Ganesh Chaturthi History: গণেশ চতুৰ্থী ২৬ আগষ্ট নে ২৭ আগষ্টত? জানক কেতিয়াৰ পৰা এই উৎসৱ পালন কৰা হৈছে…

Ganesh Chaturthi 2025: আহি আছে গণেশ চতুৰ্থী। ভাদ মাহৰ বিনায়ক চতুৰ্থীত গণেশক প্ৰতিষ্ঠা কৰা হ'ব, এইবাৰ গণেশ চতুৰ্থী কেতিয়া? সঠিক তাৰিখ জানি লওক।

Ganesh Chaturthi History: গণেশ চতুৰ্থী ২৬ আগষ্ট নে ২৭ আগষ্টত? জানক কেতিয়াৰ পৰা এই উৎসৱ পালন কৰা হৈছে...

কেতিয়াৰ পৰা গণেশ চতুৰ্থী পালন কৰা হৈছে?

Published: 

20 Aug 2025 21:51 PM

গণেশ চতুৰ্থী বা বিনায়ক চতুৰ্থী হৈছে এটা হিন্দুসকলৰ উত্‍সৱ। এই সময়ত গণেশ দেৱতাই তেওঁ মাতৃ দেৱী পাৰ্বতীৰ সৈতে কৈলাস পৰ্বতৰ পৰা পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় আৰু তাৰে পৰিপ্ৰেক্ষিতত এই উত্‍সৱ পালন কৰা হয়। এই উৎসৱৰ সময়ত ঘৰত ব্যক্তিগতভাৱে গণেশৰ মাটিৰ প্ৰতিমা স্থাপন কৰা হয় বা ৰাজহুৱাভাৱে বিস্তৃত অঞ্চলত পাণ্ডল(অস্থায়ী পৰ্যায়) স্থাপন কৰি গণেশক পূজা কৰা হয়। পূজাৰ সময়ত ব্ৰত পালন কৰি সকলোৱে বেদ শাস্ত্ৰৰ অনুসৰি হিন্দু মন্ত্ৰ, প্ৰাৰ্থনা আদি গায়। এই পূজাত প্ৰসাদ হিচাপে বিশেষভাৱে “মোডক” মিঠাইবিধ আগবঢ়াই, কিয়নো মোডক ভগবান গণেশৰ প্ৰিয় বুলি বিশ্বাস কৰা হয়। এই উত্‍সৱৰ দশমদিনা অন্ত পৰে আৰু সেইদিনা সকলোৱে মিলি গণেশ দেৱতাক আনন্দ উলাহেৰে, বাজনা-নৃত্য, হৰ্ষ-ধ্বনিৰে নদী বা সাগৰত বিসৰ্জন দিয়া হয়। ভগৱান গণেশক নতুনত্বৰ আৰম্ভণিৰ ঈশ্বৰ আৰু বাধা ৰক্ষক আৰু লগতে জ্ঞান আৰু বুদ্ধিমত্তাৰ ঈশ্বৰ বুলি মানি এই উত্‍সৱ উদযাপন কৰা হয়।

ভাৰতীয় স্বাধীনতা সংগ্ৰামী লোকমান্য তিলকে ১৮৯২ চনত ৰাজহুৱা-ৰোধী বিধানসভা আইনৰ মাধ্যমেৰে ঔপনিৱেশিক ব্ৰিটিছ চৰকাৰৰ হিন্দু সন্থাৰ ওপৰত বিৰাজকৰা ঔপনিৱেশিক শাসন ব্যৱস্থাৰ নিষিদ্ধ কৰণৰ এক উপায় হিচাপে ইয়াক প্ৰৱৰ্তন কৰিছিল।

ভাৰতত, গণেশ চতুৰ্থী প্ৰাথমিকভাৱে মধ্য আৰু পশ্চিম ৰাজ্যসমূহৰ ভিতৰত মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, গুজৰাট, ৰাজস্থান, গোৱা আৰু দক্ষিণ ৰাজ্যসমূহৰ ভিতৰত কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, টেলেংগানা, তামিলনাডু, কেৰালা আৰু পূৱৰ ৰাজ্যসমূহৰ ভিতৰত পশ্চিমবংগ আৰু উৰিষ্যাত বিশেষভাৱে স্থানীয় সমাজ গোটৰ দ্বাৰা ঘৰত আৰু ৰাজহুৱাভাৱে পালন কৰা হয়। অসমতো কোনো কোনো ঠাইত অনুস্থুপীয়াকৈ গণেশ চতুৰ্থী অনুষ্ঠিত কৰা দেখা যায়।

পূজাৰ শুভ মুহূৰ্ত

গণেশ পূজাৰ মধ্যান্ন সময়ক গণেশক স্থাপনৰ বাবে উত্তম সময় বুলি গণ্য কৰা হয়। ২৭ আগষ্ট ২০২৫ তাৰিখে গণেশ পূজাৰ শুভ সময় পুৱা ১১:০৫ বজাৰ পৰা নিশা ০১:৪০ বজালৈ।

 

গণেশ চতুৰ্থীত কেনেকৈ সন্তুষ্ট কৰিব গণপতি বাপ্পাক?
পাকঘৰত ব্যৱহাৰ কৰা এইসমূহ বস্তু হ'ব পাৰে কৰ্কট ৰোগৰ কাৰণ, জানক...
আপোনাৰ হাতলৈ অহা নাই নেকি আশানুৰূপ ধন? তেন্তে আজিয়েই কৰক এই কাম!
৩০ বছৰ পাছত বিৰল সংযোগ! ভাল দিন আহিব ৩ ৰাশিৰ লোকৰ জীৱনলৈ...