Daily Horoscope: আজি শনিবাৰে এইকেইটা ৰাশিত থাকিব শনি দেৱৰ সুদৃষ্টি! চাওক আজিৰ ৰাশিফল

এই দিনটো গ্ৰহৰাজ শনি দেৱৰ প্ৰতি উছৰ্গিত বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মত শনি দেৱক ‘ন্যায়ৰ দেৱতা’ আৰু কৰ্মফল দাতা হিচাপে জনা যায়। অৰ্থাৎ, এজন ব্যক্তিয়ে কৰা কৰ্মৰ ওপৰত ভিত্তি কৰি তেওঁ উচিত ফল বা দণ্ড প্ৰদান কৰে। চাওক জ্যোতিষত বিশেষ গুৰুত্ব থকা সপ্তাহৰ এই দিনটোৰ ৰাশিফল।

Daily Horoscope: আজি শনিবাৰে এইকেইটা ৰাশিত থাকিব শনি দেৱৰ সুদৃষ্টি! চাওক আজিৰ ৰাশিফল

আজিৰ ৰাশিফল

Published: 

24 Jan 2026 | 06:00 AM

আজি ২৪ জানুৱাৰী, শনিবাৰ। জ্যোতিষ শাস্ত্ৰত শনিবাৰৰ এক বিশেষ আধ্যাত্মিক আৰু জ্যোতিষীয় গুৰুত্ব আছে। এই দিনটো গ্ৰহৰাজ শনি দেৱৰ প্ৰতি উছৰ্গিত বুলি গণ্য কৰা হয়। হিন্দু ধৰ্মত শনি দেৱক ‘ন্যায়ৰ দেৱতা’ আৰু কৰ্মফল দাতা হিচাপে জনা যায়। অৰ্থাৎ, এজন ব্যক্তিয়ে কৰা কৰ্মৰ ওপৰত ভিত্তি কৰি তেওঁ উচিত ফল বা দণ্ড প্ৰদান কৰে। তদুপৰি, শনিবাৰ হ’ল আত্ম-নিৰীক্ষণ আৰু পুৰণি ভুল শুধৰাই জীৱনত আগুৱাই যোৱাৰ দিন। সেয়েহে, আজিৰ দিনটোত যিকোনো কাম আৰম্ভ কৰাৰ পূৰ্বে ধৈৰ্য আৰু নৈতিকতাৰ প্ৰতি চকু ৰখাটো প্ৰয়োজন। চাওক আজিৰ ৰাশিফল।

মেষ ৰাশি

আজি আপোনাৰ দীৰ্ঘদিন ধৰি অসম্পূৰ্ণ হৈ থকা কামসমূহ সম্পূৰ্ণ হ’ব। ব্যৱসায়ত অগ্ৰগতি লাভ কৰিব আৰু উপাৰ্জন বৃদ্ধি হোৱাৰ ফলত পৰিয়ালত সুখ-শান্তি বিৰাজ কৰিব। জীৱনসংগীৰ সৈতে বজাৰৰ পৰিকল্পনা কৰিব পাৰে। আলহীৰ আগমনে ঘৰুৱা পৰিৱেশ আনন্দময় কৰি তুলিব, পিছে খৰচ কিছু পৰিমাণে বৃদ্ধি পাব।

বৃষ ৰাশি

আজি আপোনাৰ বাবে দিনটো মধ্যমীয়া ফলদায়ক হ’ব। কোনো কামৰ বাবে আনৰ ওপৰত নিৰ্ভৰ নকৰিব, অন্যথা সমস্যাৰ সৃষ্টি হ’ব পাৰে। কৰ্মক্ষেত্ৰত আপোনাৰ বিৰুদ্ধে কোনোবাই ষড়যন্ত্ৰ ৰচনা কৰিব পাৰে, গতিকে সাৱধান হওক। সম্পত্তি ক্ৰয়ৰ ক্ষেত্ৰত পিতৃৰ পৰামৰ্শ ল’বলৈ নাপাহৰিব।

মিথুন ৰাশি

শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি শুভ। কোনো পছন্দৰ পাঠ্যক্ৰমত নামভৰ্তিৰ সুযোগ পাব পাৰে। আপোনাৰ পৰিশ্ৰমে আনৰ মন জয় কৰিব। আইনী সমস্যাৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা আছে। নতুন বাহন ক্ৰয়ৰ যোগ দেখা যায়। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰাসকলৰ বাবেও দিনটো লাভজনক।

কৰ্কট ৰাশি

আজি আপুনি আনন্দ-উল্লাসৰ মাজত সময় অতিবাহিত কৰিব। বন্ধু-বান্ধৱীৰ সৈতে সময় কটাব, কিন্তু কামৰ ক্ষেত্ৰত গাফিলতি নকৰিব। মাটি-বাৰী ক্ৰয়-বিক্ৰয়ৰ ক্ষেত্ৰত নথিপত্ৰ ভালদৰে পৰীক্ষা কৰি ল’ব। সন্তানৰ উন্নতিয়ে আপোনাক সুখী কৰিব।

