বুধৰ ৰাশি পৰিৱৰ্তন! ডিচেম্বৰ মাহত ভাগ্য উদয় হ’ব এই ৩ ৰাশিৰ লোকৰ! জানক…

গ্ৰহৰ ৰাশি পৰিৱৰ্তনে বিভিন্ন ৰাশিৰ ওপৰত প্ৰভাৱ পেলায়। জ্যোতিষ শাস্ত্ৰত গ্ৰহ পৰিৱৰ্তনৰ বিশেষ মহত্ব আছে। এই ডিচেম্বৰ মাহতো শুভ হ'বলৈ গৈ আছে কিছু ৰাশিৰ লোকৰ বাবে।

বুধৰ ৰাশি পৰিৱৰ্তন! ডিচেম্বৰ মাহত ভাগ্য উদয় হব এই ৩ ৰাশিৰ লোকৰ! জানক...

বুধ

Published: 

01 Dec 2025 | 02:12 PM

আজিৰ পৰা আৰম্ভ হৈছে ডিচেম্বৰ মাহ। এই সময়খিনি কিছুমান ৰাশিৰ লোকৰ বাবে শুভ হ’ব পাৰে। বুধক গ্ৰহৰ ৰাজকুমাৰ বুলি কোৱা হয়। এই মাহত বুধে গতিপথ সলনি কৰিব। জ্যোতিষ শাস্ত্ৰ অনুসৰি, ডিচেম্বৰ মাহত বুধে ৫ বাৰকৈ গতিপথ সলনি কৰিব। প্ৰথমে ৬ ডিচেম্বৰত সলনি হ’ব বুধৰ গতিপথ। এই সময়চোৱাত বুধ বৃশ্চিক ৰাশিত প্ৰৱেশ কৰিব। প্ৰায় ২৩ দিন এই ৰাশিত থাকিব বুধ।

২৯ ডিচেম্বৰত ই অনুৰাধা নক্ষত্ৰলৈ ট্ৰেনজিট হ’ব। ইফালে ১০ ডিচেম্বৰত অনুৰাধা নক্ষত্ৰ আৰু ২০ ডিচেম্বৰত জ্যেষ্ঠ নক্ষত্ৰত ট্ৰেনজিট কৰিব বুধ। তাৰ পিছত ২৭ ডিচেম্বৰত বুধ ক্ৰান্তীয় নক্ষত্ৰত ট্ৰেনজিট কৰিব। বুধৰ এই পৰিৱৰ্তনে তিনিটা ৰাশিৰ ওপৰত খুব ভাল প্ৰভাৱ পেলাব। তলত ইয়াৰ বিষয়ে সবিশেষ উল্লেখ কৰা হ’ল।

তুলাঃ এই সময়খিনি তুলা ৰাশিৰ লোকৰ বাবে ভাল হ’ব। ভাগ্যই লগ দিব। প্ৰয়োজনীয় কামবোৰ সহজে পূৰ হ’ব। কেৰিয়াৰত উন্নতিৰ যোগ আছে। চাকৰি কৰা লোকসকলে কোনো নতুন দায়িত্ব লাভ কৰিব। ব্যৱসায়ত সফলতা লাভ কৰিব। হাতলৈ ধন অহাৰ সম্ভাৱনা আছে।

সিংহ ৰাশিঃ এই সময়খিনি সিংহ ৰাশিৰ লোকৰ বাবেও ভাল হ’ব। উন্নতিৰ যোগ আছে। কৰ্মক্ষেত্ৰত মৰ্যদা আৰু প্ৰতিপত্তি বৃদ্ধি পাব। শুভ কামত অংশ লোৱাৰ সুযোগ গ্ৰহণ কৰিব। আৰ্থিক দিশত লাভ হোৱাৰ সম্ভাৱনা আছে। হাতলৈ ধন আহিব পাৰে।

মকৰ ৰাশিঃ এই পৰিৱৰ্তন মকৰ ৰাশিৰ লোকৰ বাবে বিশেষ হ’ব পাৰে। হেৰুওৱা আত্মবিশ্বাস বৃদ্ধি পাব। ৰৈ থকা কামবোৰ সম্পূৰ্ণ হ’ব। মনৰ ইচ্ছা পূৰণ হ’ব। কামৰ বাবে ভ্ৰমণ কৰিব পাৰে। হাতলৈ ধন আহিব।

 

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা তথা বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই)

 

অন্য খবৰ পঢ়কঃ হ’ব ধনৰ সমস্যা! মানিবেগত ভুলতো নাৰাখিব এই ৪ বিধ বস্তু, জানক সকলো…

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...