Daily Horoscope: মাহৰ প্ৰথমটো মঙলবাৰ কিদৰে পাৰ হ’ব আপোনাৰ! চাওক আজিৰ ৰাশিফলে কি ইঙ্গিত দিছে…

জ্যোতিষ শাস্ত্ৰত মঙলবাৰ দিনটোৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। গতিকে এই দিনটো কিদৰে পাৰ হ’ব, এই লৈ জ্যোতিষ বিশ্বাসীসকলৰ মনত এক উৎকণ্ঠা দেখা যায়। চাওঁ আহক আজিৰ ৰাশিফলে ভিন্ন ৰাশি অনুসাৰে আজি দিনটোৰ বাবে কি আগজাননী কৰিছে।

Daily Horoscope: মাহৰ প্ৰথমটো মঙলবাৰ কিদৰে পাৰ হ’ব আপোনাৰ! চাওক আজিৰ ৰাশিফলে কি ইঙ্গিত দিছে...

আজিৰ ৰাশিফল

Published: 

02 Sep 2025 06:00 AM

আজি ২ ছেপ্টেম্বৰ, ছেপ্টেম্বৰ মাহৰ আজি প্ৰথমটো মঙলবাৰ। সাধাৰণতেই মঙলবাৰৰ দিনটোৰ প্ৰতি জ্যোতিষ বিশ্বাসী লোকসকলৰ মনত এক বিশেষ মান্যতা দেখা যায়। জ্যোতিষ শাস্ত্ৰতো মঙলবাৰ দিনটোৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছে। গতিকে এই দিনটো কিদৰে পাৰ হ’ব, এই লৈ জ্যোতিষ বিশ্বাসীসকলৰ মনত এক উৎকণ্ঠা দেখা যায়। চাওঁ আহক আজিৰ ৰাশিফলে ভিন্ন ৰাশি অনুসাৰে আজি দিনটোৰ বাবে কি আগজাননী কৰিছে-

মেষ ৰাশিৰ ৰাশিফল

ছাত্ৰ-ছাত্ৰীৰ বাবে শুভ, উচ্চ শিক্ষাৰ পৰিকল্পনা সফল হ’ব। কোনো লোকৰ কথাই আপোনাক মানসিকভাৱে কষ্ট দিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ পৰা হতাশাজনক খবৰ শুনিবলৈ পাব, এনে খবৰৰ বাবে দিনটোলৈ কিছু উত্তেজিত হৈ থাকিব। আনৰ ভালৰ বাবে চিন্তা কৰিব যদিও ভুল বুজাবুজিৰ বাবে একাংশ লোকে আপোনাক স্বাৰ্থপৰ হিচাপেহে গণ্য কৰিব। বিবাহৰ দুৱাৰ মুকলি হ’ব পাৰে। ওখ ঠাইলৈ যোৱাৰ পৰা বিৰত থাকিব লাগিব।

বৃষ ৰাশিৰ ৰাশিফল

নতুন কোনো কাম আৰম্ভ কৰাত পূৰ্ণ সহায়-সহযোগিতা লাভ কৰিব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহ নিশ্চিত হ’ব। ঘৰলৈ নতুন কোনো অতিথিৰ আগমন ঘটিব পাৰে। চাকৰিত নিয়োজিত লোকসকলৰ বাবে আজিৰ দিনটোৱে সুখবৰ কঢ়িয়াই আনিব। ৰাজনীতিৰ সৈতে জড়িত লোকসকল সাৱধান হোৱা উচিত হ’ব। আন কোনো লোকৰ কথা শুনি কোনো ধৰণৰ বিনিয়োগ কৰাৰ পৰা বিৰত থকাই ভাল।

