Geeta: ধ্বংস হ’ব জীৱন! কেতিয়াও নকৰিব এই ৩টা মহাপাপ, গীতাৰ পৰা জানক সকলো…

Geeta: শ্ৰীমদ্ভগৱদ গীতাত বিভিন্ন দিশৰ বিষয়ে উল্লেখ আছে। শ্ৰীকৃষ্ণই অৰ্জুনক মহাভাৰতৰ যুদ্ধৰ সময়ত যি যি কৈছিল সেই কথাই আজিও লাখ লাখ মানুহক অনুপ্ৰাণিত কৰে। এই সময়চোৱাত শ্ৰীকৃষ্ণই মানুহৰ তিনিটা পাপৰ কথাও উল্লেখ কৰিছে।

Geeta: ধ্বংস হব জীৱন! কেতিয়াও নকৰিব এই ৩টা মহাপাপ, গীতাৰ পৰা জানক সকলো...

শ্ৰীকৃষ্ণ

Published: 

09 Dec 2025 13:05 PM

শ্ৰীমদ্ভগৱদ গীতা (Geeta) কেৱল এক ধৰ্মীয় গ্ৰন্থ নহয়, ই মানুহক জীয়াই থকাৰ প্ৰেৰণা দিয়ে। গীতাত ভগৱান শ্ৰীকৃষ্ণই মানুহৰ স্বভাৱ, কৰ্ম, জীৱনৰ উদ্দেশ্য আদিৰ বিষয়ে বৰ্ণনা কৰিছে। গীতাৰ ১৬ নং অধ্যায় “দৈৱসুৰ সম্পাদ্বিভাগ যোগ”ত কৃষ্ণই মানুহৰ ভিতৰত থকা ঐশ্বৰিক আৰু আসুৰিক গুণৰ বৰ্ণনা কৰিছে। এই সময়চোৱাত কৃষ্ণই কৈছে যে, মানুহৰ তিনিটা অভ্যাসে জীৱন ধ্বংস কৰিব পাৰে।

ষোড়শ অধ্যায়ৰ ২১ নং পদত ভগৱান শ্ৰীকৃষ্ণই তিনিটা বেয়া অভ্যাসৰ বিষয়ে উল্লেখ কৰি কৈছে যে, এই অভ্যাসে মানুহক নৰকৰ দুৱাৰলৈ লৈ যায়। গতিকে এই অভ্যাস কেইটা কি কি সেয়া তলত উল্লেখ কৰা হ’ল।

কামনা (অত্যধিক কামনা আৰু আশা)

ধ্বংসৰ কাৰণঃ যেতিয়া মানুহৰ ইচ্ছাবোৰ অসীম হয় তেতিয়া সেইবোৰ পূৰণ কৰিবলৈ যিকোনো প্ৰকাৰে আগবাঢ়ে। ইয়াৰ ফলত বহুতে অনৈতিক কাম, আনক শোষণ কৰে আৰু নিজৰ কৰ্তব্য পাহৰি যায়।

পৰিণতি: ইয়াৰ পৰিণতিত মানুহ সদায় অসন্তুষ্ট হৈ থাকে। কামনা পূৰণ নহ’লে দুখ আৰু ক্ৰোধৰ সৃষ্টি হয়। সেইবোৰ পূৰণ নহ’লে আৰু অধিক কামনাৰ সৃষ্টি হয়। যি মানুহক কেতিয়াও শান্তিত থাকিব নিদিলে।

খং

ধ্বংসৰ কাৰণ: খঙে মানুহৰ বুদ্ধি নষ্ট কৰে। গীতাৰ দ্বিতীয় অধ্যায়ত কোৱা হৈছে, খঙৰ ফলত মূৰ্খতা আহে, মূৰ্খতাৰ ফলত স্মৃতি ভ্ৰষ্ট (উচিত-অনুচিত বুজি নোপোা) হয় আৰু স্মৃতিভ্ৰষ্টই বুদ্ধি নষ্ট কৰে। যেতিয়া বুদ্ধিমত্তা ধ্বংস হয় তেতিয়া ব্যক্তিৰ পতন নিশ্চিত।

পৰিণতিঃ খঙত এজন লোতে যি সিদ্ধান্ত লয় বা যি কয় সেইখিনিয়ে তেওঁৰ সম্পৰ্ক, স্বাস্থ্য আৰু কেৰিয়াৰ ধ্বংস কৰিব পাৰে। ই নিজৰ লগতে আনৰো ক্ষতি কৰে।

লোভ

ধ্বংসৰ কাৰণ: এজন লোভী ব্যক্তিয়ে কেৱল নিজৰ স্বাৰ্থৰ কথাহে চিন্তা কৰে। ধন জমা কৰাত ইমানেই ব্যস্ত হৈ পৰে যে ন্যায়, ধাৰ্মিকতা, কৰুণা আদি মানৱীয় গুণবোৰ পৰিত্যাগ কৰে। লোভে চুৰি, প্ৰতাৰণা, অন্যায়ৰ দৰে পাপৰ কামলৈ ঠেলি দিয়ে।

পৰিণতি: লোভে মানুহক কৃপণ আৰু স্বাৰ্থপৰ কৰি তোলে। যিমানেই সম্পত্তি নাথকক কিয়, এনে লোকে আনক সহায় কৰিব নোৱাৰে। ই সামাজিক আৰু পাৰিবাৰিক সম্পৰ্ক দুৰ্বল কৰি তোলে।

“এতৈৰবিমুখ কৌন্তেয় তামোদবৈস্ত্ৰীভীৰণৰহ। আচাৰ্যত্মানঃ শ্রেয়স্ততো যাতি পৰম গতিম॥” (ভাগৱত ১৬.২২)

অৰ্থঃ ষোড়শ অধ্যায়ৰ ২২ নং পদত ভগৱান শ্ৰীকৃষ্ণই কৈছে, “হে কুন্তী পুত্ৰ, যি ব্যক্তিয়ে এই তিনিখন নৰকৰ দুৱাৰৰ পৰা মুক্ত হয়, তেওঁ নিজৰ কল্যাণৰ বাবে কাম কৰে আৰু ফলস্বৰূপে চূড়ান্ত মোক্ষ লাভ কৰে।”

 

(এই লেখাটো ধৰ্মীয় বিশ্বাস তথা মান্যতাৰ ভিত্তিত লিখা হৈছে। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ ১৮ বছৰ পাছত ডাঙৰ সংযোগ! ২০২৬ ত কপাল ফুলিব এই ৩ ৰাশিৰ…

ডায়েবেটিছ ৰোগীয়ে শীতকালত ভুলতো খাব নালাগে এইসমূহ খাদ্য...
নিম্ন ৰক্তচাপৰ সমস্যা হ'লে কি কি লক্ষণে দেখা দিয়ে, জানক...
অতিকৈ ভাগ্যৱান, এই ৪ ৰাশিৰ জীৱনলৈ কেতিয়াও নাহে দৰিদ্ৰতা!
ৰাতি শোৱাৰ আগতে এফুটা নহৰু খালে কি হয়? পাব বহু আচৰিত উপকাৰ
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...