। মনৰ ইচ্ছা পূৰ হ’ব পাৰে। মাতৃ-পিতৃৰ সেৱাৰ বাবে সময় দিয়ক।

ব্লাড চুগাৰৰ মাত্ৰা হঠাতে হ্ৰাস পালে কি কৰিব! এতিয়াই জানি লওক এইবিষয়ে
কিদৰে চিনিব ৰাসায়নিক দ্ৰৱ্য ব্যৱহাৰেৰে পকোৱা কল? চাওক এই সহজ টিপছ্
কি কি কাৰণত আঁঠুৰ বিষ হয়? হ'ব পাৰে এই জটিল ৰোগ...
কিডনী সুস্থ ৰাখিবলৈ দৈনিক খাওক এই তিনিবিধ প্ৰাকৃতিক পানীয়
গুৱাহাটীৰ গেটৱে’ ঘাট টাৰ্মিনেলত মুখ্যমন্ত্ৰী শৰ্মা
‘মিছ গ্ল’বেল এছিয়া ২০২৫’ৰ খিতাপ অৰ্জন ষ্টেফী গগৈৰ
অখিল গগৈ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্ৰীয়ে...
বিজেপিয়ে কিমান আসন পাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে...