Daily horoscope: আজিৰ দিনটোৰ ৰাশিফল, চাওক কেনে যাব আপোনাৰ দিন…

Daily horoscope:জ্যেতিষ শাস্ত্ৰত মুঠ ১২ টা ৰাশি আছে। প্ৰতিটো ৰাশিৰ প্ৰতিটো দিনত বেলেগ বেলেগ যোগ থাকে। ১৭ অক্টোবৰ বৃহস্পতিবাৰ। হিন্দু ধৰ্মৰ বৃহস্পতিবাৰ বিষ্ণুৰ প্ৰতি সমৰ্পিত বুলি কোৱা হয়।

Daily horoscope: আজিৰ দিনটোৰ ৰাশিফল, চাওক কেনে যাব আপোনাৰ দিন...

আজিৰ দিনটোৰ ৰাশিফল

Published: 

17 Oct 2024 06:15 AM

জ্যেতিষ শাস্ত্ৰত মুঠ ১২ টা ৰাশি আছে। প্ৰতিটো ৰাশিৰ প্ৰতিটো দিনত বেলেগ বেলেগ যোগ থাকে। ১৭ অক্টোবৰ বৃহস্পতিবাৰ। হিন্দু ধৰ্মৰ বৃহস্পতিবাৰ বিষ্ণুৰ প্ৰতি সমৰ্পিত বুলি কোৱা হয়। জ্যোতিষ গণনা অনুসৰি ১৭ অক্টোবৰৰ দিনটো কিছুমান ৰাশিৰ বাবে শুভ আৰু কিছুমানৰ বাবে সামান্য। তলত আজিৰ ৰাশিফল দিয়া হ’ল-

মেঘ ৰাশিঃ মেঘ ৰাশিৰ জাতক-জাতিকাসকলে ঋণৰ পৰা মুক্তি লাভ কৰিব। স্বাস্থ্য ভালে থাকিব আৰু পাৰিবাৰিক জীৱন সুখৰ হ’ব। যাত্ৰাৰ যোগ আছে। কেৰিয়াৰত কিবা সাল-সলনি হ’ব পাৰে। নতুন কামৰ আৰম্ভণিৰ যোগ আছে। পুৰণি বন্ধুক লগ পাব পাৰে। ব্যৱসায়ত ভাল।

বৃষ ৰাশিঃ বৃষ ৰাশিৰ জাতক-জাতিকাই পিতৃৰ সম্পত্তি লাভ কৰিব পাৰে। সংগী বা আত্মীয়ৰ ওপৰত খং উঠিব পাৰে। ব্যৱসায়ৰ লগত জড়িত ভাল খবৰ লাভ কৰিব পাৰে। চাকৰিত সহকৰ্মীৰ সহযোগ লাভ কৰিব। পাৰিবাৰিক জীৱন শুভ আৰু ধাৰ্মিক কামত অংশ লোৱাৰ সম্ভাৱনা আছে।

মিথুন ৰাশিঃ এই ৰাশিৰ জাতক- জাতিকাৰ শৈক্ষিক দিশত ভাল। কিছুমানে ভাল চাকৰি পোৱাৰ সম্ভাৱনা আছে। যাত্ৰাৰ যোগ আছে। কোনোৱে সম্পত্তি ক্ৰয় কৰিব পাৰে। সুখময় হ’ব আজিৰ দিনটো। কিবা কামৰ বাবে কৰা চেষ্টাত সফল হ’ব।

কৰ্কট ৰাশিঃ এই ৰাশিৰ জাতক- জাতিকাসকলৰ আৰ্থিক স্থিতি ভাল হ’ব। চিনিয়ৰে আপোনাৰ প্ৰশংসা কৰিব। ঘৰৰ সদস্যৰ সমৰ্থন লাভ কৰিব। পাবলগীয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। নতুন মানুহ জীৱনলৈ অহাৰ সম্ভাৱনা আছে।

সিংহ ৰাশিঃ এই ৰাশিৰ জাতক-জাতিকাৰ বাবে দিনটো সাধাৰণ থাকিব। চাকৰিত বদলিকৰণ হব পাৰে। আত্মীয়ই কামৰ প্ৰশংসা কৰিব পাৰে। অফিচৰ সহকৰ্মীৰ সৈতে ভালদৰে চলক। চৰকাৰী চাকৰিয়ালৰ পদোন্নতি হোৱাৰ সম্ভাৱনা আছে। শিক্ষাৰ্থীয়ে পঢ়াত গুৰুত্ব দিয়া দৰকাৰ।

কন্যা ৰাশিঃ এই ৰাশিৰ জাতক-জাতিকাসকলৰ আয় বৃদ্ধিৰ যোগ আছে। অফিচত ভাল কাম কৰিব। পাৰিবাৰিক জীৱন সুখকৰ হ’ব। সম্পত্তি ক্ৰয়ৰ যোগ আছে। ব্যৱসায়ত ভাল। ভাই-ভগ্নীৰ লগত সম্পৰ্ক ভালে থাকিব। আৰ্থিক স্থিতি ভাল। পিতৃ-মাতৃৰ স্বাস্থ্যত গুৰুত্ব দিব।

