Daily Horoscope: সোমবাৰৰ দিনটো আজি কিদৰে পাৰ হ’ব আপোনাৰ? চাওক আজিৰ ৰাশিফল

সাধাৰণতে জ্যোতিষ বিশ্বাসী লোকসকলে দিনটোৰ আৰম্ভণিতে ৰাশিফল চোৱাৰ এক অভ্যাস থাকে। গতিকে আজিৰ ৰাশিফলে কি ৰাশিৰ বাবে কি আগজাননী কৰিছে, চাওক।

Daily Horoscope: সোমবাৰৰ দিনটো আজি কিদৰে পাৰ হ’ব আপোনাৰ? চাওক আজিৰ ৰাশিফল

ৰাশিফল

Published: 

11 Aug 2025 06:00 AM

আজি ১১ আগষ্ট, সোমবাৰ। জ্যোতিষীসকলে গ্ৰহ-নক্ষত্ৰৰ গণনা কৰি আন দিনাৰ দৰে আজি দিনটোৰো ৰাশিফল প্ৰকাশ কৰিছে। এই ৰাশিফল অনুসৰি আজি দিনটো কিছু ৰাশিৰ লোকৰ বাবে শুভ আৰু আন কিছু ৰাশিৰ বাবে অশুভ দেখা গৈছে। সাধাৰণতে জ্যোতিষ বিশ্বাসী লোকসকলে দিনটোৰ আৰম্ভণিতে ৰাশিফল চোৱাৰ এক অভ্যাস থাকে। গতিকে আজিৰ ৰাশিফলে কি ৰাশিৰ বাবে কি আগজাননী কৰিছে, চাওক-

মেষ ৰাশিৰ ৰাশিফল

ব্যৱসায়ৰ ক্ষেত্ৰত আজি আপোনাৰ বাবে শুভ দিন হ’ব। আপোনাৰ নতুন পৰিকল্পনাই ভাল ফল দিব। ছাত্ৰ-ছাত্ৰীসকলে শৈক্ষিক দিশত সফলতা লাভ কৰিব। ঘৰলৈ অতিথি আগমনৰ সম্ভাৱনা আছে। নিজ কামত ভালদৰে মনোযোগ দিব লাগিব, অন্যথা অসুবিধাৰ সন্মুখীন হ’ব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকা লোকসকলে অধিক মনোযোগ দিব লাগিব, তেতিয়াহে সফলতা লাভ কৰিব।

বৃষ ৰাশিৰ ৰাশিফল

দিনটো শুভ, কিন্তু আৰ্থিক লেনদেনৰ ক্ষেত্ৰত সাৱধান হওক। বিত্তীয় অৱস্থা শক্তিশালী হ’ব, ইয়াৰ বাবে মানসিক সন্তুষ্টি বাঢ়িব। নতুন সম্পত্তি লাভৰ সম্ভাৱনা। পৰিয়ালত কোনো সমস্যাই দেখা দিয়াৰ সম্ভাৱনা আছে, সঠিক আলোচনাৰে এই সমস্যা দূৰ কৰাৰ চেষ্টা চলাওক। অভিভাৱকৰ আশীৰ্বাদত কোনো বাকী থকা কাম সম্পূৰ্ণ হ’ব।

মিথুন ৰাশিৰ ৰাশিফল

যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে বিবেচনা কৰক। অচিনাকি মানুহৰ পৰা সাৱধান হওক। ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়নত ভালদৰে মনোযোগ দিয়ক। কৰ্মক্ষেত্ৰত দলীয় কোনো কামত জড়িত থাকিব পাৰে। সন্তানৰ পৰা সুখবৰ লাভ কৰিব পাৰে। পূৰ্বপুৰুষৰ সম্পত্তি সংক্ৰান্তীয় কোনো বিবাদ আছিল যদি আপোনাৰ পক্ষে ফলাফল আহিব পাৰে।

কৰ্কট ৰাশিৰ ৰাশিফল

এই ৰাশিৰ বাবে আজিৰ দিনটো শুভ। খৰচ বৃদ্ধি পাব। বাহনৰ সমস্যাৰ বাবে কিছু অতিৰিক্ত খৰচ হ’ব পাৰে। দূৰত থকা আত্মীয়ৰ পৰা দুখবৰ শুনাৰ সম্ভাৱনা আছে। বিলাসী সামগ্ৰী ক্ৰয়ৰ লগতে ঘৰৰ মেৰামতিৰ কামত নিয়োজিত হ’ব পাৰে। বহুদিনৰ পৰা অসম্পূৰ্ণ হৈ থকা কাম আজি সম্পূৰ্ণ হ’ব।

সিংহ ৰাশিৰ ৰাশিফল

যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালদৰে চিন্তা কৰক। বৈবাহিক জীৱন সুখকৰ হ’ব। পাৰিবাৰিক বিষয়ত কোনো সমস্যা আছে যদি আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ চেষ্টা কৰক। ব্যৱসায়ৰ সমস্যা দূৰ হ’ব। ভ্ৰমণ সুযোগ লাভৰ সম্ভাৱনা আছে। আন লোকৰ কথাৰ মাজত সোমোৱাৰ পৰা বিৰত থাকক।

কন্যা ৰাশিৰ ৰাশিফল

খৰচৰ ক্ষেত্ৰত সচেতন হওক। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ ঠিক হ’ব পাৰে। নতুন চাকৰিৰ অফাৰ লাভ কৰিব পাৰে। সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে। কোনো মনোৰঞ্জনমূলক অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। কোনো গুৰুত্বপূৰ্ণ কাম থাকিলে পলম নকৰি লগে লগে আগবাঢ়ক।

তুলা ৰাশিৰ ৰাশিফল

দিনটোৰ আৰম্ভণি কিছু চিন্তনীয় হ’লেও পিছত সময় আগবঢ়াৰ লগে লগে ভাল ফল লাভ কৰিব। আৱেগত কোনো সিদ্ধান্ত নল’ব। দূৰত থকা আত্মীয়ৰ পৰা কোনো সুখবৰ পাব পাৰে। ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক মধুৰ হ’ব। হেৰুওৱা ধন লাভৰ সম্ভাৱনা আছে। নতুন কাম আৰম্ভ কৰাৰ পূৰ্বে অভিজ্ঞজনৰ পৰামৰ্শ লওক।

বৃশ্চিক ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকৰ বাবে আজিৰ দিনটো লাভজনক বিবেচিত হ’ব। ব্যৱসায়ৰ ক্ষেত্ৰত থকা যিকোনো বাধা দূৰ হ’ব। আৰ্থিক লেনদেনৰ বিষয়ত সাৱধান হওক। কৰ্মক্ষেত্ৰত জ্যেষ্ঠজনৰ পৰা সমৰ্থন লাভ কৰিব। কোনো কাম পিছুৱাই নাৰাখিব। পিতৃ-মাতৃৰ আশীৰ্বাদত যিকোনো কামত সফলতা লাভ কৰিব। স্বাস্থ্যৰ যত্ন লওক।

ধনু ৰাশিৰ ৰাশিফল

ছাত্ৰ-ছাত্ৰীসকলৰ উচ্চ শিক্ষাৰ আশা পূৰ হ’ব। ঘৰলৈ নতুন কোনো অতিথিৰ আগমণ ঘটিব পাৰে। প্ৰিয় খাদ্য উপভোগ কৰক। পৰিয়ালৰ সৈতে তীৰ্থ ভ্ৰমণৰ সম্ভাৱনা আছে। বহুদিনৰ পৰা কোনো কাম বাকী আছিল যদি আজি পুনৰ সেই কাম আৰম্ভ কৰিব পাৰে। অংশীদাৰিত্বৰে ব্যৱসায় কৰাৰ পৰা বিৰত থকাই উচিত হ’ব।

মকৰ ৰাশিৰ ৰাশিফল

নিজৰ কথা-বতৰা আৰু আচৰণত সচেতন হওক। নতুন ঘৰ বা আন কোনো সম্পত্তি ক্ৰয়ৰ পৰিকল্পনা কৰিছিল যদি আজি সেই পৰিকল্পনা পূৰ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আনৰ কথা শুনি কোনো তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ নকৰিব। নতুন চিন্তাৰে আগবাঢ়িলে সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত পদোন্নতিৰ সম্ভাৱনা আছে।

কুম্ভ ৰাশিৰ ৰাশিফল

যিকোনো বিষয়ত সিদ্ধান্ত গ্ৰহণত কোনো সমস্যা নহ’ব। ব্যৱসায়িক কাৰণত ভ্ৰমণৰ সম্ভাৱনা আছে, এই ভ্ৰমণ আপোনাৰ বাবে লাভজনক বিবেচিত হ’ব পাৰে। মাতৃৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হওক, কোনো পুৰণি ৰোগে উক দিব পাৰে। অংশীদাৰিত্বৰ ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে। বৈবাহিক সম্পৰ্ক মধুৰ হ’ব।

মীন ৰাশিৰ ৰাশিফল

ঘৰত কোনো শুভ অনুষ্ঠানৰ আয়োজন কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সজাগ হওক। সামাজিক কাম-কাজ বা দানৰ দ্বাৰা সুনাম অৰ্জনৰ সুযোগ পাব। কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে ব্যস্ত থাকিব পাৰে। সম্পত্তি সংক্ৰান্তীয় কাম সম্পূৰ্ণ হ’ব। ব্যৱসায়িক কোনো চুক্তিয়ে পূৰ্ণতা লাভৰ সম্ভাৱনা আছে।

দৰিদ্ৰ হৈ পৰিব আপুনি! আজিয়েই ঘৰৰ পৰা আঁতৰ কৰক এইবোৰ সামগ্ৰী...
ছালৰ সমস্যাৰ আঁৰতো আছে টোপনিৰ সম্পৰ্ক! হয়তো পূৰ্বে জনা নাছিল এনে তথ্য
ইউৰিক এচিড বৃদ্ধি হ’লে খাব নালাগে এইবোৰ খাদ্য, জানক চিকিৎসকৰ পৰা...
পাকঘৰত নিমখ আৰু হালধি একেলগে ৰখাটো শুভ নে অশুভ? বাস্তু শাস্ত্ৰই কি কয় চাওক...