দেৱালীত দেৱী লক্ষ্মী পূজাৰে মুকলি কৰক সৌভাগ্যৰ দ্বাৰ, চাওক পূজাৰ সঠিক সময়

দেৱালীত লক্ষ্মী দেৱীয়ে ভক্তৰ ঘৰত প্ৰৱেশ কৰি সমৃদ্ধি তথা সৌভাগ্যৰ বাবে আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয়। যদি আপুনিও দেৱালীত লক্ষ্মী পূজা কৰাৰ পৰিকল্পনা কৰিছে, তেতিয়াহ’লে কাইলৈ লক্ষ্মী পূজাৰ বাবে শুভ সময় কেতিয়া সেয়া জানি লোৱা উচিত হ’ব।

দেৱালীত দেৱী লক্ষ্মী পূজাৰে মুকলি কৰক সৌভাগ্যৰ দ্বাৰ, চাওক পূজাৰ সঠিক সময়

দেৱালীত লক্ষ্মী পূজাৰ সঠিক সময়

Published: 

19 Oct 2025 20:54 PM

পোহৰৰ উৎসৱ দেৱালীৰ আনন্দই স্পৰ্শ কৰিছে সমগ্ৰ দেশক। কাতি মাহৰ অমাৱস্যাত কাইলৈ উদযাপন কৰা হ’ব এই পোহৰৰ উৎসৱ। দেৱালীৰ দিনটোত ধনৰ দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ পূজা কৰা হয়। এই বিশেষ দিনটোত লক্ষ্মী দেৱীয়ে ভক্তৰ ঘৰত প্ৰৱেশ কৰি সমৃদ্ধি তথা সৌভাগ্যৰ বাবে আশীৰ্বাদ দিয়ে বুলি বিশ্বাস কৰা হয়। এইবাৰ ২০ অক্টোবৰত দেৱালী উদযাপন কৰা হ’ব। গতিকে যদি আপুনিও দেৱালীত লক্ষ্মী পূজা কৰাৰ পৰিকল্পনা কৰিছে, তেতিয়াহ’লে কাইলৈ লক্ষ্মী পূজাৰ বাবে শুভ সময় কেতিয়া সেয়া জানি লোৱা উচিত হ’ব।

দেৱালীত লক্ষ্মী পূজাৰ সঠিক সময়

কেলেণ্ডাৰ অনুসৰি ২০ অক্টোবৰৰ বিয়লি ৩:৪৪ বজাৰ পৰা আৰম্ভ হ’ব অমৱস্যা তিথি। এই অমৱস্যা তিথিৰ অন্ত পৰিব পিছদিনা অৰ্থাৎ ২১ অক্টোবৰত সন্ধিয়া ৫:৫৪ বজাত। সেয়ে এইবাৰ ২০ অক্টোবৰত দীপাৱলী উদযাপন কৰা হ’ব।

লক্ষ্মী পূজা মুহূৰ্ত- সন্ধিয়া ৭:০৮ বজাৰ পৰা নিশা ৮:১৮ বজালৈ।

প্ৰদোষ কাল– সন্ধিয়া ৫:৪৬ বজাৰ পৰা নিশা ৮:১৮ বজালৈ।

বৃষভ কাল– সন্ধিয়া ৭:০৮ বজাৰ পৰা নিশা ৯:০৩ বজালৈ।

লক্ষ্মী পূজাৰ শুভ সময়

এই প্ৰেক্ষাপটত ২০ অক্টোবৰ অৰ্থাৎ দেৱালীত লক্ষ্মী পূজাৰ আটাইতকৈ শুভ সময় সন্ধিয়া ৫:৪৭ বজাৰ পৰা ৭:৪৩ বজাৰ ভিতৰত। এই সময়ত আপুনি নিৰ্ধাৰিত ৰীতি-নীতি অনুসৰি লক্ষ্মী পূজা কৰিব পাৰে।

দেৱালীৰ পূজাৰ নিয়ম

দেৱালীত পূজাৰ সময়ত ক’লা কাপোৰ পিন্ধিব নালাগে।

দেৱালীৰ দিনটোত কোনো লোকৰ সৈতে তৰ্ক নকৰিব।

নিজৰ ঘৰ আৰু মন্দিৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত বিশেষ যত্ন লওক।

পূজাৰ সময়ত ভঙা বাচন ব্যৱহাৰ নকৰিব।

দেৱী লক্ষ্মী আৰু ভগৱান গণেশৰ ভগ্ন মূৰ্তি পূজা নকৰিব।

বিশেষ দ্ৰষ্টব্যঃ এই লেখাত উল্লেখ কৰা তথ্যসমূহ ধৰ্মীয় বিশ্বাস আৰু সাধাৰণ তথ্যৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। TV9 Assam- এ এই সন্দৰ্ভত নিজা কোনো মত প্ৰকাশ কৰা নাই।

ঘৰত কোনটো দিশত আইনা ৰাখিব নালাগে? অন্যথা অশান্তি সৃষ্টি হ'ব পাৰে!
কালী পূজাত কৰক এইসমূহ কাম, জীৱন সমৃদ্ধ হ’ব কালী মাৰ আশীৰ্বাদেৰে
প্ৰস্ৰাৱৰ সংক্ৰমণ কিয় হয়? মহিলা নে পুৰুষ, কাৰ বিপদৰ আশংকা বেছি? জানক...
মাইগ্ৰেইনৰ লক্ষণ আৰু প্ৰতিৰোধৰ টিপছ, এই বিষ কেনেকৈ হ্ৰাস কৰিব পাৰি?