Daily Horoscope: বছৰৰ অন্তিমটো শনিবাৰে এইকেইটা ৰাশিৰ ওপৰত শনিৰ কোপদৃষ্টি! চাওক আজিৰ ৰাশিফলে কি কৈছে…

শনিবাৰৰ দিনটো কৰ্মফলৰ দাতা শনি দেৱতাৰ নামত উৎসৰ্গা কৰা হয়। সেয়ে এই বৰ্ষটোৰ অন্তিমটো শনিবাৰে শনি দেৱৰ ৰোষৰ পৰা ৰক্ষা পৰাৰ আশা কৰিব সকলোৱে। পিছে সেয়া সম্ভৱ হ’বনে? এই বিষয়ে জানিবলৈ চাওক আজিৰ ৰাশিফল।

Daily Horoscope: বছৰৰ অন্তিমটো শনিবাৰে এইকেইটা ৰাশিৰ ওপৰত শনিৰ কোপদৃষ্টি! চাওক আজিৰ ৰাশিফলে কি কৈছে...

বছৰৰ অন্তিমটো শনিবাৰৰ ৰাশিফল

Published: 

27 Dec 2025 06:00 AM

আজি ২৭ ডিচেম্বৰ, শনিবাৰ। কেৱল ডিচেম্বৰ মাহটোৰে নহয়, চলিত ২০২৫ বৰ্ষৰে অন্তিম শনিবাৰ আজি। গতিকে বছৰৰ অন্তিমটো শনিবাৰ আজি কিদৰে পাৰ হ’ব জানিবলৈ প্ৰতিজন ধৰ্ম বিশ্বাসী লোকেই উৎসুক হ’ব পাৰে। তাতে শনিবাৰৰ দিনটো কৰ্মফলৰ দাতা শনি দেৱতাৰ নামত উৎসৰ্গা কৰা হয়। সেয়ে এই বৰ্ষটোৰ অন্তিমটো শনিবাৰে শনি দেৱৰ ৰোষৰ পৰা ৰক্ষা পৰাৰ আশা কৰিব সকলোৱে। পিছে সেয়া সম্ভৱ হ’বনে? এই বিষয়ে জানিবলৈ চাওক আজিৰ ৰাশিফল-

মেষ ৰাশিৰ ৰাশিফল

আৰ্থিক বিষয়ত অচিনাকি লোকৰ ওপৰত বিশ্বাস নকৰিব। সম্পত্তিৰ ক্ষেত্ৰত কোনো চুক্তি অসম্পূৰ্ণ হৈ আছিল যদি সম্পূৰ্ণ কৰাৰ চেষ্টা কৰক। গুৰুত্বপূৰ্ণ কামত সময় দিয়ক। পৰিয়ালত কোনো কথাত মনোমালিন্য হ’লে আলোচনাৰে সমাধান কৰক। মাতৃৰ স্বাস্থ্যৰ অৱনতি হ’ব পাৰে।

বৃষ ৰাশিৰ ৰাশিফল

আৰ্থিক বিষয়ত শুভ দিন। ব্যৱসায়ত উত্থান-পতনৰ পিছত লাভৰ মুখ দেখিব। আশা অনুসৰি কৰা কামত লাভৱান হ’ব। আইনী বিষয়ত কোনো প্ৰকাৰেই আওকাণ নকৰিব। সন্তানে আপোনাৰ আশা পূৰণ কৰিব। পৰিয়ালৰ সদস্যসকলৰ মাজত সম্পৰ্ক দৃঢ় হ’ব।

মিথুন ৰাশিৰ ৰাশিফল

সামাজিক কোনো অনুষ্ঠানত যোগদান কৰিব। চৌপাশৰ লোকসকলৰ পৰা সাৱধান হওক। একেলগে বহু কাম হাতত লোৱাৰ বাবে ব্যস্ততা বাঢ়িব। আপোনাৰ আশে-পাশে থকা লোকসকলক ভালদৰে চিনি লওক, বেয়া সংগীয়ে বাধা দিব পাৰে। যিকোনো পৰিস্থিতিত ধৈৰ্য বজাই ৰাখক।

কৰ্কট ৰাশিৰ ৰাশিফল

অপ্ৰত্যাশিত লাভে আপোনাক সুখী কৰিব। ব্যৱসায়ত পৰিকল্পনাই আপোনাক লাভৰ মুখ দেখাব। কৰ্মক্ষেত্ৰত আচাৰ ব্যৱহাৰত নিয়ন্ত্ৰণ বজাই ৰাখক। আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা ভাল হ’ব। পৰিয়ালৰ মাজত সু-সম্পৰ্ক বজাই ৰাখক। শিক্ষাৰ্থীৰ বাবে শুভ।

