বছৰৰ প্ৰথমটো শুকুৰবাৰে এই ৫টা সহজ উপায়েৰে দেৱী লক্ষ্মীক কৰক সন্তুষ্ট, বছৰটোলৈ হ’ব ধন সম্পত্তিৰ আগমন

শুকুৰবাৰ দিনটো দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভৰ বাবে আটাইতকৈ শুভ দিন বুলি গণ্য কৰা হয়। বছৰৰ প্ৰথম শুকুৰবাৰে কিছুমান বিশেষ নিয়ম পালন কৰিলে গোটেই বছৰটো ঘৰত সুখ-শান্তি বিৰাজ কৰাৰ লগতে আৰ্থিক নাটনি নোহোৱা হয়। জানো আহক এই বিষয়ে।

বছৰৰ প্ৰথমটো শুকুৰবাৰে এই ৫টা সহজ উপায়েৰে দেৱী লক্ষ্মীক কৰক সন্তুষ্ট, বছৰটোলৈ হ’ব ধন সম্পত্তিৰ আগমন

দেৱী লক্ষ্মী

Published: 

02 Jan 2026 09:35 AM

আৰম্ভ হৈছে নতুন বৰ্ষ ২০২৬। এই নতুন বছৰটোৰ আজি প্ৰথম শুকুৰবাৰ। হিন্দু ধৰ্ম আৰু জ্যোতিষত সপ্তাহৰ শুকুৰবাৰ দিনটো ধন, সমৃদ্ধি, ধন, মংগলৰ দেৱী লক্ষ্মীৰ প্ৰতি উৎসৰ্গা কৰা হয়। শুকুৰবাৰে সেয়ে কিছুমান বিশেষ নীতি-নিয়ম আৰু ব্ৰত পালন কৰা হয়। শুকুৰবাৰ দিনটো দেৱী লক্ষ্মীৰ আশীৰ্বাদ লাভৰ বাবে আটাইতকৈ শুভ দিন বুলি গণ্য কৰা হয়। বছৰৰ প্ৰথম শুকুৰবাৰে কিছুমান বিশেষ নিয়ম পালন কৰিলে গোটেই বছৰটো ঘৰত সুখ-শান্তি বিৰাজ কৰাৰ লগতে আৰ্থিক নাটনি নোহোৱা হয়। জানো আহক এই বিষয়ে-

ভোগ আৰু পদুম ফুলঃ বগা ৰং আৰু পদুম ফুল দেৱী লক্ষ্মীৰ অত্যন্ত প্ৰিয়। সেয়েহে আজি ঘৰতে বা কোনো লক্ষ্মী-নাৰায়ণ মন্দিৰলৈ গৈ দেৱীক মিঠাই, মাখন অথবা পায়সৰ ভোগ অৰ্পণ কৰক। লগতে পদুম ফুল আগবঢ়াওক। ইয়াৰ ফলত জন্মকুণ্ডলীত ‘শুক্ৰ’ গ্ৰহ শক্তিশালী হয়।

ঘিউৰ চাকিঃ আজি সন্ধিয়া ঘৰৰ মুখ্য দুৱাৰত গৰু ঘিউৰে এগচি চাকি জ্বলাওক। চাকিত অলপ কেশৰ বা এটা ইলাচী দিয়ক। ই ঘৰৰ পৰা নেতিবাচক শক্তি দূৰ কৰে আৰু মা লক্ষ্মীৰ আগমন ঘটায়।

শ্ৰী যন্ত্ৰৰ অভিষেকঃ বছৰৰ প্ৰথমটো শুকুৰবাৰে গাখীৰ আৰু গংগাজলেৰে ‘শ্ৰী যন্ত্ৰ’ৰ অভিষেক কৰক। শ্ৰী যন্ত্ৰক দেৱীৰ এক ৰূপ হিচাপে গণ্য কৰা হয়। ইয়াৰ পূজা কৰিলে দৰিদ্ৰতা দূৰ হয়।

কনকধাৰা স্তোত্ৰঃ আজিৰ দিনটোত ‘কনকধাৰা স্তোত্ৰ’ পাঠ কৰাটো অত্যন্ত ফলদায়ক। যদি আপুনি নিজে পাঠ কৰিব নোৱাৰে, তেতিয়া ভক্তিৰে ‘কনকধাৰা স্তোত্ৰ’ৰ শ্ৰৱণ কৰক। ইয়াৰ ফলত জীৱনত ধন-সম্পত্তিৰ অভাৱ নহয়।

কন্যা পূজাঃ ৭ বা ১১ গৰাকী কন্যাক ঘৰলৈ নিমন্ত্ৰণ কৰি বগা ৰঙৰ মিঠাই খুৱাওক। কন্যাক দেৱী লক্ষ্মীৰ ৰূপ বুলি গণ্য কৰা হয়, সেয়েহে তেওঁলোকৰ আশীৰ্বাদ ল’লে আৰ্থিক উন্নতিৰ পথ মুকলি হয়।

শীতকালত নিয়মিত খাওক মাত্ৰ এই ৫টা ফল, আপোনাৰ লিভাৰ হৈ থাকিব সুস্থ
মানুহক দৰিদ্ৰ কৰে এই ৫টা অভ্যাসে, গৰুড় পুৰাণত আছে সকলো...
ব্লাড চুগাৰৰ সমস্যা আছে নেকি? শীতকালত নাখাব এইসমূহ খাদ্য...
নিতে গঢ়ি তোলক মাত্ৰ এই ৫টা অভ্যাস, উচ্চ ৰক্তচাপৰ চিন্তা হ’ব দূৰ
অসমত খিলঞ্জীয়া হিন্দু আৰু মুছলিমৰ সমান অধিকাৰ আছেঃ মুখ্যমন্ত্ৰী
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?