Mahakumbh Naga Sadhu: নাগা সাধুসকলে চুলি কাটিব পাৰেনে? জানক সাধুসকলৰ লগত জড়িত নিয়ম

শৰীৰত ভষ্ম আৰু বিবস্ত্ৰ হৈ সংসাৰৰ মোহ ত্যাগ কৰা নগা সাধুসকলৰ জীৱন অতি কঠিন। বহুতৰে মনত এটা প্ৰশ্নৰ উদয় হয়, নগা সাধুসকলে কিয় দীঘল চুলি ৰাখে আৰু তেওঁলোকে চুলি কাটিব পাৰে নে নোৱাৰে?

Mahakumbh Naga Sadhu: নাগা সাধুসকলে চুলি কাটিব পাৰেনে? জানক সাধুসকলৰ লগত জড়িত নিয়ম

নাগা সাধুসকলে চুলি কাটিব পাৰেনে?

Published: 

15 Jan 2025 | 11:01 PM

Naga Sadhu Life: সাধাৰণ জীৱনৰ পৰা আঁতৰত নাগা সাধুসকলে বিভিন্ন দুৰ্গম স্থানত থকা আশ্ৰমত কঠোৰ অনুশাসনৰ মাজত তেওঁলোকৰ জীৱন যাপন কৰে।

নাগা সাধুসকলে তিনি ধৰণৰ যোগাসন কৰে যি তেওঁলোকৰ বাবে ঠাণ্ডাৰ সৈতে মোকাবিলা কৰাত সহায়ক বুলি প্ৰমাণিত। তেওঁলোকে চিন্তা আৰু খাদ্যাভ্যাস দুয়োটাতে সংযম বজাই ৰাখে। নাগা সাধুসকল সামৰিক পন্থা আৰু সামৰিক ৰেজিমেণ্টৰ দৰে বিভক্ত। ত্ৰিশূল, তৰোৱাল, শংখ আৰু পাইপৰ সহায়ত তেওঁলোকে সামৰিক মৰ্যাদা দেখুৱায়।

এই সাধুসকলক প্ৰায়ে কুম্ভমেলাত দেখা যায়। বিশেষকৈ বহিঃৰাজ্যৰ পৰ্যটকৰ মাজত কুম্ভমেলাত নাগা সাধুসকলৰ বিষয়ে অতি কৌতুহলৰ সৃষ্টি হয়। কোনো বস্ত্ৰ পৰিধান নকৰাৰ বাবে শিৱভক্তসকলক নাগা সাধু দিগম্বৰা বুলিও কোৱা হয়, অৰ্থাৎ যিসকলৰ কাপোৰ কেৱল আকাশ। কাপোৰৰ নামত গোটেই শৰীৰত যজ্ঞৰ ছাই লেপ দিয়া এই সাধুসকলে কুম্ভমেলাত ৰাজস্নানৰ সময়তহে মুকলিকৈ ভক্তৰ সন্মুখত আহে। সাধাৰণতে তেওঁলোকে লোকচক্ষুৰ পৰা দূৰত্ব বজাই ৰাখে।

নাগা সাধুসকলে চুলি কটিব পাৰেনে?

যদি আপুনি জানিব বিচাৰে, যে নগা সাধুসকলে চুলি কাটিব পাৰে নে নোৱাৰে, তেন্তে উত্তৰটো হ’ল – নোৱাৰে। নাগা সাধুসকলে চুলি কাটিব নোৱাৰে আৰু দীঘল কৰিব লাগে। নগা সাধুসকলৰ দীঘল চুলি আৰু জটাৰ দ্বাৰা চিনাক্ত কৰা হয়। নগা সাধুৰ জঁটা ১০ ফুট পৰ্যন্ত দীঘল হ’ব পাৰে। নাগা সাধুসকলে বালি আৰু ছাইৰে জঁটাবোৰ চম্ভালে।

নাগা সাধুসকলে কিয় দীঘল চুলি ৰাখে?

নাগা সাধুসকল ভগৱান শিৱৰ উপাসক। দীঘল চুলি তেওঁলোকৰ আধ্যাত্মিকতা, ধ্যান, তপস্যাৰ লগত জড়িত। দীঘল চুলি থকাটো এজন নাগা সাধুৰ জীৱনশৈলী আৰু পৰিচয়ৰ এটা অংশ। নাগা সাধুসকলে কয় যে, দীঘল চুলিয়ে মগজুলৈ অধিক শক্তি আকৰ্ষণ কৰে আৰু চুলিৰ মাজেৰে মহাজাগতিক শক্তি প্ৰবাহিত হয়। এই কাৰণে দীঘল চুলি ৰাখে আৰু চুলি কটাৰ পৰা বিৰত থাকে, কাৰণ তেওঁলোকে ইয়াক প্ৰকৃতিৰ অংশ বুলি গণ্য কৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব