Daily Horoscope: আজি ভগৱান হনুমানৰ আশীৰ্বাদেৰে উজলিব এইকেইটা ৰাশি, চাওক আপোনাৰ ৰাশিফল

ধৰ্ম বিশ্বাসীসকলে সততে মঙলবাৰৰ দিনটোক বিশেষ মান্যতা প্ৰদান কৰি আহিছে। গতিকে এনে এক বিশেষ মান্যতা তথা গুৰুত্ব থকা সপ্তাহৰ এই মঙলবাৰ দিনটো ভিন্ন ৰাশিৰ লোকৰ বাবে কিদৰে পাৰ হ’ব, ৰাশিফলৰ জৰিয়তে জানো আহক।

Daily Horoscope: আজি ভগৱান হনুমানৰ আশীৰ্বাদেৰে উজলিব এইকেইটা ৰাশি, চাওক আপোনাৰ ৰাশিফল

আজিৰ ৰাশিফল

Published: 

18 Nov 2025 06:00 AM

আজি ১৮ নৱেম্বৰ, মঙলবাৰ। জ্যোতিষত মঙলবাৰ দিনটো ভগৱান হনুমানৰ নামত উৎসগিত। গতিকে হনুমান ভক্তসকলৰ বাবে মঙলবাৰ দিনটো বিশেষ। কেৱল হনুমান ভক্ত বুলিয়েই নহয়, ধৰ্ম বিশ্বাসীসকলে মঙলবাৰৰ দিনটোক বিশেষ মান্যতা প্ৰদান কৰি আহিছে। গতিকে এনে এক বিশেষ মান্যতা তথা গুৰুত্ব থকা সপ্তাহৰ এই মঙলবাৰ দিনটো ভিন্ন ৰাশিৰ লোকৰ বাবে কিদৰে পাৰ হ’ব, ৰাশিফলৰ জৰিয়তে জানো আহক-

মেষ ৰাশিৰ ৰাশিফল

কামৰ বাবে নতুন নতুন আইডিয়া মনলৈ আহিব আৰু এয়া উপকাৰী বিবেচিত হ’ব। গুৰুত্বপূৰ্ণ নথি-পত্ৰত সম্পূৰ্ণ মনোযোগ দিয়ক, নহ’লে খৰচ বাঢ়িব পাৰে। মাতৃৰ সৈতে কোনো কথাত বিবাদ হ’ব পাৰে। আন কাৰোবাৰ কথাত অপ্ৰয়োজনীয়ভাৱে হস্তক্ষেপ নকৰিব। বেংকিং ক্ষেত্ৰত কাম কৰাসকলৰ বাবে শুভ।

বৃষ ৰাশিৰ ৰাশিফল

আৰ্থিক স্থিতি মজবুত হ’ব। সম্পত্তিৰ ব্যৱসায়ত লাভৰ মুখ দেখিব। অংশীদাৰীত্বৰে কৰা কামৰ ক্ষেত্ৰত ভালদৰে বিবেচনা কৰি আগবাঢ়ক। সন্তানে আপোনাৰ আশা পূৰণ কৰিব। পূৰ্বে দিয়া কোনো পৰীক্ষাৰ ফলাফল আহিব পাৰে। চাকৰিৰ সন্ধান চলাই থকাসকলৰ বাবে শুভ।

মিথুন ৰাশিৰ ৰাশিফল

কোনো আইনী বিষয়ত জড়িত হৈ আছিল যদি আজি চিন্তা দূৰ হ’ব। নিজ আচৰণৰ দ্বাৰা সন্মান বৃদ্ধি পাব যদিও পৰিয়ালৰ কোনো সদস্যক আপোনাৰ ব্যৱহাৰে আঘাত দিব। সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা ভাল হ’ব। ভাতৃ-ভগ্নীৰ সৈতে সম্পৰ্ক ভাল হ’ব। অচিনাকি লোকক সহজে বিশ্বাসত নল’ব।

কৰ্কট ৰাশিৰ ৰাশিফল

ব্যৱসায় পূৰ্বৰ তুলনাত ভাল হ’ব। সন্তানে আশা পূৰণ কৰিব। দূৰৰ আত্মীয়ৰ পৰা কোনো নিৰাশাজনক খবৰ আহিব পাৰে। পিতৃৰ স্বাস্থ্যত অৱনতি হ’ব পাৰে। কাৰোবাৰ প্ৰতি সহায়ৰ হাত আগবঢ়ালে পিছত তেওঁ আপোনাক সহায় কৰিব।

সিংহ ৰাশিৰ ৰাশিফল

সম্পত্তিৰ পৰা যথোপযুক্ত লাভৰ মুক দেখিব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে মানসিক বোজাৰ পৰা মুক্তি লাভ কৰিব। ৰাজনীতিৰ সৈতে জড়িতসকলৰ বাবে শুভ। নতুন মানুহৰ সৈতে চিনাকি বাঢ়িব, বিশেষকৈ ডাঙৰ কোনো নেতাৰ সৈতে সাক্ষাৎ হ’ব পাৰে। শাৰীৰিক সমস্যাক লৈ চিন্তিত হ’ব পাৰে।

