হ’ব ধনৰ সমস্যা! মানিবেগত ভুলতো নাৰাখিব এই ৪ বিধ বস্তু, জানক সকলো…

ধৰ্মীয় মান্যতা অনুসৰি মানিবেগত কিছুমান বস্তু ৰাখিব নালাগে। কিছুমান বস্তুৱে মা লক্ষ্মীক অসন্তুষ্ট কৰিব পাৰে আৰু ইয়াৰ ফলত আৰ্থিক সমস্যা আহিব পাৰে। গতিকে কি কি বস্তু ৰাখিব নালাগে সেয়া জনা দৰকাৰ।

হব ধনৰ সমস্যা! মানিবেগত ভুলতো নাৰাখিব এই ৪ বিধ বস্তু, জানক সকলো...

মানিবেগ

Published: 

30 Nov 2025 | 11:01 PM

প্ৰায় সকলোৱে টকা ৰাখিবলৈ মানিবেগ বিচাৰে। মানিবেগত কেৱল ধনেই নহয়, এটিএম কাৰ্ড, ৰচিদ, অন্য কাগজ আদিকে ধৰি বিভিন্ন বস্তু ৰাখে। ধৰ্মীয় দিশৰ পৰা এই মানিবেগৰ গুৰুত্ব অধিক। গতিকে কিছুমান বস্তু মানিবেগত ৰাখিব নালাগে। ইয়াৰ বেয়া প্ৰভাৱ মানুহৰ আৰ্থিক দিশত পৰে। বাস্তু শাস্ত্ৰ অনুসৰি, মানিবেগত কিছুমান বস্তু ৰাখিলে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু আৰ্থিক সংকট আহে।

কি কি ৰাখিব নালাগে

ফাটি যোৱা আৰু লেতেৰা টকাঃ মানিবেগত কেতিয়াও ফাটি যোৱা আৰু লেতেৰা নোট ৰাখিব নালাগে। এনে নোটে ইতিবাচক শক্তি দুৰ্বল কৰে। ইয়াৰ ফলত আৰ্থিক সমস্যা আহিব পাৰে। আৰ্থিক সমৃদ্ধি বজাই ৰাখিবলৈ মানিবেগত ভাল নোট ৰাখিব লাগে।

পুৰণি বিল আৰু অপ্ৰয়োজনীয় কাগজঃ মানিবেগত পুৰণি বিল আৰু অপ্ৰয়োজনীয় কাগজ-পত্ৰ ৰাখিব নালাগে। ইয়াৰ ফলত ধন অহাত বাধাৰ সৃষ্টি হয়। এনে বস্তু মানিবেগত ৰাখিলে মা লক্ষ্মী অসন্তুষ্ট হয় আৰু আৰ্থিক সমস্যা আহিব পাৰে। গতিকে এনে পুৰণি কোনো অলাগতিয়াল কাগজ ৰাখিব নালাগে।

ভগৱানৰ ফটোঃ মানিবেগত কেতিয়াও ভগৱানৰ ফটো ৰাখিব নালাগে। মানিবেগ টকা ৰাখিবলৈ আৰু উলিয়াবলৈ বাৰে বাৰে ব্যৱহাৰ কৰিবলগীয়া হয়। এনে অৱস্থাত ভগৱানক সঠিকভাৱে সন্মান কৰা নাযায়। যাৰ বাবে মানিবেগত ভগৱানৰ ফটো ৰাখিব নালাগে।

জোঙা আৰু ভঙা বস্তুঃ চাবি, ভঙা কলম, আনক কোনো চোকা বা ভঙা বস্তু মানিবেগত ৰাখিব নালাগে। এয়া অশুভ বুলি গণ্য কৰা হয়। ই ঋণাত্মক শক্তিক প্ৰভাৱিত কৰে আৰু ইয়াৰ ফলত ধনৰ স্থিৰতাত প্ৰভাৱ হয়।

 

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ হ’ব বিপদ! ভুলতো ষ্টীলৰ পাত্ৰত নাৰাখিব এইসমূহ খাদ্য, জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...