কোনসকল পুৰুষ সফল স্বামী হ’ব নোৱাৰে? চাণক্যই কৈ গৈছে এইসমূহ লক্ষণ…
চাণক্যই জীৱনকালত বিভিন্ন নীতিৰ বিষয়ে কৈ গৈছে। কোৱা হয়, চাণক্যই মানুহক সফলতাৰ উপায়ৰ পৰা আৰম্ভ কৰি কোন মানুহ কেনে হ'ব লাগে সকলো কৈ গৈছে।

চাণক্য নীতি
চাণক্যক ৰাজনীতি আৰু অৰ্থনীতিৰ আচাৰ্য বুলি কোৱা হয়। তেওঁৰ নীতি আজিও বিখ্যাত। চাণক্যই এনে কিছুমান নীতিৰ বিষয়ে উল্লেখ কৰি গৈছে যাক অনুসৰণ কৰিলে মানুহে সফলতা লাভ কৰিব পাৰে। তেওঁ এয়াও কৈ গৈছে যে, কি ভুলৰ বাবে মানুহৰ জীৱন, ঘৰ আদি ধ্বংস হ’ব পাৰে। চাণক্যৰ মতে, স্বামীৰ কিছুমান ভুলৰ বাবে এখন ঘৰ ধ্বংস হোৱাৰ লগতে বৈবাহিক জীৱন অশান্তিকৰ হৈ পৰে। চাণক্যই কৈ গৈছে যে, কিছুমান পুৰুষ কেতিয়াও সফল স্বামী হ’ব নোৱাৰে, যিয়ে নিজৰ ভুলৰ বাবে বৈবাহিক জীৱনত অশান্তি আনে।
চাণক্যই স্পষ্টকৈ কৈ গৈছে, কেৱল পত্নীয়েই নহয়, স্বামীৰ গুণ আৰু আচৰণেও ঘৰ এখনৰ সুখ নিৰ্ধাৰণ কৰে। কিন্তু পুৰুষসকলৰ কিছুমান ভুলৰ বাবে ঘৰৰ সুখ-শান্তি নোহোৱা হয়। গতিকে পুৰুষসকল সদায় অনুশাসিত, দায়িত্বশীল, ধৰ্মীয় আৰু পত্নীৰ প্ৰতি সন্মানশীল হোৱা উচিত। ইয়ে হৈছে সফল বিবাহৰ গোপন মন্ত্ৰ।
ঘৰ ধ্বংসৰ কাৰণ
পত্নীৰ অপমানঃ চাণক্য নীতি (অধ্যায় ১)ত উল্লেখ আছে যে “স্ত্ৰীনাম উপমানম ন ধোতিয়ম।” অৰ্থাৎ পত্নীক কেতিয়াও অপমান কৰা উচিত নহয়। তেওঁ বিশ্বাস কৰিছিল যে যিসকলে পত্নীক সন্মান নকৰে সেই ঘৰৰ সুখ কেতিয়াও নহয়।
চৰিত্ৰহীনঃ চাণক্য নীতিত (অধ্যায় ২) লিখা আছে, “পৰদাৰভিমানী পুৰুষাঃ নাশম গচ্চতি।” অৰ্থাৎ যিসকল পুৰুষ অন্য নাৰীৰ প্ৰতি আকৰ্ষিত হয় তেনে পুৰুষৰ ধ্বংস নিশ্চিত। ইয়াৰ লগতে পৰিয়ালটো ধ্বংসৰ ফাললৈ গতি কৰে।
পত্নীক সংগী বুলি নভবাঃ চাণক্য নীতি, অধ্যায় ৩ উল্লেখ আছে, “পত্নী মিত্ৰম গৃহস্থ্য।” অৰ্থাৎ পত্নীক পাৰিবাৰিক জীৱনৰ বন্ধু বুলি গণ্য কৰিব লাগে। যিসকলে পত্নীক বোজা বুলি ভাবে, মতক গুৰুত্ব নিদিয়ে তেনে ঘৰৰ উন্নতি কেতিয়াও নহয়।
ধৰ্ম আৰু নিৰাপত্তাঃ চাণক্য নীতিত (৪ অধ্যায়) লিখা আছে যে “পটনি ৰক্ষিত ধৰ্ম্মেণ।” অৰ্থাৎ পত্নীক ৰক্ষা কৰি ভয়মুক্ত পৰিৱেশ দিয়াটো স্বামীৰ কৰ্তব্য। কিন্তু সকলে ইয়াত ব্যৰ্থ হয় তেনে ঘৰ ধ্বংস হৈ যাব পাৰে।
ধন অপচয়ঃ চাণক্য নীতি (অধ্যায় ৫) ত লিখা আছে যে,“যহ স্ত্ৰপমনম কৰোতি, ধনম ব্যক্ত্ৰম ব্যতি, মিত্ৰম ত্যজাতি, সহ শ্বীৰাম নশায়তি।” অৰ্থাৎ পত্নীক অসন্মান কৰি ধন অপচয় কৰিব নালাগে। এনে কৰিলে ঘৰ সোনকালে ধ্বংস হয়। স্বামীয়ে নিজৰ ভুলৰ বাবে ঘৰৰ সুখ-শান্তি শেষ কৰে।
চাণক্যৰ মতে, এই দিনবোৰৰ ওপৰত পুৰুষসকলে গুৰুত্ব দিব লাগে।
অন্য খবৰ পঢ়কঃ Durga puja 2025: দুৰ্গা পূজা কেতিয়া? গঠন হ’ব দুৰ্লভ মহালক্ষ্মী যোগ, কপাল ফুলিব ৩ ৰাশিৰ লোকৰ…