তুলা ৰাশিঃ আৰ্থিক দিশত ডাঙৰ সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে। সমাজত সন্মান বৃদ্ধিৰ যোগ আছে। স্বাস্থ্যৰ যতন লওক। মন শান্ত কৰি ৰাখক। ব্যৱসায়ত ভাল হোৱাৰ সম্ভাৱনা আছে। পুৰণি বন্ধুক লগ পাব। পাৰিবাৰিক জীৱন শুভ। যাত্ৰাৰ যোগ আছে।

বৃশ্চিক ৰাশিঃ সকলো সপোন পূৰণ হোৱাৰ সম্ভাৱনা আছে। ঋণৰ পৰা মুক্তি পাব। সমাজত মান বাঢ়িব। শৈক্ষিক দিশত ভাল। বৈবাহিক জীৱন সুখকৰ হ’ব। ধন- সম্পত্তি বৃদ্ধিৰ যোগ আছে। স্বাস্থ্যৰ যতন লওক। খৰচ বৃদ্ধি হ’ব পাৰে। আয় বৃদ্ধি কৰাৰ বাবে বিকল্পৰ কথা চিন্তা কৰক। পাৰিবাৰিক সমস্যা হ’ব পাৰে।

ধনু ৰাশিঃ কোনো সিদ্ধান্ত গ্ৰহণ কৰিলে চিন্তা কৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাৰ্য সফল হ’ব। উচ্চ শিক্ষাৰ যোগ আছে। পাৰিবাৰিক জীৱন সুখকৰ হ’ব। অফিচত চিনিয়ৰে কোনো ভুলৰ বাবে গালি পাৰিব পাৰে কিন্তু ধৈৰ্য ধৰি থাকিব। হতাশ নহৈ লক্ষ্যত গুৰুত্ব দিয়ক। কামৰ বাবে যাত্ৰাৰ যোগ আছে।

মকৰ ৰাশিঃ দীৰ্ঘদিনীয়া সমস্যা দূৰ হব। মন ভালে থাকিব। পাৰিবাৰিক দিশত কিছু সাল-সলনি হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায়ৰ বাবে ভ্ৰমণৰ যোগ আছে। সম্পত্তি ক্ৰয়ৰ যোগ আছে। সংগীৰ লগত সমস্যা হ’লে কথা-বতৰা পাতি সমাধান কৰাৰ চেষ্টা কৰিব। খং ত্যাগ কৰক। খৰখেদাকৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। স্বাস্থ্যত গুৰুত্ব দিয়ক।

কুম্ভ ৰাশিঃ সংগীৰ সৈতে সম্পৰ্ক ভাল হ’ব পাৰে। স্বাস্থ্যত গুৰুত্ব দিয়ক। আয় বৃদ্ধিৰ বাবে বিকল্পৰ কথা চিন্তা কৰক। শৈক্ষিক দিশত সফলতা লাভ কৰিব । প্ৰেমিক প্ৰেমিকাৰ বাবে আজিৰ দিনটো শুভ।

মীন ৰাশিঃ স্বাস্থ্য ভালে থাকিব। সামাজিক দায়িত্ব বৃদ্ধি হ’ব। পাৰিবাৰিক দিশত ভাল খবৰ লাভ কৰিব। কেৰিয়াৰত ভাল। প্ৰেমিক- প্ৰেমিকাৰ বাবে দিনটো শুভ। যাত্ৰাৰ যোগ আছে। পিতৃৰ স্বাস্থ্যৰ বাবে চিন্তিত হব পাৰে। কেৰিয়াৰত ভাল।

 

(স্পষ্টীকৰণঃ ওপৰোক্ত তথ্যৰ সত্যাসত্য আমাৰ হাতত নাই। জ্যোতিষ শাস্ত্ৰৰ মান্যতা আৰু  বিশ্বাস অনুসৰি এই কথা লিখা হৈছে।এয়া প্ৰয়োগ কৰাৰ আগতে বিশেষজ্ঞৰ সহায় লব পাৰে।)

নিশা আহাৰ গ্ৰহণৰ পিছত কৰক এই ৪টা বিশেষ কাম, আপোনাৰ ওজন হ্ৰাসৰ চেষ্টা হ’ব সফল
গুপ্তাংগৰ সংক্ৰমণ হ'লে কি কি সমস্যাই দেখা দিয়ে? জানক কেনেকৈ দূৰ কৰিব এই সমস্যা
ছাল সতেজ আৰু উজ্জ্বল কৰে জলফাই, আপুনি জানেনে জলফাইৰ উপকাৰিতাৰ বিষয়ে?
খোৱাৰ পিছত পেটৰ সমস্যা? এই ঘৰুৱা উপায়ৰে তৎক্ষণাত উপশম পাব
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...