কন্যা ৰাশিৰ ৰাশিফল

নিজৰ কোনো ভুলৰ বাবে ব্যস্ততা বৃদ্ধি পাব। কোনো কাম পিছত কৰিম বুলি থৈ দিয়াৰ ভুল নকৰিব। ভাতৃ-ভগ্নীৰ মতামতৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰক। বৈবাহিক জীৱন সুখকৰ হ’ব। সংগীৰ পৰা আকাংক্ষিত কোনো উপহাৰ লাভ কৰিব পাৰে।

তুলা ৰাশিৰ ৰাশিফল

আজি আয়-ব্যয়ৰ মাজত ভাৰসাম্য ৰাখিব লাগিব, নহ’লে সমস্যাত পৰিব। ঘৰৰ মেৰামতিৰ পৰিকল্পনা কৰিব পাৰে। সহকৰ্মীৰ আগত কোনো গুৰুত্বপূৰ্ণ তথ্য প্ৰকাশ নকৰিব। আপোনাৰ কোনো ভুলৰ বাবে সহকৰ্মী অসন্তুষ্ট হ’ব। নিজৰ কামত মনোযোগ দিলে সময়মতে সম্পূৰ্ণ হ’ব।

বৃশ্চিক ৰাশিৰ ৰাশিফল

সৌভাগ্যই পূৰ্ণ সংগ দিব। শ্বেয়াৰ মাৰ্কেট বা লটাৰীত বিনিয়োগকাৰীৰ বাবে ভাল দিন। আয় তথা সম্পদ বৃদ্ধি পাব। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ ক্ষেত্ৰত থকা বাধা দূৰ হ’ব। খাদ্যাভ্যাসৰ ক্ষেত্ৰত যত্নৰ আওকাণ নকৰিব। পুৰণি কোনো সমস্যাই দেখা দিব পাৰে।

ধনু ৰাশিৰ ৰাশিফল

আয় তথা সম্পদ বৃদ্ধিয়ে আনন্দিত কৰিব। চাকৰিৰ চেষ্টা চলাই থকাসকলে সুখবৰ লাভ কৰিব। পিতৃৰ পৰামৰ্শ মানি চলিলে সফলতা লাভ কৰিব। পৰিয়ালত নতুন সদস্যৰ আগমনত আনন্দময় পৰিৱেশে বিৰাজ কৰিব। খাদ্যাভ্যাসৰ যত্ন ল’ব লাগিব।

মকৰ ৰাশিৰ ৰাশিফল

সন্তানৰ আচৰণৰ বাবে চিন্তাত পৰিব পাৰে। সামাজিক কামত জড়িত হৈ সন্মান অৰ্জন কৰিব। চুবুৰীয়া লোকৰ বিবাদত জড়িত হোৱাৰ পৰা বিৰত থাকক। অচিনাকি মানুহৰ পৰা দূৰত্ব বৰ্তাই ৰাখক। ধৰ্মীয় কাম-কাজত অংশ লৈ সুপৰিচয় লাভ কৰিব।

কুম্ভ ৰাশিৰ ৰাশিফল

অতিৰিক্ত উপাৰ্জন হ’ব, আৰ্থিক স্থিতি মজবুত হ’ব। চাকৰিৰ সন্ধান চলাই থকাসকলৰ বাবে শুভ। নতুন চাকৰিয়ে নিজৰ লগতে ঘৰৰ পৰিৱেশো আনন্দিত কৰিব। ভাতৃ-ভগ্নীৰ পৰা সম্পূৰ্ণ সমৰ্থন লাভ কৰিব। আন কাৰোবাৰ বাহন চলোৱাৰ পৰা বিৰত থাকক। আকস্মিক ভ্ৰমণৰ সম্ভাৱনা।

মীন ৰাশিৰ ৰাশিফল

সহকৰ্মীৰ লগত মতানৈক্য হ’ব পাৰে। জীৱনসংগীৰ লগত বিবাদ হ’ব পাৰে, ধৈৰ্য ধৰি থকাই উত্তম হ’ব। অচিনাকি লোকৰ ওপৰত ভৰসা নকৰিব। কৰ্মক্ষেত্ৰত কিছু অতিৰিক্ত হেঁচা পৰিলেও কামত সম্পূৰ্ণ মনোযোগ দিব লাগিব। মাতৃৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে।

আপোনাৰো আছে নেকি ডায়েবেটিছৰ সমস্যা, শীতকালত এনে ভুল কৰি নচপাব নিজৰ বিপদ
দ্বিতীয়বাৰ গৰম কৰি খাব নালাগে এইসমূহ খাদ্য! জানক সকলো...
এইসকল লোকে ভুলতো খাব নালাগে ৰঙালাউৰ গুটি! জানক সকলো...
শীতকালত ৰাতি গাখীৰৰ লগত খাওক এই বস্তু, আছে বহু উপকাৰ...