জানুৱাৰীৰ অন্তৰ লগতে দুখৰো সমাপ্তি! মাহৰ অন্তিমটো দিনত ষড়ষ্টক যোগে এই ৪ ৰাশিক কৰিব সৌভাগ্যৱান

যেতিয়া বুধ আৰু শুক্ৰৰ দৰে শুভ গ্ৰহৰ সংযোগ ঘটে আৰু দেৱগুৰু বৃহস্পতিৰ দৃষ্টিয়ে তাক অধিক প্ৰভাময় কৰি তোলে, তেতিয়া সৃষ্টি হয় ভাগ্য সলনি কৰিব পৰা এক শুভ যোগৰ। এই বিৰল ঘটনাই সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব যদিও ৪টা ৰাশিৰ বাবে ই ভাগ্যৰ দুৱাৰ মুকলি কৰিব। জানো আহক এই বিষয়ে।

জানুৱাৰীৰ অন্তৰ লগতে দুখৰো সমাপ্তি! মাহৰ অন্তিমটো দিনত ষড়ষ্টক যোগে এই ৪ ৰাশিক কৰিব সৌভাগ্যৱান

প্ৰতিনিধিত্বমূলক ছবি

Updated On: 

25 Jan 2026 | 06:45 PM

মহাকাশত গ্ৰহ-নক্ষত্ৰৰ অৱস্থান কেৱল সাধাৰণ পৰিঘটনা নহয়, ই আমাৰ জীৱনৰ গতিপথৰ এক সূক্ষ্ম সংকেত। কেতিয়াবা কিছুমান গ্ৰহৰ মিলন ইমান বিৰল হৈ পৰে যে জ্যোতিষ শাস্ত্ৰত সেয়া এক মহেন্দ্ৰক্ষণ বুলি গণ্য কৰা হয়। তেনে এক বিৰল আৰু শক্তিশালী গ্ৰহ সংযোগ ঘটিবলৈ গৈ আছে ২০২৬ চনৰ জানুৱাৰী মাহৰ অন্তিমটো দিনত। যেতিয়া বুধ আৰু শুক্ৰৰ দৰে শুভ গ্ৰহৰ সংযোগ ঘটে আৰু দেৱগুৰু বৃহস্পতিৰ দৃষ্টিয়ে তাক অধিক প্ৰভাময় কৰি তোলে, তেতিয়া সৃষ্টি হয় ভাগ্য সলনি কৰিব পৰা এক শুভ যোগৰ।

জানুৱাৰী মাহৰ ৩১ তাৰিখে মহাকাশত সৃষ্টি হ’ব এই ‘ষড়ষ্টক যোগ’ নামৰ শুভ যোগৰ। এই দিনটোতে বুধ আৰু শুক্ৰই নিজৰ অৱস্থান সলাই ‘ধনিষ্ঠা’ নক্ষত্ৰত প্ৰৱেশ কৰিব। একেটা দিনতে দুয়োটা গ্ৰহে দেৱগুৰু বৃহস্পতিৰ সৈতে এক বিশেষ কৌণিক স্থিতি সৃষ্টি কৰি ‘ষড়ষ্টক যোগ’ গঠন কৰিব। একেদিনাই দুবাৰকৈ এনে যোগ সৃষ্টি হোৱাৰ বাবে এই সংযোগক ‘ডাবল ষড়ষ্টক যোগ’ বুলি অভিহিত কৰা হৈছে।

পঞ্জিকা মতে, ৩১ জানুৱাৰীৰ পুৱতি নিশা ২:২৬ বজাত বুধ আৰু বৃহস্পতিৰ মাজত প্ৰথমটো যোগ আৰম্ভ হ’ব। তাৰপাছত দুপৰীয়া ৩:০৭ বজাত শুক্ৰ আৰু বৃহস্পতিৰ মাজত একেই স্থিতিৰ সৃষ্টি হ’ব। এই বিৰল ঘটনাই সকলো ৰাশিৰ ওপৰত প্ৰভাৱ পেলাব যদিও ৪টা ৰাশিৰ বাবে ই ভাগ্যৰ দুৱাৰ মুকলি কৰিব। জানো আহক এই বিষয়ে-

মেষ ৰাশি

জানুৱাৰীৰ শেষৰ এই গ্ৰহ স্থিতিয়ে আপোনাৰ জীৱনলৈ এক ইতিবাচক গতি আনিব। কৰ্মক্ষেত্ৰত স্থবিৰতা আঁতৰি ক্ষিপ্ৰতা আহিব। আপুনি যিবোৰ কামৰ বাবে বহুত দিনৰ পৰা অপেক্ষা কৰি আছিল, সেইবোৰৰ ফলাফল লাভ কৰিবলৈ আৰম্ভ কৰিব। মানসিক শান্তি বৃদ্ধিৰ লগতে নতুন বিনিয়োগৰ বাবে এয়া উপযুক্ত সময়।

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকসকলৰ বাবে এই যোগে কঢ়িয়াই আনিব প্ৰচুৰ আত্মবিশ্বাস। আপোনাৰ কামে সমাজত স্বীকৃতি পাব আৰু আৰ্থিক দিশটো অধিক মজবুত হ’ব। বিশেষকৈ স্থাৱৰ সম্পত্তি ক্ৰয় বা দীৰ্ঘম্যাদী বিনিয়োগৰ পৰা লাভান্বিত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

ধনু ৰাশি

আপোনাৰ বাবে এই সময়ছোৱা আশা আৰু সফলতাৰ হ’ব। দীৰ্ঘদিন ধৰি আৱদ্ধ হৈ থকা কামবোৰ সম্পূৰ্ণ হ’বলৈ ধৰিব। শিক্ষা বা চাকৰিৰ ক্ষেত্ৰত কোনো শুভ খবৰ পাব পাৰে। উপাৰ্জনৰ নতুন উৎস মুকলি হোৱাৰ সম্ভাৱনা আছে।

মকৰ ৰাশি

কেৰিয়াৰ আৰু আৰ্থিক উন্নতিৰ ক্ষেত্ৰত এই যোগে আপোনাক বিশেষভাৱে সহায় কৰিব। চাকৰিৰ পৰিবৰ্তন বা নতুন দায়িত্ব লাভৰ সম্ভাৱনা প্ৰকট। ঘৰুৱা পৰিবেশত সুখ-শান্তি বিৰাজ কৰিব আৰু পৰিয়ালৰ সম্পূৰ্ণ সহযোগিতা লাভ কৰিব।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...