Daily Horoscope: আজি ভগৱান হনুমানৰ দিন মঙলবাৰ; ‘সংকটমোচক’ৰ কৃপা পাবনে আপুনি? চাওক ৰাশিফল

জ্যোতিষ শাস্ত্ৰত মঙলবাৰৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। লগতে সনাতন ধৰ্মত মঙলবাৰক সংকটমোচন মহাবীৰ হনুমানৰ দিন বুলিও কোৱা হয়। এই দিনটোত গ্ৰহৰ অৱস্থান অনুকূল থাকিলে ব্যক্তিৰ জীৱনত সফলতা লাভ কৰা সহজ হৈ পৰে। চাওঁ আহক আজি দিনটোৰ ৰাশিফল।

Daily Horoscope: আজি ভগৱান হনুমানৰ দিন মঙলবাৰ; ‘সংকটমোচক’ৰ কৃপা পাবনে আপুনি? চাওক ৰাশিফল

আজিৰ ৰাশিফল

Published: 

20 Jan 2026 | 06:00 AM

আজি ২০ জানুৱাৰী, মঙলবাৰ। জ্যোতিষ শাস্ত্ৰত মঙলবাৰৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়। এই দিনটো সাহস, শক্তি আৰু পৰাক্ৰমৰ কাৰক গ্ৰহ মঙলৰ অত্যন্ত প্ৰভাৱ থাকে বুলি বিশ্বাস কৰা হয়। লগতে সনাতন ধৰ্মত মঙলবাৰক সংকটমোচন মহাবীৰ হনুমানৰ দিন বুলিও কোৱা হয়। জ্যোতিষীসকলৰ মতে, মঙলবাৰৰ দিনটোৱে আমাক কাম কৰাৰ নতুন প্ৰেৰণা আৰু উদ্যম প্ৰদান কৰে। এই দিনটোত গ্ৰহৰ অৱস্থান অনুকূল থাকিলে ব্যক্তিৰ জীৱনত অহা সকলো বাধা-বিঘিনি আঁতৰি যায় আৰু কৰ্মত সফলতা লাভ কৰা সহজ হৈ পৰে। চাওঁ আহক আজি দিনটোৰ ৰাশিফল-

মেষ ৰাশি

আজিৰ দিনটো আপোনাৰ বাবে শুভ হ’ব। নতুন সম্পত্তি কিনাৰ বাবে দিনটো অনুকূল। আপুনি নিজৰ জীৱনশৈলী উন্নত কৰিবলৈ চেষ্টা কৰিব। খৰচ অলপ নিয়ন্ত্ৰণ কৰক যাতে সঞ্চয়ত মনোযোগ দিব পাৰে। পিতৃ-মাতৃৰ আশীৰ্বাদত কোনো স্থবিৰ হৈ থকা কাম সম্পূৰ্ণ হ’ব। স্বাস্থ্যৰ যিকোনো সৰু সমস্যাকে আওকাণ নকৰিব।

বৃষ ৰাশি

আজিৰ দিনটো মিশ্ৰিত ফলদায়ক হ’ব। কামৰ ক্ষেত্ৰত অলপ ধৈৰ্য ধৰক। আনৰ বিষয়ত অহেতুক মাত নামাতিব। যদি আপুনি ভ্ৰমণৰ পৰিকল্পনা কৰিছে, তেন্তে কিছু সময়ৰ বাবে ৰৈ দিয়ক, কাৰণ দুৰ্ঘটনাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সদস্যৰ মাজত একতা বজাই ৰাখিবলৈ চেষ্টা কৰক, নহ’লে অহেতুক কন্দলে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

মিথুন ৰাশি

আজিৰ দিনটো সাৱধান আৰু সতৰ্ক হৈ থকাৰ প্ৰয়োজন। খৰখেদাকৈ কোনো বিপদজনক কামত হাত নিদিব। নতুন বাহন ক্ৰয়ৰ পৰিকল্পনা কৰিব পাৰে। সামাজিক কামত আপুনি এক নতুন পৰিচয় লাভ কৰিব। কোনো পুৰণি লেনদেনে সমস্যাৰ সৃষ্টি কৰিব পাৰে। অচিনাকি ব্যক্তিক অতিমাত্ৰা বিশ্বাস নকৰিব।

কৰ্কট ৰাশি

আজিৰ দিনটো আপোনাৰ বাবে খুবেই ভাল। যি কামতে হাত দিব, তাতে সফলতা লাভ কৰিব। ভাগ্যৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। জীৱনসংগীৰ পদোন্নতি হোৱাৰ যোগ আছে। চাকৰিৰ কামত ভ্ৰমণ কৰিবলগীয়া হ’ব পাৰে। পুৰণি ভুলৰ পৰা শিক্ষা লোৱাটো প্ৰয়োজন। আমোদ-প্ৰমোদৰ নামত কামত গাফিলতি নকৰিব।

সিংহ ৰাশি

আজিৰ দিনটো কিছু চিন্তাগ্ৰস্ত হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আৰ্থিক দিশক লৈ চিন্তা থাকিব পাৰে। পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ প্ৰস্তাৱ চূড়ান্ত হ’ব পাৰে। কৰ্মসংস্থাপন বিচাৰি থকাসকলে নতুন সুযোগ লাভ কৰিব। নিজৰ পৰিশ্ৰমৰ ওপৰত বিশ্বাস ৰাখক আৰু কোনো ভুল পথ বা কামত হাত নিদিব।

