Dhanteras 2025: ধনতেৰাচত নিমখেৰে কৰক এই আচৰিত উপায়, ঘৰলৈ আহিব সুখ-সমৃদ্ধি!

Dhanteras: জ্যোতিষ শাস্ত্ৰৰ মতে ধনতেৰাচৰ দিনা প্ৰাৰ্থনা আৰু আচাৰ-ব্যৱহাৰৰ লগতে কিছুমান বিশেষ ব্যৱস্থাও কৰা হয়। এই ব্যৱস্থাসমূহে আৰ্থিক দুৰ্দশা লাঘৱ কৰাৰ লগতে সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰে। ধনতেৰাচৰ বাবে নিমখ সম্পৰ্কীয় কিছু প্ৰতিকাৰৰ পৰামৰ্শ দিয়া হৈছে। আহকচোন সেইবোৰৰ বিষয়ে জানো।

Dhanteras 2025: ধনতেৰাচত নিমখেৰে কৰক এই আচৰিত উপায়, ঘৰলৈ আহিব সুখ-সমৃদ্ধি!
Updated On: 

16 Oct 2025 13:26 PM

Dhanteras 2025 Upay: প্ৰতি বছৰে কাতি মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখে ধনতেৰাচ উৎসৱ পালন কৰা হয়। এই শুভ অনুষ্ঠানত দেৱী লক্ষ্মী, কুবেৰ মহাৰাজ, আৰু ভগৱান ধনবন্তৰীক পূজা কৰাৰ নিয়ম আছে। এই দিনটোত দেৱী লক্ষ্মী, কুবেৰ মহাৰাজ, আৰু ভগৱান ধনন্তৰীক পূজা কৰিলে সমৃদ্ধি পোৱা যায়। এই দিনটোত সোণ-ৰূপৰ গহনা আৰু নতুন বাচন-বৰ্তনও ক্ৰয় কৰা হয়।

জ্যোতিষ শাস্ত্ৰৰ মতে ধনতেৰাচৰ দিনা প্ৰাৰ্থনা আৰু নীতি -নিয়মৰ লগতে কিছুমান বিশেষ ব্যৱস্থাও কৰা হয়। এই ব্যৱস্থাসমূহে আৰ্থিক দুৰ্দশা লাঘৱ কৰাৰ লগতে সুখ আৰু সমৃদ্ধি বৃদ্ধি কৰে। ধনতেৰাচৰ বাবে নিমখ সম্পৰ্কীয় কিছু প্ৰতিকাৰৰ পৰামৰ্শ দিয়া হৈছে।

ধনতেৰাছ কেতিয়া?

বৈদিক পঞ্জিকা অনুসৰি এইবাৰ ১৮ অক্টোবৰ শনিবাৰে নিশা ১২:১৮ বজাৰ পৰা কাতি মাহৰ ত্ৰয়োদশী তিথি আৰম্ভ হ’ব। এই তিথি ১৯ অক্টোবৰ দেওবাৰে দুপৰীয়া ১:৫১ বজালৈকে চলিব। সেয়ে ১৮ অক্টোবৰত ধনতেৰাচ উদযাপন কৰা হ’ব।

ধনতেৰাচৰ নিমখৰ প্ৰতিকাৰ

  1. বাস্তুৰ দোষৰ পৰা পৰিত্ৰাণ পাবলৈ ধনতেৰাচত নিমখ মিহলি পানীৰে ঘৰটো মচিব লাগে। এনে কৰিলে বাস্তুৰ দোষ দূৰ হয় আৰু ঘৰখনলৈ সুখ আৰু সমৃদ্ধি আহে।
  2. ধনতেৰাচৰ দিনা নিমখ ক্ৰয় কৰিব লাগে। তেনে কৰিলে দেৱী লক্ষ্মী সন্তুষ্ট হয়। ভক্তক আশীৰ্বাদ প্ৰদান কৰে, ঘৰখনলৈ সুখ আৰু সৌভাগ্য কঢ়িয়াই আনে।
  3. ধনতেৰাচত জ্যোতিষীসকলৰ মতে, ভুলতে হ’লেও এই দিনটোত নিমখৰ লেনদেন পৰিহাৰ কৰা উচিত। নিমখো এই দিনটোত ধাৰলৈ বা দিব নালাগে।
  4. ধনতেৰাচৰ দিনতো দান-বৰঙণিৰ গুৰুত্ব অতি বেছি, সেয়েহে এই দিনটোত নিজৰ আৰ্থিক অৱস্থা অনুযায়ী ধন আৰু খাদ্য দান কৰিব লাগে।
  5. ধনতেৰাচৰ দিনা ঘৰৰ মূল প্ৰৱেশদ্বাৰত নিমখ মিহলি পানী ছটিয়াই দিব। এনে কৰিলে দুখ আৰু দৰিদ্ৰতা দূৰ কৰাত সহায় কৰে।

অস্বীকাৰ: এই বাতৰিত দিয়া তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। TV9 অসমে ইয়াক সমৰ্থন নকৰে।

মূলা খাই পাত পেলাই দিয়াৰ ভুল নকৰিব, এনে গুণাৱলীৰ কথা জানিলে হ’ব আচৰিত
কি কি অভ্যাসে বৈবাহিক জীৱনত বিভেদ আনে জানেনে?
সলনি হ'ব জীৱন, মাথোঁ হনুমানক আগবঢ়াওক এইসমূহ সামগ্ৰীৰ ভোগ
সোঁ চকু লৰা ভাল নে বেয়া? জানক ইয়াৰ কাৰণ...