নতুন বৰ্ষত নতুন গৃহত প্ৰৱেশৰ পৰিকল্পনা কৰিছে নেকি? চাওক আগন্তুক বৰ্ষত গৃহ প্ৰৱেশৰ বাবে শুভ দিন কি কি…

অলেখ কষ্ট আৰু ত্যাগৰ বিনিময়ত নিৰ্মাণ হৈ উঠা নতুন গৃহটিত প্ৰৱেশৰ বাবে প্ৰতিগৰাকী ব্যক্তিয়েই সাধাৰণতে এটি শুভ ক্ষণৰ বাবে অপেক্ষা কৰে। সঠিক সময়ত আৰু শুভ সময়ত নতুন গৃহত প্ৰৱেশ কৰিলে ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি পোৱা যায় বুলি সকলোৰে বিশ্বাস। আগন্তুক ২০২৫ চনতো গৃহ প্ৰৱেশৰ বাবে এনে শুভ ক্ষণ তথা দিনৰ গণনা কৰা হৈছে। এই লেখাটোত এই সন্দৰ্ভত সবিশেষ উল্লেখ কৰা হৈছে।

নতুন বৰ্ষত নতুন গৃহত প্ৰৱেশৰ পৰিকল্পনা কৰিছে নেকি? চাওক আগন্তুক বৰ্ষত গৃহ প্ৰৱেশৰ বাবে শুভ দিন কি কি...

২০২৫ চনত গৃ্হ প্ৰৱেশৰ বাবে শুভ সময়

Updated On: 

23 Nov 2024 | 10:22 PM

নতুন এটি ঘৰ নিৰ্মাণ কৰি পৰিয়ালৰ সৈতে একেলগে এই নতুন গৃহত বাস কৰাৰ আশা সকলোৰে থাকে। এই আশা পূৰ্ণৰ বাবে সকলোৱেই পাৰ্যমানে চেষ্টা কৰে। এনে স্বপ্ন পূৰণে স্বাভাৱিকতেই সুখানুভূতি জগাই তোলে পিতৃ-মাতৃ তথা পতি-পত্নী-সন্তানৰ মনত। এনে সুখানুভূতিয়েই প্ৰতিগৰাকী ব্যক্তিৰ জীৱনৰ অন্যতম শ্ৰেষ্ঠ প্ৰাপ্তি। অলেখ কষ্ট আৰু ত্যাগৰ বিনিময়ত নিৰ্মাণ হৈ উঠা নতুন গৃহটিত প্ৰৱেশৰ বাবে প্ৰতিগৰাকী ব্যক্তিয়েই সাধাৰণতে এটি শুভ ক্ষণৰ বাবে অপেক্ষা কৰে।

হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি যিকোনো কাম কৰাৰ বাবে শুভ সময়ৰ গণনা কৰা হয়। শুভ সময়ত কৰা কামে প্ৰাপ্তি তথা সফলতা কঢ়িয়াই আনে বুলি বিশ্বাস কৰা হয়। এনে কাৰণতে যিকোনো গুৰুত্বপূৰ্ণ কাম কেৱল শুভ সময়তহে কৰা হয়। একে কাৰণতে গৃহ প্ৰৱেশৰ ক্ষেত্ৰতো শুভ সময়ৰ ওপৰত গুৰুত্ব দিয়া হয়। সঠিক সময়ত আৰু শুভ সময়ত নতুন গৃ্হত প্ৰৱেশ কৰিলে ঘৰত সুখ, শান্তি আৰু সমৃদ্ধি পোৱা যায় বুলি সকলোৰে বিশ্বাস।

সাধাৰণতে নতুন বছৰটোৱে মানুহৰ বাবে বহু আশা আৰু উদ্দীপনা কঢ়িয়াই আনে। এনে পৰিস্থিতিত নতুন বছৰত মানুহে গৃহ প্ৰৱেশৰ বাবে পৰিকল্পনা কৰে। প্ৰতি বছৰে বিভিন্ন তাৰিখত গৃ্হ প্ৰৱেশৰ বাবে এনে শুভ ক্ষণৰ নিৰ্ধাৰণ কৰা হয়। আগন্তুক ২০২৫ চনতো গৃহ প্ৰৱেশৰ বাবে এনে শুভ ক্ষণ তথা দিনৰ গণনা কৰা হৈছে। এই লেখাটোত এই সন্দৰ্ভত সবিশেষ উল্লেখ কৰা হৈছে। এই লেখাটোৰ জৰিয়তে আপুনি আগন্তুক বৰ্ষত গৃহ প্ৰৱেশৰ পৰিকল্পনা কৰিব পাৰিব।

 

২০২৫ চনৰ জানুৱাৰী মাহত গৃহ প্ৰৱেশৰ বাবে কোনো শুভ সময় নাই।

ফেব্ৰুৱাৰী মাহত গৃহ প্ৰৱেশৰ বাবে শুভ সময়ঃ  ৬, ৭, ৮, ১৪, ১৫ আৰু ১৭ ফেব্ৰুৱাৰী।

মাৰ্চ মাহত গৃহ প্ৰৱেশৰ বাবে শুভ সময়ঃ ১, ৫, ৬, ১৪ আৰু ১৫ মাৰ্চ।

এপ্ৰিল মাহত গৃহ প্ৰৱেশৰ বাবে শুভ সময়ঃ ৩০ এপ্ৰিল।

মে’ মাহত গৃহ প্ৰৱেশৰ বাবে শুভ সময়ঃ ১, ৭, ৮, ৯, ১০, ১৪, ১৭, ২২, ২৩ আৰু ২৮ মে’।

জুন মাহত গৃহ প্ৰৱেশৰ বাবে শুভ সময়ঃ ৪ আৰু ৬ জুন।

জুলাই আৰু ছেপ্টেম্বৰ মাহত গৃহ প্ৰৱেশৰ বাবে কোনো শুভ সময় নাথাকিব।

অক্টোবৰ মাহত গৃহ প্ৰৱেশৰ বাবে শুভ সময়ঃ ২৩, ২৪ আৰু ২৯ অক্টোবৰ।

নৱেম্বৰ মাহত গৃহ প্ৰৱেশৰ বাবে শুভ সময়ঃ ৩, ৬, ৭, ৮, ১৪, ১৫, ২৪, আৰু ২৯ নৱেম্বৰ।

ডিচেম্বৰ মাহত গৃহ প্ৰৱেশৰ বাবে শুভ সময়ঃ ১, ৫ আৰু ৬ ডিচেম্বৰ।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব