ভাৰতৰ এখন গাঁও! য’ত নলয় হনুমানৰ নাম, আনকি পূজা কৰাও নিষিদ্ধ…

হিন্দু ধৰ্মত হনুমানৰ মহত্ব অধিক। কোৱা হয়, হনুমানক পূজা কৰিলে সুখ-সমৃদ্ধি হয়। কিন্তু এনে এখন গাঁও আছে য'ত হনুমানক পূজা কৰা নিষিদ্ধ। আনকি কোনোৱে তেওঁৰ নাম নলয়।

ভাৰতৰ এখন গাঁও! যত নলয় হনুমানৰ নাম, আনকি পূজা কৰাও নিষিদ্ধ...

হনুমান

Published: 

18 Jul 2025 | 02:12 PM

হিন্দু ধৰ্মত হনুমানৰ বিশেষ মহত্ব আছে। মান্যতা অনুসৰি, হনুমান সন্তুষ্ট হলে ভক্তৰ সকলো মনৰ কামনা পূৰণ হয়। কিন্তু ভাৰতবৰ্ষত এনে এখন ঠাই আছে যত হনুমানৰ পূজা কৰা নিষিদ্ধ। এই ঠাইত হনুমানৰ কোনো মন্দিৰ নাই, আনকি কোনোৱে তেওঁৰ নাম লব নোৱাৰে। ইমানেই নহয়, এই ঠাইত নাই হনুমানৰ কোনো ভক্ত। ইয়াৰোপৰি ইয়াৰ মানুহে হনুমান, বজৰং, সংকটমোচন আৰু মাৰুতিৰ দৰে নাম লোৱাৰ পৰাও দূৰত থাকে। পিছে ইয়াৰ কাৰণ কি জানেনে।

মান্যতা অনুসৰি, ইয়াৰ আঁৰৰ কাহিনী ৰামায়ণ যুগৰ লগত জড়িত। উত্তৰাখণ্ডৰ চামোলীত অৱস্থিত এই গাঁওখনৰ নাম দ্ৰোনাগিৰি । এই গাঁৱখন হনুমানৰ নাম লোৱাটোও নিষিদ্ধ। ইয়াত হনুমানৰ কোনো মূৰ্তি বা মন্দিৰ নাই। ইয়াত ভগৱান ৰামক পূজা কৰা হয়। কিন্তু ইয়াৰ জনতাই ৰামায়ণৰ যুগৰ পৰা হনুমানৰ প্ৰতি ক্ষোভিত হৈ আছে। ইয়াৰ মানুহে হনুমানক পূজা নকৰে, বৰঞ্চ ৰামৰ শত্ৰু নিম্বা দৈত্যক পূজা কৰে।

ৰামায়ণৰ যুগৰ লগত জড়িত

বিশ্বাস অনুসৰি ইয়াৰ কাহিনী ৰামায়ণ যুগৰ সৈতে জড়িত। কোৱা হয় যে ৰাৱণৰ লগত হোৱা যুদ্ধত ৰামৰ ভাতৃ লক্ষ্মণ অচেতন হৈ পৰিছিল। তেতিয়া হনুমানে সঞ্জীৱনী নিবলৈ এই গাঁৱলৈ আহিছিল। বনৌষধি বিচাৰি থাকোতে হনুমানে কোনটো বনৌষধি লব লাগে সেই বিষয়ে কোনো সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নাছিল। যাৰ বাবে তেওঁ সমগ্ৰ পাহাৰখন তুলি নিছিল। কাৰণ কেৱল সঞ্জীৱনীয়েহে লক্ষ্মণৰ প্ৰাণ ৰক্ষা কৰাৰ একমাত্ৰ উপায় আছিল।

ক্ষমা কৰা নাছিল

হনুমানৰ কামত অসন্তুষ্ট হৈ পৰিছিল স্থানীয় দেৱতা লাটু। এই কাম কৰাৰ বাবে হনুমানক ক্ষমা কৰা নাছিল তেওঁ। স্থানীয় লোকৰ মতে হনুমানে পৰ্বত উভালি পেলোৱাৰ পূৰ্বে অনুমতি লোৱা নাছিল আৰু সেই সময়ত পৰ্বত দেৱতা ধ্যান-ধাৰণাত নিয়োজিত আছিল। সেই সময়ত হনুমানে যেতিয়া পৰ্বত দেৱতাৰ সোঁহাতখন উভালি লৈ গৈছিল, যাৰ বাবে আজিও ইয়াৰ মানুহে হনুমানক ক্ষমা কৰিব পৰা নাই। এই কাৰণে ৰামায়ণৰ যুগৰ পৰা এই ঠাইৰ মানুহে হনুমানক পূজা নকৰে বা তেওঁৰ নাম নলয়।

 

(Disclaimer: ওপৰোক্ত লেখাটো ধৰ্মীয় বিশ্বাস তথা মান্যতাৰ ওপৰত নিৰ্ভৰ কৰি লিখা হৈছে। ইয়াৰ সত্যাসত্য TV9 অসমে বিচাৰ নকৰে।)

 

অন্য খবৰ পঢ়কঃ Sawan 2025: আজিৰ পৰা আৰম্ভ পবিত্ৰ শাওন মাহঃ শিৱক কি বস্তু অৰ্পন কৰিলে কি ফল পোৱা যায়, জানক…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...