Daily horoscope: বৃহস্পতিবাৰৰ দিনটোত এই ৰাশিৰ লোকৰ হাতলৈ আহিব ধন! আজিৰ ৰাশিফল…

Daily horoscope: হিন্দু ধৰ্মত জ্য়োতিষ শাস্ত্ৰৰ বিশেষ গুৰুত্ব আছে। জ্যোতিষ শাস্ত্ৰ অনুসৰি ৰাশি ১২ টা আৰু প্ৰতিটো ৰাশিৰ প্ৰতিদিনে বেলেগ বেলেগ যোগ থাকে।

Daily horoscope: বৃহস্পতিবাৰৰ দিনটোত এই ৰাশিৰ লোকৰ হাতলৈ আহিব ধন! আজিৰ ৰাশিফল...

ৰাশিফল

Published: 

06 Mar 2025 06:00 AM

আজি ৬ মাৰ্চ, ২০২৫। আজিৰ দিনটো কিছুমান ৰাশিৰ বাবে অত্যন্ত ভাল ইয়াৰ বিপৰীতে কিছুমানে কিছু প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। জ্যেতিষ শাস্ত্ৰ অনুসৰি ৰাশিফল ১২ টা। তলত আজিৰ ৰাশিফল উল্লেখ কৰা হ’ল-

মেঘ ৰাশিঃ আজিৰ দিনটো আপোনাৰ বাবে বিশেষ হ’ব। বস্তু বাহিনী ক্ৰয় কৰিব পাৰে। পাৰিবাৰিক কথাবোৰত গুৰুত্ব দিব। দিনটোত কোনো ভাল খবৰ লাভ কৰিব পাৰে। ব্যৱসায়ত ভাল। কোনো ভাল অৰ্ডাৰ লাভ কৰিব পাৰে। চৰকাৰী চাকৰি কৰাসকলৰ ব্যস্ততা বাঢ়িব। প্ৰেমত শুভ। কোনো নতুন সম্পৰ্ক গঢ়িব। স্বাস্থ্যত গুৰুত্ব দিব।

বৃষ ৰাশিঃ ঘৰৰ কামত ব্যস্ত থাকিব। কোনো বন্ধুক লগ পাব পাৰে। ভাল সময় পাৰ কৰিব। ঘৰৰ কোনো সদস্যৰ ব্যৱহাৰে মনত অশান্তি দিব পাৰে। ব্যৱসায় ক্ষেত্ৰখনত অধিক কষ্ট কৰাৰ প্ৰয়োজনীয়তা আছে। চাকৰি কৰাসকলে কামত গুৰুত্ব দিব। খৰচৰ ওপৰত গুৰুত্ব দিব। পুৰণি বন্ধুৰ সৈতে হোৱা ভুল বুজাবুজি দূৰ হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।

মিথুন ৰাশিঃ কোনো সম্পৰ্কীয় লোকৰ সৈতে ভুল বুজাবুজি দূৰ হ’ব। প্ৰতিষ্ঠিত লোকৰ সৈতে ঘনিষ্ঠতা বাঢ়িব। ৰাজনৈতিক আৰু সামাজিক দিশত জড়িত ব্যক্তিসকলে কোনো নতুন দায়িত্ব লাভ কৰিব পাৰে।ব্যৱসায়ত ভাল। নিজৰ পৰিকল্পনা আনৰ আগত শ্বেয়াৰ নকৰিব। প্ৰেমত শুভ। পৰিয়ালৰ সৈতে ভাল সময় কটাব।

কৰ্কট ৰাশিঃ টকা বিনিয়োগ কৰাৰ বাবে এয়া উত্তম সময়। প্ৰতিষ্ঠিত কোনো লোকৰ সৈতে সময় কটাব। যুৱসকলে চাকৰিৰ বাবে কোনো সাক্ষাতকাৰ দিলে ভাল খবৰ লাভ কৰিব। চাকৰিৰ যোগ আছে। বিপৰীত লিংগৰ ব্যক্তিৰ পৰা সাৱধানে থাকিব। শিক্ষাৰ্থীসকলে পঢ়া-শুনাত গুৰুত্ব দিয়া দৰকাৰ। ব্যৱসায় ক্ষেত্ৰত সফলতা লাভ কৰিব। প্ৰেমত ভাল। স্বাস্থ্য ভালে যাব।

সিংহ ৰাশিঃ চৰকাৰী কোনো বিষয় আপোনাৰ পক্ষলৈ আহিব পাৰে। বিশেষ বন্ধুক লগ পাব পাৰে। ধৰ্মীয়স্থলত যাত্ৰাৰ সম্ভাৱনা আছে। সন্তানৰ মনোবল ধৰি ৰাখিবৰ চেষ্টা কৰিব। সম্পদ ক্ৰয় কৰাৰ ওপৰত সকলোফালে গুৰুত্ব দিব। চাকৰি কৰা সকলে দিনটো ব্যস্ত থাকিব। ব্যৱসায়ত লোকচানৰ সম্ভাৱনা আছে। বৈবাহিক জীৱন ভাল হ’ব।