মিথুন ৰাশিৰ ৰাশিফল

ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে। নতুন সম্পত্তি বিশেষকৈ ঘৰৰ বাবে ঋণৰ আবেদন কৰিব পাৰে। যিকোনো ক্ষেত্ৰতে পৰিয়ালৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব। সময়মতে কাম শেষ কৰিলে আপোনাৰ বাবে ভাল হ’ব। নতুন কোনো কামৰ বাবে পৰিকল্পনা কৰিব পাৰে। আধ্যাত্মিক কোনো কাৰ্যসূচীত জড়িত হৈ আপুনি সামাজিক খ্যাতি লাভ কৰিব।

কৰ্কট ৰাশিৰ ৰাশিফল

পুৰণি কোনো বন্ধুৰ সৈতে সাক্ষাৎ হ’ব পাৰে। কামৰ বাবে আন কোনো লোকৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰা বিৰত থকা উচিত হ’ব। কঠোৰ পৰিশ্ৰম কৰি হ’লেও নিজৰ কাম নিজে সম্পাদন কৰিবলৈ চেষ্টা কৰক। পৰিয়ালৰ কোনো সদস্যৰ সৈতে, বিশেষকৈ পিতৃৰ সৈতে কোনো কথাত মতানৈক্য ঘটিব পাৰে। পত্নীৰ পদোন্নতিৰ বাবে মানসিকভাৱে সন্তুষ্টি লাভ কৰিব। খৰখেদাকৈ লোৱা কোনো সিদ্ধান্তৰ বাবে অনুশোচনাত ভুগিব পাৰে।

সিংহ ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকৰ বাবে আজি ইচ্ছা পূৰণৰ যোগ। ঘৰ-সম্পত্তি ক্ৰয়ৰ বাবে পৰিকল্পনা কৰিছিল যদি এই দিশত আগবাঢ়িব পাৰে। সন্মান বৃদ্ধি পাব। পৰিয়ালৰ সদস্যসকলৰ মাজত কোনো কথাত মতানৈক্য ঘটিব পাৰে। পাৰিবাৰিক জীৱনত চলি থকা সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰিব। কোনো ক্ষতিৰ বাবে আপুনি মানসিকভাৱে যথেষ্ট বিচলিত হ’ব।

কন্যা ৰাশিৰ ৰাশিফল

কোনো কামতে ভালদৰে চিন্তা নকৰাকৈ আগনাবাঢ়িব। কাৰোবাক ধন ধাৰে দিছিল যদি আজি ঘূৰাই পাব পাৰে। বাহন চলোৱাৰ সময়ত সাৱধান হওক, অন্যথা দুৰ্ঘটনাৰ সম্ভাৱনা আছে। ধৈৰ্য আৰু সংযমেৰে কামত আগবঢ়া উচিত হ’ব। ঘৰলৈ কোনো অতিথিৰ আগমন ঘটিব পাৰে। কোনো আইনী বিষয়ক লৈ আপুনি মানসিকভাৱে চিন্তিত হৈ থাকিব পাৰে। ভাতৃ-ভগ্নী পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব।

তুলা ৰাশিৰ ৰাশিফল

ব্যৱসায়ত সফলতাৰ সন্মুখীন হ’ব, কোনো অভিজ্ঞ লোকৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিব। খৰখেদাকৈ কাম কৰাৰ পৰা বিৰত থাকক, অন্যথা সমস্যাত পৰিব পাৰে। অচিনাকি লোকৰ কথাত সহজে ভুল নাযাব। নিজৰ বাবে কোনো সামগ্ৰী ক্ৰয় কৰিব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল

পুৰণি কোনো বন্ধুৰ সৈতে বহুদিনৰ পিছত সাক্ষাৎ হ’ব পাৰে। আপোনাৰ কোনো বিপদত এই বন্ধুজনৰ সাক্ষাৎ অত্যন্ত সুবিধাজনক বিবেচিত হ’ব। আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য ৰক্ষা কৰি চলিব লাগিব। পৰিয়ালত চলি থকা সমস্যাসমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰিবলৈ চেষ্টা কৰা ভাল হ’ব। শৈক্ষিক ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে কোনো বিষয়ক লৈ চিন্তিত হৈ আছিল যদি সমাধান হ’ব৷

