Mole sign meaning : শৰীৰৰ এইসমূহ ঠাইত তিল থকা মানেই সৌভাগ্যশালী হোৱাৰ লক্ষণ, জানক সবিশেষ

পৃথিৱীৰ সকলো লোকেই টকা-পইচা অৰ্জন কৰিব বিচাৰে। ইয়াৰ বাবে একাংশই বিশ্বাস কৰে ভাগ্যক। সামুদ্ৰিক শাস্ত্ৰ (samudrik shastra)ৰ মতে ব্যক্তিৰ নাকত থকা তিলে তেওঁৰ ভাগ্যৰ বিষয়ে সূচায়।

Mole sign meaning : শৰীৰৰ এইসমূহ ঠাইত তিল থকা মানেই সৌভাগ্যশালী হোৱাৰ লক্ষণ, জানক সবিশেষ

শৰীৰৰ এইসমূহ ঠাইত তিল থকা মানেই সৌভাগ্যশালী হোৱাৰ লক্ষণ

Published: 

07 Jan 2025 | 09:47 PM

এজন ব্যক্তিৰ শৰীৰত থকা তিল সাধাৰণ যেন লাগিলেও সেই তিলটোৱে ব্যক্তিজনৰ সমগ্ৰ ব্যক্তিত্বৰ প্ৰতিফলন ঘটায়। Samudrika Shastraৰ মতে, শৰীৰৰ বিভিন্ন অংশত থকা তিলে আপোনাৰ সৌন্দৰ্য বৃদ্ধি কৰাই নহয়, ই আপোনাৰ সুখ আৰু সৌভাগ্যৰ ইংগিতো দিব পাৰে। এই তিলৰ সহায়ত যিকোনো ব্যক্তিৰ শক্তি আৰু দুৰ্বলতাৰ বিষয়েও বিতংভাৱে জানিব পাৰি। আজি শৰীৰত থকা তিলৰ পৰা পোৱা শুভ আৰু অশুভ লক্ষণসমূহৰ বিষয়ে বিতংভাৱে জানো আহক।

নাকত থকা তিলে কি সংকেত দিয়ে?

সামুদ্ৰিকা শাস্ত্ৰৰ (Samudrika Shastra)ৰ মতে নাকত তিল থকা ব্যক্তি বিভিন্ন প্ৰতিভাৰে চহকী। এনে ব্যক্তি অতি সৌভাগ্যৱান, সুখী আৰু সমৃদ্ধিশালী হয়। এনে লোকে নিজৰ কেৰিয়াৰ আৰু ব্যৱসায়ত যথেষ্ট অগ্ৰগতি লাভ কৰে। নাকৰ সন্মুখত তিল থকা লোকসকল নিজৰ কৰ্ম ক্ষেত্ৰখনত সুপৰিচিত হ’ব পাৰে। বিশ্বাস কৰা হয় যে, নাকৰ সোঁফালে তিল থকা মহিলাসকলে পিতৃ-মাতৃৰ পৰা যথেষ্ট সন্মান আৰু সমৰ্থন লাভ কৰে।

কাণত থকা তিলে কি সংকেত দিয়ে?

Samudrika Shastraৰ মতে, কাণৰ মাজত তিল থকা মানুহবোৰ অতি সৎ আৰু ভাল বন্ধু হয়। এনে লোকে এবাৰ কিবা সিদ্ধান্ত ল’লে সেই কামটো কৰিহে এৰে। কাণৰ তলত তিল থকা মানুহবোৰ অতি আৱেগিক প্ৰকৃতিৰ হয়, প্ৰায়ে সৰু সৰু কথাবোৰ হৃদয়ত লয়।

চকুত থকা তিলে কি সংকেত দিয়ে?

চকুত তিল থকা লোকে আনক অতি সহজে আকৰ্ষিত কৰিব পাৰে। এনে লোকৰ ভাগ্য যথেষ্ঠ ভাল আৰু প্ৰতিটো খোজতে সফলতা লাভ কৰে। এনে লোকৰ কেতিয়াও ধনৰ অভাৱ নহয়।

ওঁঠত থকা তিলে কি সংকেত দিয়ে?

বিশ্বাস কৰা হয় যে, যিসকল লোকৰ ওপৰৰ ওঁঠৰ সোঁফালে তিলৰ থাকে, তেওঁলোক অতি ভাগ্যৱান হয়। জীৱনত তেওঁলোকে সকলো ধৰণৰ আৰাম আৰু লাহবিলাহ অতি সহজে পায়। এনে লোকক প্ৰেমৰ সম্পৰ্কত সফল হোৱা দেখা যায়। আনহাতে ওঁঠৰ বাওঁফালে তিল থাকিলে অশুভ বুলি গণ্য কৰা হয়।

 

(ইয়াত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু লোকবিশ্বাসৰ ওপৰত আধাৰিত, ইয়াৰ কোনো বৈজ্ঞানিক প্ৰমাণ নাই।)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...