সিংহ ৰাশি

নতুন সম্পত্তি ক্ৰয়ৰ বাবে আজিৰ দিনটো অতি উপযুক্ত। যিকোনো কামতে সফলতা লাভৰ যোগ আছে। সামাজিক কামত জড়িত হোৱাৰ বাবে সন্মান বৃদ্ধি পাব। ভৰিৰ কোনো পুৰণি বিষৰ সমস্যাই আজি অলপ আমনি কৰিব পাৰে।

কন্যা ৰাশি

আজি কথা কওঁতে যথেষ্ট সাৱধান হ’ব লাগিব। আপোনাৰ মন্তব্যই কাৰোবাৰ মনত আঘাত দিব পাৰে। সন্তানৰ আচৰণক লৈ কিছু চিন্তিত হ’ব পাৰে। কৰ্মক্ষেত্ৰত উৰ্ধতম বিষয়াৰ কথাক আওকাণ নকৰিব। ভাতৃ-ভগ্নীৰ পৰা কোনো কথা লুকুৱাই নাৰাখিব।

তুলা ৰাশি

নতুন চাকৰিৰ সুযোগ আহিব পাৰে। জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব। ভাল খোৱা-বোৱাৰ আনন্দ ল’ব পাৰিব আৰু কোনো ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ পাব। পুৰণি ধাৰ পৰিশোধ কৰিবলৈ চেষ্টা কৰিব। কোনো এক বিষয়ত মনত সামান্য চিন্তা থাকিব পাৰে।

বৃশ্চিক ৰাশি

আজি আৰ্থিক লাভৰ যোগ আছে। পাবলৈ থকা ধন ঘূৰাই পাব পাৰে। নতুন কাম আৰম্ভ কৰাৰ সুযোগ পাব। ব্যক্তিগত তথ্য আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন শ্বপিং কৰোঁতে সাৱধান হওক, কাৰণ প্ৰৱঞ্চনাৰ বলি হোৱাৰ সম্ভাৱনা আছে। কাৰোবাক ধাৰলৈ ধন দিয়াৰ পৰা বিৰত থাকক।

ধনু ৰাশি

স্বাস্থ্যৰ দিশত আজি আপোনাৰ দিনটো কিছু দুৰ্বল। জীৱনশৈলীৰ প্ৰতি যত্ন লওক। মাতৃৰ সৈতে কিবা কথাত মনোমালিন্য হ’ব পাৰে, তেওঁক বুজাবলৈ চেষ্টা কৰক। অবিবাহিতসকলৰ বাবে কোনো নতুন সম্পৰ্কৰ সূচনা হ’ব পাৰে। কামৰ সংক্ৰান্তত বাহিৰলৈ যাবলগীয়া হ’ব পাৰে।

মকৰ ৰাশি

আজি খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ দিন। আয় আৰু ব্যয়ৰ মাজত ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰক। অপ্ৰত্যাশিত কিছু খৰচে আপোনাক চিন্তাত পেলাব পাৰে। ৰাজনীতিৰ সৈতে জড়িত লোকসকলে বিৰোধীৰ পৰা সাৱধান হ’ব লাগিব। বাহন চলাওঁতে সতৰ্ক হওক।

কুম্ভ ৰাশি

মনত কিছু খেলিমেলি ভাৱ আহিব পাৰে। কোনো ব্যক্তিৰ সৈতে তৰ্ক-বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ চিন্তিত হ’ব পাৰে। ব্যৱসায়িক কামত সম্পূৰ্ণ মনোযোগ দিলেহে ভৱিষ্যতে লাভান্বিত হ’ব। পৈতৃক সম্পত্তি লাভৰ যোগ আছে।

মীন ৰাশি

দিনটো আপোনাৰ বাবে শুভ। সন্তানৰ চাকৰি সংক্ৰান্তীয় ভাল খবৰ পাব পাৰে। আনৰ ব্যক্তিগত বিষয়ত অযথা হস্তক্ষেপ নকৰিব। ঈশ্বৰৰ ভক্তিৰ প্ৰতি মন ঢাল খাব। চৰকাৰী চাকৰিৰ বাবে প্ৰস্তুতি চলাই থকাসকলে কঠোৰ পৰিশ্ৰম কৰিব লাগিব।

গুপ্তাংগৰ অত্যন্ত গোন্ধ ওলাই নেকি… এয়া কি ৰোগৰ লক্ষণ?
ডাকঘৰৰ এই আঁচনিসমূহে দিব আপোনাক যথেষ্ঠ লাভ, জানক ক'ত কেনেকৈ কৰিব জমা
শীতকালত পেটৰ সুস্বাস্থ্য বজাই ৰাখিবলৈ খাওক এইবোৰ খাদ্য...
এই অভ্যাস ত্যাগ কৰক, কেনেধৰণৰ খাদ্যই কেন্সাৰৰ সম্ভাৱনা হ্ৰাস কৰে ? জানক
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...