মানি প্লান্টতকৈ শুভ! আৰ্থিক উন্নতিৰ বাবে ঘৰলৈ আনক এই উদ্ভিদ, জানক ইয়াৰ নাম…

বহু মানুহে ঘৰৰ উন্নতিৰ বাবে কিছুমান উপায় অৱলম্বন কৰে। বহুতে ঘৰলৈ মানি প্লান্ট অনাও দেখা যায়। মান্যতা তথা বিশ্বাস অনুসৰি, কিছুমান উদ্ভিদে ঘৰলৈ সফলতা অনাত সহায় কৰে।

মানি প্লান্টতকৈ শুভ! আৰ্থিক উন্নতিৰ বাবে ঘৰলৈ আনক এই উদ্ভিদ, জানক ইয়াৰ নাম...

মানি প্লান্ট

Published: 

26 Jan 2026 | 07:56 PM

বাস্তু শাস্ত্ৰত উদ্ভিদক গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। ঘৰত বিভিন্ন গছ-গছনি ৰোপণ কৰা হয়। বাস্তুৰ মতে, যদি কিছুমান বিশেষ উদ্ভিদ ঘৰত ৰোপণ কৰা হয় তেন্তে জীৱনলৈ ইতিবাচক পৰিবৰ্তন আহে। ইয়াৰ ফলত জীৱনলৈ সফলতা আহে। মানি প্লান্ট (Money Plany)ৰ কথা প্ৰায় সকলোৱে জানে। মান্যতা অনুসৰি মানি প্লান্ট শুভ। এই প্লান্ট ঘৰৰ সঠিক দিশত ৰোপণ কৰিলে ধনৰ উন্নতি হয়।

কিন্তু এনে এবিধ উদ্ভিদ আছে, যাক মানি প্লান্টতকৈ শুভ বুলি গণ্য কৰা হয়। গতিকে এই উদ্ভিদৰ নাম কি, ইয়াৰ উপকাৰিতা সকলো এই লেখাটোত উল্লেখ কৰা হল।

ক্ৰাছুলা উদ্ভিদ

এই উদ্ভিদক ক্ৰাছুলা প্লাণ্ট (Crassula Plant) বুলি কোৱা হয়। ইয়াক মানি প্লান্ট শ্ৰেণীত ৰখা হয়। চাইনীজ বাস্তু শাস্ত্ৰ অনুসৰি অৰ্থাৎ ফেংগচুইত ইয়াত মানি প্লান্টতকৈ অধিক শক্তিশালী বুলি গণ্য কৰা হয়। ঘৰত ক্ৰাছুলা উদ্ভিদ ৰোপণ কৰিলে লাহে লাহে আৰ্থিক সমস্যা দূৰ হয় বুলি বিশ্বাস কৰা হয়। ই আয়ৰ নতুন পথ মুকলি কৰে। ইয়াৰোপৰি এই উদ্ভিদে ইতিবাচক শক্তি বৃদ্ধি কৰি জীৱনলৈ সমৃদ্ধি আনে।

চাকৰি আৰু ব্যৱসায়ত সুবিধা

যদি আপোনাৰ আৰ্থিক সমস্যা হয় তেন্তে এই গছ ৰোপণ কৰা অত্যন্ত উপকাৰী। বাস্তু মতে, ঘৰত এই উদ্ভিদ ৰোপণ কৰিলে চাকৰি আৰু ব্যৱসায়ত লাভ হয়। ইয়াৰোপৰি শক্তিৰ ভাৰসাম্যও বৰ্তি থাকে। ব্যৱসায়ীসকলৰ বাবে এয়া অতি শুভ বুলি গণ্য কৰা হয়। ঘৰৰ মূল দুৱাৰৰ সোঁফালে এই উদ্ভিদ ৰোপণ কৰিব পাৰে।

কি হয়

বিশ্বাস অনুসৰি, ঘৰত এই উদ্ভিদ ৰোপণ কৰিলে ধন-সম্পত্তি বৃদ্ধি হয়। এই উদ্ভিদক অধিক পানীৰ প্ৰয়োজন নাই। কেৱল পাতবোৰ মাজে মাজে চাফা কৰি থাকিব লাগে। ইয়াক পৰ্যাপ্ত সূৰ্যৰ পোহৰৰ প্ৰয়োজন হয়। বাস্তু মতে, এই উদ্ভিদৰ উপস্থিতিয়ে পৰিবেশ পৰিষ্কাৰ কৰাত সহায় কৰাৰ লগতে মানুহৰ মানসিক স্বাস্থ্য ভালে ৰাখে।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে TV9Assam ৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ ঘৰত নেতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পালে কি কি সংকেত পোৱা যায়? জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...