Baba Vanga: যুদ্ধ, ভূমিকম্প…২০২৬ত মহা দুৰ্যোগৰ ইংগিত বাবা ভাংগাৰ! কি কৈছিল?

Baba Vanga prediction 2026: চেৰনোবিল দুৰ্যোগৰ পৰা আৰম্ভ কৰি ৯/১১ৰ আক্ৰমণলৈকে—তেওঁৰ বহু ভৱিষ্যদ্বাণী হুবহু সঁচা হৈছে। এতিয়া ২০২৬ বৰ্ষৰ বাবে তেওঁৰ ভৱিষ্যদ্বাণীই নতুন আশংকাৰ সৃষ্টি কৰিছে। অহা বছৰ কি হ’ব? বাবা ভাঙাৰ ৪টা ডাঙৰ ভৱিষ্যদ্বাণী চাওঁ আহক।

Baba Vanga: যুদ্ধ, ভূমিকম্প...২০২৬ত মহা দুৰ্যোগৰ ইংগিত বাবা ভাংগাৰ! কি কৈছিল?

Baba Vanga Prediction 2026

Updated On: 

27 Dec 2025 19:42 PM

বুলগেৰিয়াৰ এজন অন্ধ তপস্বী বাবা ভাংগা। এই ৰহস্যময়ী মহিলাগৰাকীৰ জন্ম হৈছিল ১৯১১ চনত আৰু মৃত্যু হৈছিল ১৯৯৬ চনত। কিন্তু আজিও তেওঁৰ ভৱিষ্যদ্বাণী সমগ্ৰ বিশ্বতে আলোচনাৰ কেন্দ্ৰবিন্দু হৈ আছে। চেৰনোবিল দুৰ্যোগৰ পৰা আৰম্ভ কৰি ৯/১১ৰ আক্ৰমণলৈকে—তেওঁৰ বহু ভৱিষ্যদ্বাণী হুবহু সঁচা হৈছে। এতিয়া ২০২৬ বৰ্ষৰ বাবে তেওঁৰ ভৱিষ্যদ্বাণীই নতুন আশংকাৰ সৃষ্টি কৰিছে। অহা বছৰ কি হ’ব? বাবা ভাঙাৰ ৪টা ডাঙৰ ভৱিষ্যদ্বাণী চাওঁ আহক।

১/ বিশ্বৰ সাম্প্ৰতিক ৰাজনৈতিক অস্থিৰতাৰ মাজতে বাবা ভাংগাৰ ভৱিষ্যদ্বাণীয়ে জুইত ইন্ধন যোগাইছে। তেওঁ সকীয়াই দিয়ে যে ২০২৬ চনত ইউৰোপ আৰু বিশ্বৰ মহাশক্তিৰ মাজত ভয়ংকৰ সংঘাতৰ সৃষ্টি হ’ব পাৰে।বিশেষকৈ ৰাছিয়া আৰু আমেৰিকাৰ মাজত উত্তেজনা শিখৰত উপনীত হ’ব। তেওঁৰ মতে এই সংঘাতৰ ফলত ইউৰোপ প্ৰায় জনবসতিহীন হৈ পৰিব পাৰে আৰু বিশ্বজুৰি গভীৰ সংকটৰ সৃষ্টি হ’ব পাৰে।

২/ প্ৰযুক্তিৰ আশীৰ্বাদ অভিশাপলৈ পৰিণত হ’ব নেকি? বাবা ভাংগাই ভৱিষ্যদ্বাণী কৰিছিল যে ২০২৬ চনত কৃত্ৰিম বুদ্ধিমত্তা (AI) মানুহৰ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব। মেচিন বা ৰবটে নিজৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা লাভ কৰিব, যিয়ে মানৱ জাতিৰ অস্তিত্বৰ প্ৰতি এক ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব।

৩/ ২০২৬ চনত প্ৰকৃতিও শত্ৰুতাপূৰ্ণ হ’ব। বাবা ভাংগাৰ মতে অহা বছৰ বিশ্বই ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগৰ সাক্ষী হ’ব। ভূমিকম্প, বান, ছুনামী আদি পৰিঘটনাৰ ফলত বিশ্বৰ প্ৰায় ৭-৮ শতাংশ ভূমি ধ্বংস বা ক্ষতিগ্ৰস্ত হ’ব পাৰে। বিশেষকৈ ইউৰোপ আৰু এছিয়াৰ কিছু অংশ এই দুৰ্যোগৰ সন্মুখীন হ’ব পাৰে বুলি আশংকা কৰা হৈছে।

৪/ অৱশ্যো সকলো খবৰ বেয়া নহয়। ২০২৬ বৰ্ষটো চিকিৎসা বিজ্ঞানৰ বাবে এক বৈপ্লৱিক বছৰ হ’ব পাৰে। বাবা ভাংগাৰ ভৱিষ্যদ্বাণী অনুসৰি কেৱল এই বছৰতে বিজ্ঞানীসকলে লেবত কৃত্ৰিম মানৱ অংগ সৃষ্টি কৰিবলৈ সক্ষম হ’ব। ইয়াৰ ফলত অংগ প্ৰতিস্থাপনৰ জটিলতা হ্ৰাস পাব আৰু বহুতৰে জীৱন ৰক্ষা পৰিব।

বাবা ভাংগাৰ এই ভৱিষ্যদ্বাণীবোৰ কিমান সত্য হ’ব সেয়া সময়ে ক’ব। যদিও বিজ্ঞানসন্মত লোকে সেইবোৰক কেৱল অন্ধবিশ্বাস বুলি উলাই কৰে, তথাপিও তেওঁৰ ভক্তসকলে এইবোৰ কথা বিশ্বাস কৰে। সঁচাকৈয়ে ২০২৬ চনত বিশ্বই নতুন যুগৰ আৰম্ভণি দেখিব নে ধ্বংসৰ সীমাত উপনীত হ’ব? অতি সোনকালে ইয়াৰ উত্তৰ পোৱা যাব।

এইবোৰ খাদ্যই বৃদ্ধি কৰে ইউৰিক এচিড, জানক...
তেজত চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে এই ৩টা প্ৰধান লক্ষণে দেখা দিয়ে, সাৱধান হওক...
মদ্যপান কৰাৰ পিছদিনা হেংঅ'ভাৰ ? নতুন বছৰ উদযাপনৰ পূৰ্বে উপশম পোৱাৰ উপায়
চুলিৰ পৰা হাড়লৈ, ক'লা তিলৰ স্বাস্থ্য উপকাৰিতা জানক
বৰদিন উদযাপন মন্ত্ৰী অতুল বৰাৰ
ন্যায় বিচাৰি জুবিন ক্ষেত্ৰলৈ দৌৰ...
বৈভৱ সূৰ্যবংশীলৈ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ...
পশ্চিম কাৰ্বি আংলঙত সেনা-আৰক্ষীৰ ফ্লেগ মাৰ্চ...