সিংহ ৰাশিৰ ৰাশিফল

নতুন কামৰ পৰিকল্পনা কৰিব। দায়িত্বপূৰ্ণ কামৰ ভাৰ পাব। ৰাজনৈতিক অনুষ্ঠানত অংশ ল’ব। জীৱনসংগীৰ পূৰ্ণ সহায় লাভ কৰিব, ভাতৃ-ভগ্নীৰ পৰাও সমৰ্থন পাব। নতুন সম্পৰ্কৰ পৰা লাভৰ মুখ দেখিব। যিকোনো ক্ষেত্ৰতে দৌৰাদৌৰি নকৰিব। কামত অৱহেলা কৰিলে সমস্যা বৃদ্ধি পাব।

কন্যা ৰাশিৰ ৰাশিফল

ব্যৱসায়ত পাৰ্টনাৰশ্বিপৰ কোনো চুক্তি সম্পূৰ্ণ হ’ব। যিকোনো অসম্পূৰ্ণ কাম সম্পূৰ্ণ কৰক। পুৰণি কোনো সিদ্ধান্তৰ বাবে অনুশোচনা হ’ব। স্বাস্থ্যজনিত সমস্যা বিশেষকৈ দাঁতৰ সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত হ’ব। কৰ্মক্ষেত্ৰত উৰ্ধতন বিষয়াৰ সৈতে মতানৈক্য হ’ব পাৰে।

তুলা ৰাশিৰ ৰাশিফল

ঋণ পৰিশোধৰ চেষ্টা কৰক। পুৰণি ভুলৰ পৰা শিক্ষা ল’ব। এলাহ ভাৱ দূৰ কৰি আগবাঢ়িব লাগিব। পৰোপকাৰী কামত কোনো আগভাগ ল’ব। বিবাহৰ ক্ষেত্ৰত থকা বাধা দূৰ হ’ব। আপোনাৰ কোনো কথাত পিতৃ অসন্তুষ্ট হ’ব পাৰে।

বৃশ্চিক ৰাশিৰ ৰাশিফল

এই ৰাশিৰ লোকে আজি সমস্যাৰ সন্মুখীন হ’ব পাৰে। কাম সময়মতে সম্পূৰ্ণ নহ’লে লোকচানৰ মুখ দেখিব। বাহন চলাওঁতে সাৱধান হওক। জীৱনসংগীৰ কোনো কথাত অৱহেলা নকৰিব, মতানৈক্য হ’ব পাৰে। বন্ধুৰ লগত পাৰ্টিৰ পৰিকল্পনা। জীৱনশৈলীত উন্নতিৰ চেষ্টা কৰিব।

ধনু ৰাশিৰ ৰাশিফল

আৰ্থিক বিষয়ত থকা সমস্যা দূৰ হ’ব। হেৰুওৱা কোনো সামগ্ৰী ঘূৰাই পাব পাৰে। কামত অধিক পৰিশ্ৰম কৰিব। প্ৰেমৰ সম্পৰ্কত থকা লোকসকলে সংগীৰ কথা মতে বিনিয়োগ কৰিব পাৰে। আপোনাৰ কনিষ্ঠৰ পৰা সহায় ল’ব লাগিব।

মকৰ ৰাশিৰ ৰাশিফল

খৰচৰ লগতে সঞ্চয়ত মনোযোগ দিয়ক। ব্যৱসায়ৰ ক্ষেত্ৰত সুখবৰ পাব। বুদ্ধিৰে সিদ্ধান্ত ল’ব লাগিব। জীৱনসংগীৰ লগত মতানৈক্য দূৰ কৰক। পৰিয়ালত আনন্দৰ পৰিৱেশ থাকিব। সন্তানে আপোনাৰ আশা পূৰণ কৰিব। ঘৰলৈ অতিথিৰ আগমন হ’ব পাৰে। পৰোপকাৰী কামত আগভাগ ল’ব।

কুম্ভ ৰাশিৰ ৰাশিফল

আৰ্থিক সংকট দূৰ কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ ল’ব। উপাৰ্জন বৃদ্ধিৰ প্ৰতি মনোযোগ দিয়ক। কামত সমস্যাৰ সন্মুখীন হ’ব পাৰে। চঞ্চলতাৰে বিচাৰ নকৰাকৈ কোনো কামত হাত দিয়াৰ পৰা বিৰত থাকক, লোকচান আৰু অপমানৰ সম্ভাৱনা থাকিব। ভ্ৰমণৰ পৰিকল্পনা কৰিব পাৰে।

মীন ৰাশিৰ ৰাশিফল

ঘৰত কোনো ধৰ্মীয় অনুষ্ঠানৰ আয়োজন কৰিব। আপোনাৰ সন্মান বৃদ্ধি পাব। পৈতৃক সম্পত্তিৰ ক্ষেত্ৰত মতানৈক্য দূৰ হ’ব। স্বাস্থ্যৰ ক্ষেত্ৰত অৱহেলা নকৰিব। পৰিয়ালৰ সদস্যক দিয়া প্ৰতিশ্ৰুতি পূৰ কৰিবলৈ চেষ্টা কৰক। ৰাজনীতিৰ সৈতে জড়িত লোকসকলে ডাঙৰ নেতাৰ সৈতে সাক্ষাৎ পাব।

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...