কন্যা ৰাশিঃ পাবলগীয়া ধন ঘূৰাই পাব। আৰ্থিক স্থিতি উন্নতি হ’ব। সম্পদ ক্ৰয় কৰাৰ সম্ভাৱনা আছে। আনৰ কাজিয়াত হস্তক্ষেপ নকৰিব। সকলো কথাত খং নকৰিব। ব্যৱসায়ত লাভ হ’ব পাৰে। কোনো গুৰুত্বপূৰ্ণ অৰ্ডাৰ লাভ কৰিব পাৰে। চাকৰিয়াল সকলে দিনটো ব্যস্ত থাকিবষ দাম্পত্য জীৱন সুখৰ হ’ব।। স্বাস্থ্য ভালে যাব।

তুলা ৰাশিঃ সম্পত্তিক লৈ যদি বিবাদ চলি আছে, পৰিত্ৰাণ লাভ কৰিব। আধ্যাত্মিক দিশটোত জড়িত হ’ব পাৰে। লেনদেনৰ ওপৰত গুৰুত্ব দিব। সন্তানৰ কোনো কামে মনত দুখ দিব পাৰে। ব্যৱসায় ভাল বেয়াৰ মাজেৰে চলিব। চাকৰিয়াল সকলৰ বাবে দিনটো ভাল। সংগীৰ সৈতে ভালদৰে চলিব। প্ৰেমত ঘনিষ্ঠতা বাঢ়িব। স্বাস্থ্য ভাল।

বৃশ্চিক ৰাশিঃ কোনো ভাল খবৰ লাভ কৰিব। কোনো বিশিষ্ট ব্যক্তিৰ সৈতে কোনো আলোচনা কৰিব পাৰে। নকৰাত্মক ব্যক্তিৰ পৰা দূৰত থাকিব। গুৰুত্বপূৰ্ণ কথা আনৰ আগত কৈ নিদিব। সন্তানৰ পৰা চিন্তিত হ’ব পাৰে। অনাৱশ্যক খৰচৰ ওপৰত গুৰুত্ব দিয়ক। চাকৰি কৰাসকলে কোনো কামৰ বাবে যাত্ৰা কৰিব পাৰে। স্বাস্থ্য ভালে থাকিব।

ধনু ৰাশিঃ আজি কোনো বিশেষ মানুহক লগ পাব। সামাজিক কামত জড়িত হ’ব পাৰে। সন্তানৰ সমস্যা দূৰ হ’ব। প্ৰয়োজনীয় নথি পত্ৰ আদি ভালদৰে ৰাখিব। খং নকৰিব। ব্যৱসায়ত অধিক পৰিশ্ৰম কৰিব লাগিব পাৰে। চাকৰি পৰিবৰ্তনৰ ভাল সময়। ঘৰত সুখ-শান্তি থাকিব। পৰিয়ালৰ সৈতে ভাল সময় কটাব। প্ৰেমত শুভ। স্বাস্থ্যত গুৰুত্ব দিব।

মকৰ ৰাশিঃ দিনটোত কিছু প্ৰত্যাহ্বান আহিব পাৰে। জ্যেষ্ঠজনৰ সন্মান কৰিব। ধৰ্মীয় বা আন কোনো স্থানত যাত্ৰা কৰিব পাৰে। পৰিয়ালৰ কাৰোবাৰ সৈতে কাজিয়া লাগিব পাৰে। লেনদেনত গুৰুত্ব দিব। নহ’লে লোকচান হ’ব পাৰে। ব্যৱসায়ত গুৰুত্ব দিব। কোনো নতুন কাম আৰম্ভ কৰিব বিচাৰিছে যদি গুৰুত্ব দিয়ক। প্ৰেমত শুভ। স্বাস্থ্য ভাল।

কুম্ভ ৰাশিঃ আজি আপুনি কোনো ভাল সিদ্ধান্ত গ্ৰহণ কৰিব। নিজৰ লক্ষ্যৰ পিনে আগবাঢ়িব। ব্যক্তিগত জীৱনত আনক হস্তক্ষেপ কৰিব নিদিব। শিক্ষাৰ্থীসকলে নিজৰ কামত গুৰুত্ব দিয়া দৰকাৰ। ব্যৱসায়ীসকলে কোনো প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে। কোনোৱে অপমান কৰিব পাৰে। স্বামী-স্ত্ৰীৰ মাজত সম্পৰ্ক ভাল হ’ব। স্বাস্থ্যত গুৰুত্ব দিব।

মীন ৰাশিঃ আজিৰ দিনটো আপুনি ব্যস্ত থাকিব। কোনো কামত আপুনি সফলতা লাভ কৰিব। পৈত্ৰিক সম্পত্তিৰ লগত জড়িত বিবাদ শান্তিৰ সমাধান কৰাৰ চেষ্টা কৰিব। ব্যৱসায়ত কোনো নতুন পৰিকল্পনা তৈয়াৰ কৰাৰ বাবে এয়া উত্তম সময়। চাকৰি কৰা সকলে জ্যেষ্ঠজনৰ কথা মানি চলিব। প্ৰেম ভাল বেয়াৰ মাজেৰে চলিব।

পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey
এয়াৰ ষ্ট্ৰাইক কেৱল নিশাহে কিয় কৰা হয়? ইয়াৰ ৫ টা সুবিধা জানক | Why Air Strike happens in the night mostly India Pakistan Tension
গৰমত চুলি সৰা সমস্যা কিয় বাঢ়ে? ই কি কি ৰোগৰ লক্ষণ?
বৰষুণৰ দিনত কেনেকৈ নিজৰ স্বাস্থ্যৰ যতন ল'ব?