কন্যা ৰাশি

আজিৰ দিনটো ব্যস্ততাৰে ভৰা হ’ব। কিছুমান কাম সম্পূৰ্ণ কৰাত বাধা আহিব পাৰে। স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে মনটো বিচলিত হৈ থাকিব পাৰে, গতিকে স্বাস্থ্য পৰীক্ষা কৰাই লোৱাটো ভাল। ঘৰলৈ আলহী অহাৰ বাবে পৰিয়ালৰ সদস্য ব্যস্ত থাকিব। সন্তানৰ ফালৰ পৰা কোনো ভাল খবৰ শুনিবলৈ পাব।

তুলা ৰাশি

আজিৰ দিনটোৱে ইতিবাচক ফলাফল কঢ়িয়াই আনিব। ওচৰ-চুবুৰীয়াৰ সৈতে সু-সম্পৰ্ক গঢ়ি উঠিব, কিন্তু শত্ৰুৰ পৰা সাৱধান থাকিব। কাৰোবাৰ পৰা ধাৰ ল’বলৈ ভাবিছে যদি সেয়া পৰিশোধ কৰাত সমস্যা হ’ব পাৰে। দান-পুণ্যৰ কামত অংশ ল’ব। নতুন সম্পত্তি ক্ৰয়ৰ বাবে বেংকৰ পৰা ঋণ লোৱাৰ পৰিকল্পনা কৰিব পাৰে।

বৃশ্চিক ৰাশি

আজিৰ দিনটোত আপোনাৰ ধন-ধান বৃদ্ধি পাব, যাৰ ফলত আৰ্থিক স্থিতি মজবুত হ’ব। আৱদ্ধ হৈ থকা কামবোৰ সময়মতে সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক। কোনো পুৰণি আইনী গোচৰত অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লাভ কৰিব। যাতায়তৰ সৈতে জড়িত ব্যৱসায়ীসকলে কোনো ডাঙৰ অৰ্ডাৰ পাব পাৰে।

ধনু ৰাশি

আজিৰ দিনটো উন্নতিৰ পথত আগবাঢ়ি যোৱাৰ দিন। কোনো পুৰণি বন্ধুৰ সৈতে বহুত দিনৰ পাছত দেখা কৰি সুখী হ’ব। জীৱনসংগীক লৈ ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ঘৰুৱা কামত অৱহেলা কৰাৰ ফলত সমস্যা বাঢ়িব পাৰে। ছাত্ৰ-ছাত্ৰীসকলে কোনো প্ৰতিযোগিতাত অংশ লোৱাৰ সুযোগ পাব।

মকৰ ৰাশি

আজিৰ দিনটো গুৰুত্বপূৰ্ণ কামৰ বাবে নিৰ্ধাৰিত হৈ থাকিব। ব্যস্ততাৰ মাজতো পৰিয়ালৰ বাবে সময় উলিয়াবলৈ চেষ্টা কৰিব। সন্তানে পঢ়া-শুনাত মনোযোগ নিদিয়াটো পিছলৈ সমস্যাৰ কাৰণ হ’ব পাৰে। বন্ধুৰ ফালৰ পৰা শুভ খবৰ পাব পাৰে। পৰিয়ালৰ সৈতে কোনো মাংগলিক অনুষ্ঠানত যোগদান কৰিব পাৰে।

কুম্ভ ৰাশি

ৰাজনীতিৰ সৈতে জড়িত লোকসকলৰ বাবে আজিৰ দিনটো অতি শুভ। কামৰ জৰিয়তে এক নতুন পৰিচয় লাভ কৰিব। জীৱনসংগীয়ে নতুন চাকৰিৰ বাবে আবেদন কৰিব পাৰে। পাৰিবাৰিক বিষয়ত জ্যেষ্ঠ সদস্যৰ সৈতে আলোচনা কৰাটো প্ৰয়োজন। শ্বেয়াৰ মাৰ্কেটত বিনিয়োগ কৰিবলৈ হ’লে বিশেষজ্ঞৰ পৰামৰ্শ লওক।

মীন ৰাশি

আজি কামত কিছু বাধা আহিব পাৰে, সেয়েহে যিকোনো সিদ্ধান্ত লওঁতে চিন্তা-চৰ্চা কৰক। আনক দেখুৱাবলৈ কোনো খৰচ নকৰিব, নহ’লে অহেতুক ধন ব্যয় হ’ব। স্বাস্থ্যৰ প্ৰতি সজাগ থাকক, কাৰণ পুৰণি বেমাৰে সমস্যাত পেলাব পাৰে। কাৰ্যালয়ত ঊৰ্ধতন বিষয়াই দিয়া দায়িত্বসমূহ নিজে চম্ভালিবলৈ চেষ্টা কৰক।

ব্লাড চুগাৰ নিয়ন্ত্ৰণৰ বাবে খাওক এই খাদ্য...
শীতকালত হাড় শক্তিশালী কৰিবলৈ কি কি খাব?
ৰাতিপুৱা কিয় ৰ'দ ল'ব লাগে ? ইয়াৰ পাঁচটা বিশেষ উপকাৰিতা জানক
হৃদৰোগৰ পৰা আঁতৰি থাকিব বিচাৰেনে? তৎক্ষণাত ত্যাগ কৰক এই তিনিটা অভ্যাস
এজাহাৰ দাখিলৰ পাছতে গ্ৰেপ্তাৰ বিতৰ্কিত শিখা শৰ্মাক
পাৰ্থ সাৰথি মহন্তলৈ ডি. লিট সন্মান
মুম্বাই বিমান বন্দৰত দেখা গ'ল বিৰাট কোহলিক...
এলিভেটেড ক'ৰিডৰৰ বিৰোধিতা গৌৰৱ গগৈৰ...