ধনু ৰাশিৰ ৰাশিফল

পত্নীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিব লাগিব, তেওঁৰ কোনো পুৰণি ৰোগে আজি পুনৰ দেখা দিব পাৰো। সামাজিক ক্ষেত্ৰত কৰ্মৰত লোকসকলে খ্যাতি লাভ কৰিব। দীৰ্ঘদিন ধৰি কোনো কাম অসম্পূৰ্ণ হৈ আছিল যদি আজি এনে কাম সম্পূৰ্ণ কৰাৰ সুযোগ পাব। পত্নীগৃহৰ লোকসকলৰ সৈতে কোনো কথাত সম্পৰ্কত তিক্ততাই দিব পাৰে।

মকৰ ৰাশিৰ ৰাশিফল

আৰ্থিক দিশত সম্পূৰ্ণ মনোযোগ দিব লাগিব। পূৰ্বে ধন হেৰুৱাইছিল যদি বা কোনো স্থানত আৱদ্ধ হৈ আছিল যদি আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। বন্ধু-বান্ধৱীৰ সৈতে আপোনাৰ সম্পৰ্ক সুদৃঢ় হৈ পৰিব। কৰ্মক্ষেত্ৰত একাগ্ৰতা বৃদ্ধি পাব। অৱশ্যে কামৰ হেঁচাও বাঢ়িব। নতুন কোনো কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। শিক্ষাৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীয়ে সফলতা লাভ কৰিব।

কুম্ভ ৰাশিৰ ৰাশিফল

পূৰ্বে কৰা কোনো ভুলৰ পৰা শিক্ষা ল’ব লাগিব। সৃষ্টিশীল কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। আপোনাৰ কোনো প্ৰিয় তথা মূল্যৱান বস্তু হেৰাইছিল যদি আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ভ্ৰমণৰ সময়ত কোনো গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। ছাত্ৰ-ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ পথ মুকলি হ’ব। দীৰ্ঘদিন ধৰি কোনো কাম অসম্পূৰ্ণ হৈ আছিল যদি আজি সম্পূৰ্ণ কৰা উচিত হ’ব। অচিনাক্ত লোকৰ কথাত সহজে বিশ্বাস নকৰিব।

মীন ৰাশিৰ ৰাশিফল

আপোনাৰ সন্তানে আপোনাৰ আশা অনুসৰি কাম কৰিব। সামাজিক দিশত কাম কৰা লোকসকলে আজি খ্যাতি লাভ কৰিব। সন্মান বৃদ্ধি পাব। ঘৰৰ মেৰামতিৰ কামত আগবাঢ়িব। পত্নী তথা সংগীৰ পৰা কোনো উপহাৰ লাভ কৰিব পাৰে। দূৰৈত বাস কৰা কোনো আত্মীয়ক আপুনি হয়তো হেৰুৱাব পাৰে। আপোনাৰ আচৰণৰ ওপৰত নিয়ন্ত্ৰণ বজাই ৰাখিব লাগিব।

নিম্ন ৰক্তচাপৰ সমস্যাত ভুগিছে নেকি? এই ঘৰুৱা উপায়ৰ দ্বাৰা কৰক দূৰ...
খালী পেটত মুখত দিয়ক দুটা লং, এই অভ্যাসৰ দেহ উপকাৰী গুণে কৰিব আচৰিত
১৮ বছৰ পাছত বিৰল সংযোগ! ১৬ মাহলৈ ৰাহুৰ ভাল প্ৰভাৱ পৰিব এই ৪ ৰাশিৰ ওপৰত
এই ৬ বিধ খাদ্যই কম কৰে হৃদৰোগৰ সম্ভাৱনা, অধিক জানক...